Thursday, November 30, 2023

উলংগ নাৰী

মূলঃ দেবব্ৰত জেনা
অনুঃ বিতোপন গগৈ

মোৰ নগ্নতাত নজনাকৈয়ে
উলংগ হৈ গ'ল বহু নাৰী
সেইসকল নাৰী 
যি ভাবে গৰুক মা বুলি
যিসকলে কৰে গো পূজা

গো ৰক্ষাৰ বাবে
তেওঁলোকে ৰাজপথ উত্তাল কৰে
গো ৰক্ষক হৈ তেওঁলোকে
নিজকে হিন্দু শ্বেৰনী বুলি কয়

মোৰ নগ্নতাই কিন্তু
তেওঁলোকৰ বুকু কঁপাব পৰা নাই
সেয়ে এতিয়াও তেওঁলোক
মোৰ বাবে ৰাজপথত নমা নাই
নাই কণ্ঠত এটা প্ৰতিবাদৰ ভাষা

তেওঁলোকে
গৰুৰ মাজত ভগৱান দেখা পায়
মাকক দেখা পায়

কিন্তু
মোৰ মাজত তেওঁলোকে মাক বিচাৰি নাপালে
নাপালে বিচাৰি এজনী ভনী।

২৬ জুলাই, ২০২৩


Sunday, November 26, 2023

আমাৰ কাৰণেই

মূলঃ এম বেৰী
অনুঃ বিতোপন গগৈ

আজি পুৱাই
ইংৰাজী gauze শব্দটো শিকিলো
(মিহিকৈ বোৱা চিকিৎসাত ব্যৱহৃত কাপোৰ)
আৰবী শব্দ غَزَّة
বা ghazzaৰ পৰা আহিছে এইটো
কাৰণ গাজাৰ অধিবাসীসকল
শতিকাজুৰি দক্ষ বয়নশিল্পী

মই তেতিয়া আচৰিত হ'লো

তেওঁলোকৰ বাবেই 
আমাৰ কত যে ক্ষতস্থানত
পটি বান্ধিব পাৰিছো

আৰু আজি
তেওঁলোকৰ কিমান ক্ষতস্থান
পটিহীন উন্মুক্ত হৈ পৰি আছে
আমাৰ কাৰণেই!

১৪ নৱেম্বৰ, ২০২৩

তেল

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

ঈশ্বৰে
স্বৰ্গৰ শেষ চাকিটোৰো
তেলকণ
কেৰাহীত দিবলৈ দিব

যি ঈশ্বৰে
অধৰ্মৰ ওপৰত
ধৰ্মৰ বিজয় ধ্বজ্জা উৰুৱাই
ভাগৰি ঘৰলৈ ওভতি আহিছে
তেওঁতো ইমানখিনি দয়ালু হ'বই যে

স্বৰ্গক আন্ধাৰত ৰাখিও
পৃথিৱীৰ এটা কেৰাহীততো
অকণমান তেল পৰিবলৈ দিব।

১৩ নৱেম্বৰ, ২০২৩

প্ৰশ্ন

মূলঃ মৌমিতা আলম
অনুঃ বিতোপন গগৈ

মই মৰিলো নেকি?
মোৰ দেহৰ পৰা
নিশ্চুপতাৰ গোন্ধ কিয় ওলাইছে?
বিশ্বত এতিয়া দুই ধৰণৰ নিশ্চুপতা আছেঃ
এটা মৃত মানুহৰ
আৰু আনটো
শোষকৰ।

মই কাৰ পক্ষত আছো?

১১ নৱেম্বৰ, ২০২৩

সুখ

মূলঃ শৈল ত্যাগী বে'জাৰ
অনুঃ বিতোপন গগৈ

সুখ তিনিবাৰ আহে
জীৱনলৈ

প্ৰথমবাৰ আহে
আশাৰ বেশেৰে

তাৰপাছত আহে
সান্তনাৰ ৰূপ লৈ

আৰু শেষত
বুজাবুজিৰ চুক্তি হৈ।

১০ নৱেম্বৰ, ২০২৩

বাস্তৱতা

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

দোভাগ নিশা
ফুচফুচাই চৰম সত্যবোৰো
কৈ দিব পাৰি।

সেইবাবেই কৈছো—
কিছু মৰুপ্ৰান্তৰত
বৰষু‍ণ নহয় কোনোদিনেই,
সাগৰৰ পানী
নিমখীয়াই হৈ থাকিব সদায়ে
আৰু
কিছুমান ঘা
নুশুকাই কোনোদিনে।

৫ নৱেম্বৰ, ২০২৩

অপেক্ষা

মূলঃ সাহিৰ লুধিয়ানৱী
অনুঃ বিতোপন গগৈ

জোনটো ম্লান পৰি আছে, আকাশখন নিস্তব্ধ
টোপনিৰ কোলাত পৃথিৱীও নিশ্চুপ

দূৰ দিগন্তত শুকুলা ডাৱৰবোৰে
হাওলি আহি পাহাৰখনক সাৱতি ধৰিছে
ব্যৰ্থ আশা লৈ অন্তৰত
ৰৈ আছো তোমাৰ বাবে 

এই বসন্তৰ ছাঁলৈ গুছি আঁহা
নহ'লে তোমাৰ প্ৰেম থাকে বা নাথাকে
জীৱনটো তোমাৰ ইচ্ছাৰ ওপৰত
কাইলৈকে দয়াৱান হৈ থাকে বা নাথাকে

প্ৰতিদিনৰ দৰে আজি তৰাবোৰ
পুৱাৰ কুঁৱলিত হেৰাই নাযাওক
আঁহা, দুখত জাগি  থকা তোমাৰ দুচকুক
অন্ততঃ এৰাতি শুবলৈ দিয়া

জোনটো ম্লান পৰি আছে, আকাশখন নিস্তব্ধ
টোপনিৰ কোলাত পৃথিৱীও নিশ্চুপ

২৫ অক্টোবৰ, ২০২৩