Monday, June 10, 2013

বিদায় ফাগুন

বিদায় ফাগুন

শেষৰজাক বৰষুণত তিতি তিতি
তই যাবলৈ ওলালি
কাঞ্চনজনীক ভৰুণ কৰি থৈ
তই বৰ দুষ্ট
ফাগুন
পলাশ শিমলু মদাৰ
আৰু কাৰ কাৰ লগত যে তই
প্ৰেমৰ খেলা নেখেলিলি!
আজি তই যাবলৈ ওলালি
সকলোৰে বুকুত প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ ৰঙ সানি...

মৃতজীৱী


▌▌মই মৃতজীৱী
মৃত্যুৰ কোলাতে
প্ৰাণ পাই উঠো মই
ৰূপকথাৰ সেই ফিনিক্সৰ
ময়ে শ্বাশ্বত ৰূপ
ধ্বংসস্তুপ বিদাৰি
অংকুৰিত হওঁ মই
"সৃষ্টি বাবেই ধ্বংস"ৰ
ময়েই জলন্ত প্ৰমাণ ▌▌


ডাৱৰীয়া

ডাৱৰীয়া

আজিকালি আকাশখন
বৰকৈ গোমা হৈ থাকিব ধৰিছে
অভিমানৰ কলীয়া ডাৱৰে
ক্ৰমশঃ ঢাকি ধৰিছে আকাশখন
কাৰণ
এতিয়া অভিমানবোৰ বৰষুণ হৈ
সৰিব খুজিও সৰিব নোৱাৰা হৈছে...

দুখ

«« দুখ »»

দুখবোৰ উজাই আহিছে
ন-পানীৰ মাছৰ দৰে
উদাস উদাস বতাহ এজাকে
দুখবোৰক নিচুকাইছে আহি
এজাক বৰষুণ অহা হ'লে!
চকুপানীবোৰো সাহসী হৈ উঠিলহেঁতেন
জিৰি জিৰি দুটি নিজৰা হোৱাৰ জোখাৰে

► বিতোপন গগৈ

Monday, February 18, 2013

নিমন্ত্ৰণ

নিমন্ত্ৰণ (বিতোপন গগৈ)

আপোনাৰ চহৰলৈ আহিছেনে বাৰু
ফাগুন
মোৰ গাঁৱলৈ আহিলে কিন্তু
লঠঙা গছবোৰ
সেউজীয়া হোৱাৰ আশা লৈ

মোৰ গাঁৱত
মলয়াৰ কোমল পৰশত
হালিজালি নাচে
কোনোবা গাভৰুৰ
আউসী ৰাতি যেন চুলিটাৰি
আপোনাৰ চহৰত চাগে
ধূলিৰ নৃশংস নৃত্যত
গাৰ্নিৰ্য়েৰ কৰা চুটি চুলিৰ গাভৰুবোৰে
মুখত ৰুমাল দি
ঘূৰি ফুৰে ফাগুনক বিচাৰি

মোৰ গাঁৱত পলাশৰ জুয়ে
হাত মেলে আকাশৰ ডাৱৰলে
আপোনাৰ চহৰৰ ধূসৰিত আকাশেদি
বিষাদৰ হাঁহি মাৰি
আঁতৰি যায় ফাগুনী মলয়া চাটি

মোৰ গাঁৱত শুনো
সোনোৱালী সোনগুটিৰ সতে বিচ্ছেদিত
উদং পথাৰৰ ব্যথিত হৃদয়ৰ উচুপনি
বাৰিষাতে হেনো পথাৰখন
প্ৰেমত পৰিছিল সেউজী ধাননিৰ
আজি নাই তাৰ কাষত প্ৰেয়সী
আপোনাৰ চহৰত হয়তো
মটৰ গাড়ীৰ কাণ তাল মৰা আৰ্তনাদ
শুকাই চিৰাল ফাত দিয়ে
অনুভূতিৰ সাগৰ

মোৰ সমগ্ৰ গাঁও জুৰি
নাচি থাকে শিমলু মদাৰৰ
হৃদয় জ্বলি যোৱা হাঁহি
আপোনাৰ চহৰত
বাদুলি উলমাদি উলমি ৰয়
এয়াৰটেল এয়াৰচেলৰ নিৰ্জীৱ হ’ৰ্ডিংবুৰ
মেগা টক টাইমৰ বিজ্ঞাপন দি

সেইবাবে আপুনি ছাগে
গমেই নাপায়
ফাগুন অহাৰ কথা
বাতৰি কাকততহে লয়
ফাগুন অহাৰ বতৰা

এইবাৰ ফাগুনত
আহিবচোন আমাৰ গাঁৱলে
চাই যাব
পছোৱাৰ সতে ফাগুনৰ
মাতাল নাচোন
শুনি যাব ফাগুনৰ মুখেৰে
এফাঁকি কবিতা-
“মোকতো পোৱাই চিনি
মই যে ফাগুন
অঁকৰা কবিৰ সতে
চুপতি মৰাৰ বাবে
মোৰতো বহুত বদনাম”

(অনুভৱ.অৰ্গত প্রকাশিত)
 http://anubhab.org/2013/02/%E0%A6%A8%E0%A6%BF%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%A3-%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%8B%E0%A6%AA%E0%A6%A8-%E0%A6%97%E0%A6%97%E0%A7%88/

Sunday, January 27, 2013

জাপিসজীয়াৰ এসন্ধ্যা


জাপিসজীয়াৰ এসন্ধ্যা

জাপিসজীয়া বিলৰ
ৰান্ধনি বেলিটোৱে
চুমিলেহি আহি
তোৰ বুকুৰ পানীগছা
আৰু মই
ক্ৰমশঃ হেৰাই যাব ধৰিলো
সাধুকথাৰ সেই জলকুঁৱৰীৰ
চকুলোৰ সোঁতত

দুৰণিৰ পানী যুঁৱলিত
সৌটো কি ?
জলকুঁৱৰী ! জলকুঁৱৰী !!

খেজুৰ জোপাই দি বগুৱাবাই
নামি আহিল বেলিটো
শৰালি জাকৰ লগতে যাম বুলি
খদম্ দম্ লগালে
বুকুত হেঙুলীয়া ৰং সানি থৈ

পানীবনৰ বাগিছাত
নাচি ফুৰা
ৰূপালী পখিলাবোৰে
বেঢ়ি ধৰিছে সাঁকো ডাল
সাঁকোৰ ইপাৰে এখন নদী
সিপাৰে এখন নদী

বাঁহনি তলৰ
গো-বাটটোৱেদি আহি
পাটিদৈবোৰৰ মাজত
লুকাই আছেহি জোনটো
সন্ধ্যাৰ সৈতে আজি
তাৰ গোপন অভিসাৰ

বতাহজাকে আহিনৰ গানটো
গায় গায় আহি
কহুৱানি ডৰাতে জিৰাইছেহি
শীতৰ সৰাপাত গচকি
উদাসী ফাগুনৰ বুকুত
জুই ফুল ফুলাবলে
যাবলৈ আৰু বহুদুৰ আছে বাকী

Tuesday, January 1, 2013

ভালপোৱা

 ভালপোৱা

ৰাতিটো আকুলতাৰে ৰৈ আছে
জুৰুলি জুপুৰি হৈ
বৰষুণজাকত তিতাৰ হেঁপাহেৰে
তৰাবোৰে অভিমানতে মুখ লুকুৱালে-
'কিয় আমাৰ আন্তৰিকতাৰ পোহৰক
থেলি দিবা আন্ধাৰলে'
জোনটোৱে মুখ ওন্দোলাই
এতিয়াও ৰৈ আছে
সি যে ৰাতিটোক ভাল পায়
বুকুৰ জোখাৰে...

১১।১২।২০১২