Sunday, January 27, 2013

জাপিসজীয়াৰ এসন্ধ্যা


জাপিসজীয়াৰ এসন্ধ্যা

জাপিসজীয়া বিলৰ
ৰান্ধনি বেলিটোৱে
চুমিলেহি আহি
তোৰ বুকুৰ পানীগছা
আৰু মই
ক্ৰমশঃ হেৰাই যাব ধৰিলো
সাধুকথাৰ সেই জলকুঁৱৰীৰ
চকুলোৰ সোঁতত

দুৰণিৰ পানী যুঁৱলিত
সৌটো কি ?
জলকুঁৱৰী ! জলকুঁৱৰী !!

খেজুৰ জোপাই দি বগুৱাবাই
নামি আহিল বেলিটো
শৰালি জাকৰ লগতে যাম বুলি
খদম্ দম্ লগালে
বুকুত হেঙুলীয়া ৰং সানি থৈ

পানীবনৰ বাগিছাত
নাচি ফুৰা
ৰূপালী পখিলাবোৰে
বেঢ়ি ধৰিছে সাঁকো ডাল
সাঁকোৰ ইপাৰে এখন নদী
সিপাৰে এখন নদী

বাঁহনি তলৰ
গো-বাটটোৱেদি আহি
পাটিদৈবোৰৰ মাজত
লুকাই আছেহি জোনটো
সন্ধ্যাৰ সৈতে আজি
তাৰ গোপন অভিসাৰ

বতাহজাকে আহিনৰ গানটো
গায় গায় আহি
কহুৱানি ডৰাতে জিৰাইছেহি
শীতৰ সৰাপাত গচকি
উদাসী ফাগুনৰ বুকুত
জুই ফুল ফুলাবলে
যাবলৈ আৰু বহুদুৰ আছে বাকী

Tuesday, January 1, 2013

ভালপোৱা

 ভালপোৱা

ৰাতিটো আকুলতাৰে ৰৈ আছে
জুৰুলি জুপুৰি হৈ
বৰষুণজাকত তিতাৰ হেঁপাহেৰে
তৰাবোৰে অভিমানতে মুখ লুকুৱালে-
'কিয় আমাৰ আন্তৰিকতাৰ পোহৰক
থেলি দিবা আন্ধাৰলে'
জোনটোৱে মুখ ওন্দোলাই
এতিয়াও ৰৈ আছে
সি যে ৰাতিটোক ভাল পায়
বুকুৰ জোখাৰে...

১১।১২।২০১২