নিমন্ত্ৰণ (বিতোপন গগৈ)
আপোনাৰ চহৰলৈ আহিছেনে বাৰুফাগুন
মোৰ গাঁৱলৈ আহিলে কিন্তু
লঠঙা গছবোৰ
সেউজীয়া হোৱাৰ আশা লৈ
মোৰ গাঁৱত
মলয়াৰ কোমল পৰশত
হালিজালি নাচে
কোনোবা গাভৰুৰ
আউসী ৰাতি যেন চুলিটাৰি
আপোনাৰ চহৰত চাগে
ধূলিৰ নৃশংস নৃত্যত
গাৰ্নিৰ্য়েৰ কৰা চুটি চুলিৰ গাভৰুবোৰে
মুখত ৰুমাল দি
ঘূৰি ফুৰে ফাগুনক বিচাৰি
মোৰ গাঁৱত পলাশৰ জুয়ে
হাত মেলে আকাশৰ ডাৱৰলে
আপোনাৰ চহৰৰ ধূসৰিত আকাশেদি
বিষাদৰ হাঁহি মাৰি
আঁতৰি যায় ফাগুনী মলয়া চাটি
মোৰ গাঁৱত শুনো
সোনোৱালী সোনগুটিৰ সতে বিচ্ছেদিত
উদং পথাৰৰ ব্যথিত হৃদয়ৰ উচুপনি
বাৰিষাতে হেনো পথাৰখন
প্ৰেমত পৰিছিল সেউজী ধাননিৰ
আজি নাই তাৰ কাষত প্ৰেয়সী
আপোনাৰ চহৰত হয়তো
মটৰ গাড়ীৰ কাণ তাল মৰা আৰ্তনাদ
শুকাই চিৰাল ফাত দিয়ে
অনুভূতিৰ সাগৰ
মোৰ সমগ্ৰ গাঁও জুৰি
নাচি থাকে শিমলু মদাৰৰ
হৃদয় জ্বলি যোৱা হাঁহি
আপোনাৰ চহৰত
বাদুলি উলমাদি উলমি ৰয়
এয়াৰটেল এয়াৰচেলৰ নিৰ্জীৱ হ’ৰ্ডিংবুৰ
মেগা টক টাইমৰ বিজ্ঞাপন দি
সেইবাবে আপুনি ছাগে
গমেই নাপায়
ফাগুন অহাৰ কথা
বাতৰি কাকততহে লয়
ফাগুন অহাৰ বতৰা
এইবাৰ ফাগুনত
আহিবচোন আমাৰ গাঁৱলে
চাই যাব
পছোৱাৰ সতে ফাগুনৰ
মাতাল নাচোন
শুনি যাব ফাগুনৰ মুখেৰে
এফাঁকি কবিতা-
“মোকতো পোৱাই চিনি
মই যে ফাগুন
অঁকৰা কবিৰ সতে
চুপতি মৰাৰ বাবে
মোৰতো বহুত বদনাম”
(অনুভৱ.অৰ্গত প্রকাশিত)
http://anubhab.org/2013/02/%E0%A6%A8%E0%A6%BF%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%A3-%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%8B%E0%A6%AA%E0%A6%A8-%E0%A6%97%E0%A6%97%E0%A7%88/