Friday, September 29, 2017

হীৰুদাৰ ছবিৰ অমূল্য সংগ্ৰহ


প্ৰেম আৰু ৰ'দালিৰ কবি হীৰেন ভট্টাচাৰ্য। হয়, হীৰুদাক সকলোৱে কবি বুলিয়ে জানে। বহুতে জানে, হয়তু নাজানে তেখেত এগৰাকী চিত্ৰশিল্পীও আছিল। তেখেতে অংকন কৰা কেইখনমান চিত্ৰ সংৰক্ষিত হৈ আছে গোলাঘাটত। এই চিত্ৰ কেইখনৰ সংগ্ৰাহক গোলাঘাটৰ পিকুমনি দত্ত এগৰাকী কলা ৰসিক, অধ্যয়নশীল ব্যক্তি৷ তেওঁ ছাত্ৰাৱস্থাত নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন (AISF)ৰ সৈতে জড়িত আছিল৷ নব্বৈ দশকত ছাত্ৰ ফেডাৰেচনৰ ৰাজ্যিক সম্পাদকৰ দায়িত্ব লৈ গুৱাহাটীৰ ৰাজগড়স্থিত ভাৰতৰ কমিউনিষ্ট পাৰ্টি(CPI)ৰ কাৰ্যালয়ত থাকিবলৈ লৈছিল৷ হীৰুদাও ছাত্ৰাৱস্থাত ছাত্ৰ ফেডাৰেচনৰ কৰ্মী আছিল৷ উল্লেখযোগ্য যে অসমৰ প্ৰথম আৰু ভাৰতবৰ্ষৰ দ্বিতীয়টো ছাত্ৰ সংগঠন ’অসম ছাত্ৰ সন্মিলন’ ১৯৩৯ চনত এই নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ অন্তৰ্ভুক্ত হৈছিল৷ কবি হীৰেন ভট্টাচাৰ্য সুদীৰ্ঘকাল বাওঁপন্থী আন্দোলনৰ সৈতে জড়িত আছিল৷ সেই সূত্ৰে তেখেত কিছু বছৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সদস্য আছিল৷ কিন্তুু খেয়ালী মনৰ কবি হিচাপে তেওঁ পাৰ্টিৰ অনুশাসনৰ মাজত আবদ্ধ হৈ থাকিবলৈ নিবিছাৰিলে যদিও হীৰুদা আমৃত্যু কমিউনিষ্ট পাৰ্টিৰ কামকাজৰ সৈতে জড়িত হৈ আছিল৷ সেই সুত্ৰে পাৰ্টিৰ কাৰ্যালয়লৈ তেওঁ আহযাহ আছিল৷ আনহাতে হীৰুদাৰ ঘৰ কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা কেইশমিটাৰ মান দুৰতে হোৱাৰ বাবে পুৱা বাতৰি কাকত পঢ়িবৰ বাবে তেওঁ নিতৌ পাৰ্টিৰ কাৰ্যালয়লৈকে আহিছিল৷ হীৰুদাৰ সৈতে পিকুমনি দত্তৰ আগৰ পৰাই সম্পৰ্ক আছিল যদিও পাৰ্টি কাৰ্যালয়ত থাকিবলৈ লোৱাৰ পৰা ঘণিষ্ঠতা বাঢ়িছিল৷ সেই ঘণিষ্ঠতা সুত্ৰে তেওঁ হীৰুদাক অতি নিবিড় ভাবে পাইছিল৷ কলাৰসিক, অধ্যয়নশীল দত্তৰ লগত হীৰুদাই আড্ডা দি ভাল পাইছিল৷ সেই সময়ত দত্তইও ছবি আঁকিছিল৷ তেওঁ নিজৰ বাবে আনি থোৱা কেনভাছতে হীৰুদাই কেতিয়াবা তুলিকা বুলাইছিল৷ এই ছবিসমূহ হীৰুদাই এক্ৰিলিক মাধ্যমত ১৯৯২ চনৰ পৰা ১৯৯৭চনৰ মাজৰ সময় চোৱাৰ আঁকিছিল৷ এনেদৰেই কমিউনিষ্ট পাৰ্টিৰ কাৰ্যালয়তে বহুকেইখন ছবিয়ে হীৰুদাৰ হাতত প্ৰাণ পায় উঠিছিল আৰু সেইবিলাক তাতে এৰিছিল৷ সেই ছবি সমূহ পিকুমনি দত্তৰ সংগ্ৰহত থাকি গৈছিল৷ ছবি সমূহ দত্তৰ পৰা বিভিন্নজনে লৈ যোৱাৰ উপৰি বিভিন্ন ঠাই ঘূৰি ফুৰাৰ ফলত আৰু যত্নৰ অভাৱত বহু ছবি নষ্ট হৈ গ’ল৷ তাৰে এইকেইখন ছবি পিকুমনি দত্তৰ সংৰক্ষণত থাকি গ’ল৷ অনুসন্ধান কৰিলে আন লোকৰ হাততো হীৰুদাৰ দুই-চাৰিখন ছবি উলাব৷ হীৰুদাৰ এই ছবি সমূহ আমাৰ বাবে অমূল্য সম্পদ৷
(হীৰুদাই ছবি সমূহৰ নাম দিয়া নাছিল যদিও চৰাইৰ ছবিখনৰ নাম কমলাকান্ত ভট্টাচাৰ্যৰ গীতৰ কলিৰে “চৰাই হালধীয়া“ দিছিল৷ )







http://www.xahitya.org/2017/07/17/%E0%A6%B9%E0%A7%80%E0%A7%B0%E0%A7%81%E0%A6%A6%E0%A6%BE%E0%A7%B0-%E0%A6%9B%E0%A6%AC%E0%A6%BF%E0%A7%B0-%E0%A6%85%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A7%8D%E0%A6%AF-%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A7%8D/ 

No comments:

Post a Comment