Thursday, July 26, 2018

কবিতা

১                         
গোট মাৰি বৰফ হোৱা
বিষাদবোৰ বুকুত সাৱটি ল'ম
কুহুমীয়া চকুলোৰে তপতাম
তোমাৰ হিমশীতল হৃদয়
দুখবোৰ যদি পি পেলাওঁ নীলকণ্ঠ হৈ
মোৰ কি আহে যায়!


চকুলোৰ ঢৌত উটিবলৈ নাসাজো দিয়া বালিঘৰ
বুকুত সাজিম সৰুকৈ এটা বাহ
চিৰদিন চিৰকাল সেউজীয়া হৈ থকা
হেঁপাহবোৰ চিলা সাজি উৰাওঁ আহা
মাথো সূতাডাল তুমি ধৰিবা টানকৈ
চিলাই যদি উৰি গৈ আকাশ চুৱেগৈ
তাত মোৰ দোষ ক'ত!


বুকুৰ ভাষাৰে কথা পাতিবলৈ শিকা
দেখিবা নিসংগ নহয় হৃদয়ৰ বাট
নিৰৱতাই হৃদয়ৰ শ্ৰেষ্ঠ ভাষা
যদি তুমি নৈঃশব্দিক নদী সাৱটিব জানা

পুনশ্চঃ
ফাগুন বৰ অহংকাৰী জানা!
বুকুত জুইফুল ফুলাই হাঁহে সমগ্ৰ আকাশ জুৰি
ফাগুনৰ ৰঙবোৰ সকলোৰে প্ৰিয়
অথচ কোনোৱে সাৱটিব নিবিচাৰে বুকুত

ফাগুন জুৰ মলয়া
সকলোৰে হৃদয় জুৰায়
থিতাপি নলয় কাৰোৰে বুকুত
(ফাগুন যে অহংকাৰী!)

কবিতা

《১》
বিষাদবোৰ গোট মাৰি বৰফ হওক দিয়া
হিমশীতল হৈ যদিও পৰে হৃদয়
তোমাৰ কি আহে যায়!

《২》
চকুলোৰ ঢৌত উটি যাওক দিয়া হেঁপাহৰ বালিঘৰ
হেঁপাহবোৰ যদি সমাধিস্থ হয় মোৰ বুকুতে
তাৰ বাবে তুমি দায়ী ক'ত!

《৩》
নিসংগতাই নিচুকাওক দিয়া মোক
নিবিচাৰাই যদি বুলিব হৃদয়ৰ বাট
একাকীত্বই সাৱটি থাকক মোৰ চৌপাশ!

বিঃদ্ৰঃ
এনে হোৱাৰতো কথা নাছিল
হৃদয় যদি ৰাঙলী নহয় ভালপোৱাৰ ৰঙেৰে
ৰঙবোৰ বিয়পাইছিলা কিয়?
ফাগুনপ্ৰিয় মানুহৰ হেনো ৰঙাও প্ৰিয়?

প্ৰস্তাৱ

Thursday, July 5, 2018

সংস্কাৰ কাৰ্যসূচী আৰম্ভ কৰক।


২৫ জুন, ২০১৮ সংখ্যাৰ আমাৰ অসমৰ আমাৰ কথাত প্ৰকাশিত। 

পেডমেনৰ জাগৰণ আৰু ১২ শতাংশ জিএছটি

১২ ফেব্ৰুৱাৰী সংখ্যাৰ দৈনিক জনমভূমিৰ ই-পৃথিৱী পৃষ্ঠাত প্ৰকাশিত। 

Tuesday, July 3, 2018

মই হ'ব খোজো তোমাৰ ভেলেণ্টাইন

মই হ'ব খোজো তোমাৰ ভেলেণ্টাইন
মোৰো প্ৰিয় ফাগুন তোমাৰ দৰেই
সন্ধিয়াৰ ধূলিয়ৰি বাটতো বিচাৰি লওঁ
পছোৱাৰ চঞ্চল আকুলতা
তুমি নজনাকৈয়ে ফাগুনৰ উদাসীনতাৰো
মই আজন্ম প্ৰেমিকা

মই হ'ব খোজো তোমাৰ ভেলেণ্টাইন
ভাল পাঁও হেমন্তৰ বুকুত নিয়ৰৰ ৰুণজুন নুপূৰ
হেমন্তৰ হালধীয়া সৰাপাতত লিখো মই
বুকুৰ অযুত সেউজীয়া সপোন

তুমি বিচৰাৰ দৰেই
ৰঙা গোলাপ প্ৰিয় নহ'লেও
মোৰ বুকুতো ফুলি আছে এপাহ জুইফুল
জানো, কলিজাৰ এটুকুৰা কেঁচা ঘা ৰঙা চাহৰ ইতিহাস
বুকুৰ তেজেৰে আঁচুফুল নাবাচিলেও
যাচিব পাৰিম তোমাক হেঁপাহৰ বুটাবচা
তোমাৰ খোজত খোজ মিলাই
চামিল হ'ব পাৰিম ৰঙা পতাকাৰ মিচিলত
য'ত প্ৰতিধ্বনিত হয় অগণন লাল চালাম

মই হ'ব খোজো তোমাৰ ভেলেণ্টাইন
তোমাৰ দৰেই সপোন দেখো
এদিন পুৱা উদয় হ'ব এক তেজৰঙা সূৰ্য্য
যাৰ জিলমিল পোহৰে গাব মানুহৰ মুকুতিৰ জয়গান!!

বি মাই ভেলেন্টাইন!

তুমি যদি মোৰ ভেলেন্টাইন হ'ব খোজা
তুমি ফাগুন ভাল পাব লাগিব
শুনা পাব লাগিব
শুকান নৰানীত বাজি থকা ৰু ৰু বাঁহীৰ মাত
উদাস উদাস ভাৱ এটা তুমি
সাৱতি ল'ব জানিব লাগিব

তুমি যদি মোৰ ভেলেন্টাইন হ'ব খোজা
হেমন্তৰ প্ৰতিখিলা পাত তুমি ভাল পাব লাগিব
হেমন্তৰ বুকুত তুমি বসন্ত দেখিব লাগিব
হেমন্তৰ প্ৰতিখিলা পাতেই যে একোপাহ ফুল
তুমি বুজি পাব লাগিব

আটাইতকৈ গুৰুত্বপূৰ্ণ কথা
তুমি যদি মোৰ ভেলেন্টাইন হ'ব খোজা
তুমি ৰঙা ৰং ভাল পাব লাগিব
তুমি চিনিব লাগিব
মোৰ বুকুত আজীৱন ফুলি থকা ৰঙা ফুলপাহ
তুমি জানিব লাগিব
তোমাৰ হাতৰ ফিকা চাহকাপ কাৰ তেজেৰে ৰঙা
তুমি বাচিব জানিব লাগিব
বুকুৰ তেজেৰে গামোচাৰ আঁচুফুল
তুমি ঠিয় দিব পাৰিব লাগিব
ৰঙা পতাকাৰ মিচিলত
য'ত গোৱা হয় মানু়হৰ মুকুতিৰ জয়গান!