Tuesday, July 3, 2018

বি মাই ভেলেন্টাইন!

তুমি যদি মোৰ ভেলেন্টাইন হ'ব খোজা
তুমি ফাগুন ভাল পাব লাগিব
শুনা পাব লাগিব
শুকান নৰানীত বাজি থকা ৰু ৰু বাঁহীৰ মাত
উদাস উদাস ভাৱ এটা তুমি
সাৱতি ল'ব জানিব লাগিব

তুমি যদি মোৰ ভেলেন্টাইন হ'ব খোজা
হেমন্তৰ প্ৰতিখিলা পাত তুমি ভাল পাব লাগিব
হেমন্তৰ বুকুত তুমি বসন্ত দেখিব লাগিব
হেমন্তৰ প্ৰতিখিলা পাতেই যে একোপাহ ফুল
তুমি বুজি পাব লাগিব

আটাইতকৈ গুৰুত্বপূৰ্ণ কথা
তুমি যদি মোৰ ভেলেন্টাইন হ'ব খোজা
তুমি ৰঙা ৰং ভাল পাব লাগিব
তুমি চিনিব লাগিব
মোৰ বুকুত আজীৱন ফুলি থকা ৰঙা ফুলপাহ
তুমি জানিব লাগিব
তোমাৰ হাতৰ ফিকা চাহকাপ কাৰ তেজেৰে ৰঙা
তুমি বাচিব জানিব লাগিব
বুকুৰ তেজেৰে গামোচাৰ আঁচুফুল
তুমি ঠিয় দিব পাৰিব লাগিব
ৰঙা পতাকাৰ মিচিলত
য'ত গোৱা হয় মানু়হৰ মুকুতিৰ জয়গান!

No comments:

Post a Comment