Thursday, July 26, 2018

কবিতা

১                         
গোট মাৰি বৰফ হোৱা
বিষাদবোৰ বুকুত সাৱটি ল'ম
কুহুমীয়া চকুলোৰে তপতাম
তোমাৰ হিমশীতল হৃদয়
দুখবোৰ যদি পি পেলাওঁ নীলকণ্ঠ হৈ
মোৰ কি আহে যায়!


চকুলোৰ ঢৌত উটিবলৈ নাসাজো দিয়া বালিঘৰ
বুকুত সাজিম সৰুকৈ এটা বাহ
চিৰদিন চিৰকাল সেউজীয়া হৈ থকা
হেঁপাহবোৰ চিলা সাজি উৰাওঁ আহা
মাথো সূতাডাল তুমি ধৰিবা টানকৈ
চিলাই যদি উৰি গৈ আকাশ চুৱেগৈ
তাত মোৰ দোষ ক'ত!


বুকুৰ ভাষাৰে কথা পাতিবলৈ শিকা
দেখিবা নিসংগ নহয় হৃদয়ৰ বাট
নিৰৱতাই হৃদয়ৰ শ্ৰেষ্ঠ ভাষা
যদি তুমি নৈঃশব্দিক নদী সাৱটিব জানা

পুনশ্চঃ
ফাগুন বৰ অহংকাৰী জানা!
বুকুত জুইফুল ফুলাই হাঁহে সমগ্ৰ আকাশ জুৰি
ফাগুনৰ ৰঙবোৰ সকলোৰে প্ৰিয়
অথচ কোনোৱে সাৱটিব নিবিচাৰে বুকুত

ফাগুন জুৰ মলয়া
সকলোৰে হৃদয় জুৰায়
থিতাপি নলয় কাৰোৰে বুকুত
(ফাগুন যে অহংকাৰী!)

No comments:

Post a Comment