Wednesday, February 27, 2019

ৰঙা গাখীৰ


মূলঃ বিকি মহেশ্ৰী
অনুবাদঃ বিতোপন গগৈ
আকাশত বোমা এটা জলমলাই উঠিল
কণমানিটোৱে সুধিলে মা সেয়া কিহৰ উদযাপন
মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে
আকাশত আকৌ এটা বোমা জলমলাই উঠিল
কণমানিটোৱে সুধিলে মা দেউতা কেতিয়া আহিব
মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে
আৰু এটা বোমা
কণমানিটোৱে সুধিলে মা ইমান বিকট শব্দ ক'ৰ পৰা আহিছে
মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে
আকৌ এটা বোমা
আৰু এটা
আৰু এটা
আৰু এটা
আৰু এটা
আৰু এটা
চৌদিশে মেচিনগানৰ শব্দ
টেংকৰ ঘৰঘৰনি
আকাশত ফাইটাৰ জেটৰ নিনাদ
কণমানিটোৱে আৰ্তনাদ কৰি উঠিল
মা মই তোমাক দেখা নাই
মা মই উশাহ ল'ব পৰা নাই
মা মোক ভালকৈ সাৱটি ধৰা
মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে
মাকে কণমানিটোক বুকুত সাৱটি
গাখীৰ খোৱাবলৈ ধৰিলে
এটা গুলিয়ে তাইৰ বুকু ভেদ কৰি গ'ল
আৰু তাইৰ বুকুৰ গাখীৰখিনি
বৰণ সলাই ৰঙা হৈ পৰিল
কোন মৰিল?
মানুহ
মানৱতা
তেন্তে জীয়াই থাকিল কোন?
মানুহ
মাত্ৰ মানুহ!