Saturday, May 11, 2019

বিদায় কমৰেড


(কমৰেড দ্ৰুপদ বৰগোঁহাইলৈ শ্ৰদ্ধাঞ্জলি)

বুকুত ৰঙা পতাকাখন সাৱতি
কমৰেড শুই আছে নিৰৱে

এদিন এই ৰক্ত পতাকা উৰোৱায়ে
তেওঁ নাঙলৰ সীৰলুৱেদি এছেম্বলী পাইছিলগৈ
চাইকেলেৰে বাট বুলিয়ে দেশৰ সংসদত তেওঁ
হালোৱা হজুৱাৰ অধিকাৰৰ কথা কৈছিলগৈ

আজি তেওঁ ভাগৰুৱা
শুৱাৰ পৰা উঠি তেওঁ আৰু উৰাব নোৱাৰে
মুক্তিৰ ৰঙা পতাকা

তেওঁৰ কমৰেড সকলৰ হাতত গুজি দি গৈছে
শোষিতজনৰ মুক্তিৰ সপোনটো
ভৱিষ্যতৰ কমৰেড সকলৰ বাবে

ৰঙা পতাকাখন সাচি ৰাখিব লাগিব
সেই দিনটোলৈ
যিদিনা শোষিতজনৰ বুকুত ফুলিব
'মুক্তিৰ ৰঙা ৰঙা ফুল'

যিদিনা মুক্তিৰ ৰঙা পতাকা উৰিব
সেইদিনা তুমি শুৱাৰ পৰা আকৌ উঠিবা
তেতিয়ালৈ বিদায় কমৰেড
তোমাক অযুত লাল চালাম