Wednesday, June 19, 2019

মুজফ্ফৰপুৰ

মূলঃ প্ৰিয়ংকা বাঞ্চাল
অনুবাদঃ বিতোপন গগৈ

শিতানত বহি কি কৰি আছা
মই আৰু সাৰ নাপাওঁ মা
উশাহ লওঁতে বৰ কষ্ট
সৰ্বশৰীৰ যন্ত্ৰণা কাতৰ মা

আন্ধাৰে খেদি আহিছে মোক
সাৱতি ধৰি থাকা মা
মই এতিয়া শুই আছো
উঠিব নোৱাৰো মা

এতিয়া আৰু খেলিব নোৱাৰো মা
পুতলাৰ দৰা-কইনা
মই নাথাকিলে তুমিয়ে সিহঁতক
ভালদৰে খুৱাবা-শুৱাবা মা

তোমাৰ মৰমীয়াল হাতেৰে
আৰু খাব নোৱাৰো মা
মই যে এতিয়া আৰু উঠিব নোৱাৰো মা

তোমাৰ চোতাল এতিয়া
সদায় পৰিষ্কাৰ হৈ থাকিব মা
মই আৰু তাত গছ পাত নিসিঁচো মা
তুমি মচি নিয়া মজিয়াত
আৰু মোৰ খোজৰ চিন নবহে মা

আলনাৰ কাপোৰবোৰ
তুমি আৰু সদায় জাপিব নালাগে মা
টেবুলৰ বস্তুবোৰো
তুমি থোৱাৰ দৰেই থাকিব মা
মই আৰু সাৰ নাপাওঁ মা

সদায় অভিমান কৰিছিলা তুমি
আমনি কৰিছিলা মোক
আজি মই অভিমান কৰিছো
আজীৱন আমনি কৰিম তোমাক

মোৰ চুলিৰ মাজেৰে বোলাই দিয়া
তোমাৰ মৰমৰ স্পৰ্শ
অনুভৱ কৰিব পৰা নাই মা
আজি কিজানি মই
বেছিয়েই গভীৰ টোপনি গ'লো মা

তুমি এতিয়া যোৱাগৈ মা
মই আৰু সাৰ নাপাওঁ মা
দেউতাক মাতি দিয়া
শেষ বাৰৰ বাবে
শুনি লওঁ তেওঁৰ মৰমৰ গালি
তাৰপাছত মই চিৰদিনৰ বাবে
টোপনি যাওঁ মা

No comments:

Post a Comment