আজিৰ দিনত এক আপুৰুগীয়া সম্পদ। যাৰ আছে তেঁও সবাতোকৈ চহকী।
লাগিলে তেঁও ধনেৰে দুখীয়াই হওঁক। আৰু আজিৰ ঘটনাটোৱে মোক সঁচাই ভবাই তুলিলে।
ঘটনাটো ঠিক এনেধৰণৰ.....
আমাৰ ইয়াত দেওবাৰে সাপ্তাহিক বজাৰ বহে আৰু আমাৰ এই অঞ্চলটোৰ এটা নিয়ম যে কোনোবাই কাৰোবাৰ ঘৰত বা বাৰীত বা খেতি পথাৰত বা বাগানত কাম কৰি পাবলগীয়া টকাকেইটাই হওঁক, বা ক্ষুদ্ৰ চাহ খেতিয়কসকলে চাহপাতৰ বাবে পাবলগীয়া টকাকেইটাই হওঁক সকলোৱে দেওবাৰে ৰাতিপুৱাহে পায়। আৰু সকলোৱে বজাৰলৈ যায়। আজিও আমাৰ ঘৰত একো ব্যতিক্ৰম নহ'ল। এজন মানুহ আহিল আমাৰ ঘৰলৈ দুপৰীয়া সময়ত। পথাৰত আলি দিয়াৰ বাবদ পাবলগীয়া টকাকেইটা নিবলৈ। ঘৰত কেৱল ভণ্টি আৰু মই। বহিবলৈ দি ঠাণ্ডা পানী এগিলাচ যাচিলো। বাহিৰত ভীষণ ৰ'দ। মোক ক'বলৈ ধৰিলে "কালি আলি দি সম্পূৰ্ণ নহ'ল। মোৰ জ্বৰ উঠিলে। আজি সন্ধিয়াকৈ বেজী এটা লৈ কাইলৈ পুৱাই আলি কেইটা দি শেষ কৰিম। আৰু পাঁচ গজ বাকী আছে। টকা দুশমান নিবলে আহিলো। " --শুনি বেয়া লাগি গ'ল। কিন্তু উপায়োতো নাই। এদিন কাম নকৰিলেও যে তেঁওলোকৰ চৌকাত জুই নজ্বলে। দেউতালে ফোন লগালো। টকা চাৰিশ দিবলে ক'লে। তেঁওক টকাকেইটা যাচি ক'লো, দেউতাই চাৰিশ দিবলে কৈছে। তাৰ উত্তৰত তেঁও যি ক'লে শুনি মই আৰু ভণ্টিয়ে মাথো ইজনীয়ে সিজনীৰ চকুলৈ চাই থৰ হ'লো। তেঁও ক'লে, "আজি চাৰিশ নিনিও। আলি দি শেষ নাইহোৱা। আৰু পাঁচগজ আছেই নহয়। বাকী দুশ কাইলৈ কাম কৰি আহি লৈ যামহি। কাম শেষ নকৰাকে পইচা নিবলে বেয়া লাগে নহয়। "

(ভাবিলো আজিও সমাজত এনেবোৰ মানুহ আছে বাবেই আমি মানুহ বুলি গৌৰৱ কৰিব পাৰিছো।)
ৰীতা শইকীয়া
৩১/০৭/১৬
ৰীতা শইকীয়া
৩১/০৭/১৬
No comments:
Post a Comment