মূলঃ অমৃতা প্ৰীতম
অনুঃ বিতোপন গগৈ
মই তোমাক আকৌ লগ পাম
ক'ত কেনেকৈ নাজানো
কিজানি তোমাৰ কল্পনাৰ প্ৰেৰণা হৈ
তোমাৰ কেনভাছলৈ নামি আহিম
অথবা তোমাৰ কেনভাছত
এডাল ৰহস্যময়ী ৰেখা হৈ
নিঃশব্দে তোমাক চাই থাকিম
নহ'লে বেলিৰ পোহৰ হৈ
তোমাৰ ৰংবোৰৰ সৈতে মিলি যাম
অথবা ৰঙৰ বোকোচাত উঠি
তোমাৰ কেনভাছ সাৱতি থাকিম
নাজানো ক'ত কেনেকৈ
কিন্তু তোমাক আকৌ লগ পাম
নহ'লে মই বসন্ত হ'ম
ঝৰ্ণাৰ পানী যেনেকৈ বতাহত উৰে
মই তেনেকৈ পানীৰ টোপাল
তোমাৰ দেহত ছটিয়াম
আৰু এক শীতল অনুভৱ হৈ
তোমাৰ বুকুত সোমাম
মই আৰু একো নাজানো
কিন্তু এইটো জানো যে
সময়ে যিয়েই কৰক
এইটো জনম মোৰ সৈতে যাব
এই দেহ শেষ হ'লেই
সকলো শেষ হৈ যায়
কিন্তু স্মৃতিৰ সূতা
ব্ৰহ্মাণ্ডৰ একোটা মুহূৰ্তৰ দৰে
মই সেই মুহূৰ্তবোৰক বাচি ল'ম
সেই সূতাবোৰক সামৰি ল'ম
মই তোমাক আকৌ লগ পাম।
২ ফেব্ৰুৱাৰী, ২০২২
No comments:
Post a Comment