Thursday, November 30, 2023

উলংগ নাৰী

মূলঃ দেবব্ৰত জেনা
অনুঃ বিতোপন গগৈ

মোৰ নগ্নতাত নজনাকৈয়ে
উলংগ হৈ গ'ল বহু নাৰী
সেইসকল নাৰী 
যি ভাবে গৰুক মা বুলি
যিসকলে কৰে গো পূজা

গো ৰক্ষাৰ বাবে
তেওঁলোকে ৰাজপথ উত্তাল কৰে
গো ৰক্ষক হৈ তেওঁলোকে
নিজকে হিন্দু শ্বেৰনী বুলি কয়

মোৰ নগ্নতাই কিন্তু
তেওঁলোকৰ বুকু কঁপাব পৰা নাই
সেয়ে এতিয়াও তেওঁলোক
মোৰ বাবে ৰাজপথত নমা নাই
নাই কণ্ঠত এটা প্ৰতিবাদৰ ভাষা

তেওঁলোকে
গৰুৰ মাজত ভগৱান দেখা পায়
মাকক দেখা পায়

কিন্তু
মোৰ মাজত তেওঁলোকে মাক বিচাৰি নাপালে
নাপালে বিচাৰি এজনী ভনী।

২৬ জুলাই, ২০২৩


1 comment: