মূলঃ হো চি মিন
অনুঃ বিতোপন গগৈ
'কাৰাগাৰৰ এটা দিন হাজাৰ বছৰ দীঘল যেন লাগে'
নিসন্দেহে! কিমান সঠিক আছিল আমাৰ পূৰ্বজ
চাৰিটা মাহৰ অমানৱীয় জীৱনেই
দহ বছৰ বয়স বঢ়াই মোক বুঢ়া কৰি দিলে
নিসন্দেহে!
যোৱা চাৰিটা মাহ মই নামমাত্ৰ আহাৰ খাই পাৰ কৰিছো
যোৱা চাৰিটা মাহৰ এটা দিনো মই গভীৰ টোপনি যাব পৰা নাই
যোৱা চাৰিটা মাহ সলোৱা নাই মই কাপোৰ
যোৱা চাৰিটা মাহ ধোৱা নাই মই গা
সেইবাবে
এটা দাঁত সৰি গ'ল
পকি গ'ল বেছিখিনি চুলিয়ে
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে খজুৱতি
লেৰেলি শুকাই যোৱা পাচলিৰ দৰে
মই ভোকাতুৰ প্ৰেত
সৌভাগ্যবশতঃ
জেদী আৰু স্থিতপ্ৰজ্ঞ মই
এক ইঞ্চিও পিছুৱাই যোৱা নাই
শাৰীৰিক ভাবে ভাগি গৈছো
মোৰ মন কিন্তু কেতিয়াও
পিছ হোঁহকি নাহে।
১৯ মে', ২০২৩
No comments:
Post a Comment