Tuesday, April 28, 2020

সকলো মনত হ'ব

মূলঃ আমিৰ আজিজ
অনুবাদঃ বিতোপন গগৈ

সকলো মনত ৰখা হ'ব
সকলোবোৰ মনত ৰখা হ'ব
তহঁতৰ লাঠি আৰু গুলিৰে
যি সকল বন্ধুক হত্যা কৰা হ'ল
সিহঁতৰ স্মৃতিৰে
আমাৰ হৃদয় জ্বলাই ৰখা হ'ব

আমি জানো
তহঁতে চিঁঞাহীৰে অসত্য লিখিবি
কিন্তু সত্যও লিখা হ'ব
সেয়া আমাৰ তেজেৰেই নহওক কিয়

মোবাইল ইণ্টাৰনেট টেলিফোন
ভৰ দুপৰীয়াই বন্ধ কৰি
ঘনঘোৰ আন্ধাৰ নিশা
সমগ্ৰ চহৰ নজৰবন্দী কৰি
হাতত হাতুৰী লৈ
ঘৰলৈ নিৰ্বিঘ্নে সোমাই আহি
মোৰ সহজ-সৰল জীৱনটোক
তচনচ কৰা
মোৰ প্ৰিয়তমাক
মাজ ৰাস্তাত মাৰি থৈ গৈ
ভিৰৰ মাজত ঠিয় হৈ
নিৰ্লিপ্ত ভাৱে হাঁহি থকা
এই সকলো মন ৰখা হ'ব
সকলোবোৰ মনত ৰখা হ'ব

দিনৰ পোহৰত সমুখত মিঠা মিঠা কথাৰে
হাঁহি হাঁহি সকলো ঠিকে আছে বুলি কৈ
আন্ধাৰ হোৱাৰ লগে লগে
অধিকাৰ বিচৰা সকলৰ ওপৰত
লাঠি গুলি চলোৱা
আমাৰ ওপৰত আক্ৰমণ কৰি
আমাকে আক্ৰমণকাৰী সজোৱা
এই সকলো মনত ৰখা হ'ব
সকলোবোৰ মনত ৰখা হ'ব

এইকথাও মনত ৰখা হ'ব
কি কি ধৰণে তহঁতে
দেশ ভঙাৰ ষড়যন্ত্ৰ কৰিছ
আৰু এইকথাও মনত ৰখা হ'ব
কি কি ধৰণে আমি
দেশ ৰক্ষাৰ চেষ্টা কৰিছো

সকলো মনত ৰখা হ'ব
যেতিয়াই ভীৰুতাৰ কথা কোৱা হ'ব
তেতিয়া তহঁতৰ কাম মনত ৰখা হ'ব
আৰু যেতিয়া জীৱন যুঁজৰ কথা কোৱা হ'ব
আমাৰ কথা মনত ৰখা হ'ব
মনত ৰখা হ'ব যে
কিছু মানুহ আছিল
যাৰ দৃঢ়তাক লোহাৰ হাতুৰীৰেও
ভাঙিব পৰা নাছিল
যাৰ আত্মাক কিনিব পৰা নাছিল
শাসনৰ ঠিকাদাৰে
কিছু মানুহ আছিল
ধুমুহা আহি গুছি যোৱালৈ
যি মাটি খামুচি থিয় হৈ আছিল
যি জীয়াই আছিল
নিজৰ মৃত্যুৰ খবৰ অহাৰ পাছতো

চকুৱে পলক পেলাবলৈ পাহৰি যাব পাৰে
পৃথিৱীয়ে আৱৰ্তন কৰিবলৈ পাহৰি যাব পাৰে
কিন্তু আমাৰ কটা দুভৰিৰ শিপাক
আৰু ভগা কণ্ঠৰ মাতক
মনত ৰখা হ'ব
সকলো মনত ৰখা হ'ব
সকলোবোৰ মনত ৰখা হ'ব

তহঁতে আন্ধাৰ লিখ
আমি পোহৰ লিখিম
জেলত ভৰা
আমি দেৱালতো লিখিম
এফআইআৰ লিখ
আমিও সাজু লিখিম

তহঁতে আমাক হত্যা কৰ
আমি প্ৰেতাত্মা হৈ লিখিম
হত্যাৰ সকলো প্ৰমাণ লিখিম
তহঁতে আদালতত ব্যংগ লিখ
আমি দেৱালত ন্যায় লিখিম
এনেকৈ ক'ম যে কলাইও শুনিব
এনেকৈ লিখিম যে অন্ধইও পঢ়িব
তহঁতে ক'লা কমল লিখ
আমি ৰঙা গোলাপ লিখিম
পৃথিৱীত তহঁতে অত্যাচাৰ লিখ
আমি আকাশত বিপ্লৱ লিখিম

সকলো মনত ৰখা হ'ব
সকলোবোৰ মনত ৰখা হ'ব
যাতে তহঁতৰ নামত ধিক্কাৰ দিয়া হয়
যাতে তহঁতৰ মৰিশালিত
সেই কলংক লিখি ৰখা হয়
তহঁতৰ নাম
তহঁতৰ মৰিশালি
সকলো বিলাক সংৰক্ষিত কৰি ৰখা হ'ব
যাতে তহঁতৰ নাম ঘৃণাৰে মনত পেলোৱা হয়

সকলো মনত ৰখা হ'ব
সকলো কথাই মনত ৰখা হ'ব

Sunday, January 5, 2020

আমি চাই ল'ম

মূলঃ ফেইজ আহমদ ফেইজ
অনুবাদঃ বিতোপন গগৈ

আমি চাই ল'ম
নিশ্চিত ভাৱেই আমিও চাই ল'ম
সেই দিন, যি দিনৰ প্ৰতিশ্ৰুতি দিয়া হৈছে
যি কথা লিখা হৈছে সময়ৰ দীঘলীয়া পাতত

স্বৈৰতন্ত্ৰৰ বিশাল পাহাৰ
যি দিনা শিমলু তুলা হৈ উৰি যাব
নিষ্পেষিত জনতাৰ ভৰিৰ তলত
যি দিনা পৃথিৱী থৰ থৰ কঁপিব
আৰু আমাৰ শাসকৰ মূৰৰ ওপৰত
যি দিনা বিজুলীয়ে অট্টহাস্য কৰিব

যি দিনা ঈশ্বৰৰ ঘৰৰ পৰা
ভণ্ড ঈশ্বৰক উলিয়াই পঠিওৱা হ'ব
সিদিনা আমি ঈশ্বৰৰ নিষিদ্ধ উপাসক
গাদীত বহিম
সকলো ৰাজ মুকুট দলিয়াই পেলাম
আৰু সিংহাসন বগৰাই দিম

মাত্ৰ নাম থাকিব ঈশ্বৰৰ
যি আছেও নাইও
যি প্ৰদৰ্শকো দৰ্শকো
সকলোতে গুঞ্জৰিত হ'ব "ময়ে সত্য"
যি ময়ো আৰু তুমিও
আৰু শাসন কৰিব ঈশ্বৰৰ প্ৰকৃত সন্তানে 
যি মইও আৰু তুমিও

দেশ

সিহঁতে ক'লে
"কথা নক'বি, জেলত পচিবি"
আমি চিঞৰেৰে গগন ফালিলো
যি চিঞৰ আজি সমগ্ৰ দেশৰ মুখে মুখে

সিহ‌ঁতে ক'লে
"নিলিখিবি, গুলিয়াই মগজু উৰাই দিম"
আমি কবিতাৰে-গানেৰে জ্বলালো একোৰা জুই
যি জুই আজি জনতাৰ বুকুৱে বুকুৱে

সিহঁতে ক'লে
"ৰাজপথত নানামিবি, ওপৰেৰে টেংক চলাই দিম"
আমি ৰাজপথত মানুহৰ ছুনামি আনিলো
উটি হ'ল সিহঁতৰ টেংক

জনতাৰ কণ্ঠৰ শক্তি
সিহঁতে দেখা নাই
সীমাহীন ক্ষমতা পালো বুলি
সিহঁতে আমাক গচকিব বিচাৰে

অজস্ৰ গোলা-বাৰুদ
সহস্ৰ অস্ত্ৰৰ মাজতো
আজি কিন্তু সিহঁত থৰ হৰি ত্ৰস্তমান
জনতা আজি জাগ্ৰত

৩০ ডিচেম্বৰ, ২০১৯

মুক্তিবোধ

মূলঃ বিকি মহেশ্ৰী
ভাবানুবাদঃ বিতোপন গগৈ

ধুমুহাৰ জুলনাত তুমি ঝুলা
জুই হৈ তুমি ফুলা
ছহিদ হ'বলৈ তুমি নাচি উঠা
হে জনতা নিয়ৰক নহয়
ৰক্তিম পুৱাক তুমি চুমা খোৱা

নিজ হাতেৰে পাহাৰ ভাঙা
বোৱাই আনা নদী
কাটি উলিওৱা পথ
জীৱন পি পিয়াহ মাৰা

ভাত তোমাক বেদে নিদিয়ে
কাম তোমাক কোৰাণে নিদিয়ে
ভাষা তোমাৰ ধৰ্ম
মা তোমাৰ কৰ্ম
যুদ্ধ তুমি ভাতৰ বাবে কৰা
যুদ্ধ তুমি মাৰ বাবে কৰা

জীৱনৰ বাবে যুদ্ধ
মাথো বিকল্প
তুমি যুঁজিবা
তুমি জিকিবা

২১ ডিচেম্বৰ, ২০১৯

Wednesday, June 19, 2019

মুজফ্ফৰপুৰ

মূলঃ প্ৰিয়ংকা বাঞ্চাল
অনুবাদঃ বিতোপন গগৈ

শিতানত বহি কি কৰি আছা
মই আৰু সাৰ নাপাওঁ মা
উশাহ লওঁতে বৰ কষ্ট
সৰ্বশৰীৰ যন্ত্ৰণা কাতৰ মা

আন্ধাৰে খেদি আহিছে মোক
সাৱতি ধৰি থাকা মা
মই এতিয়া শুই আছো
উঠিব নোৱাৰো মা

এতিয়া আৰু খেলিব নোৱাৰো মা
পুতলাৰ দৰা-কইনা
মই নাথাকিলে তুমিয়ে সিহঁতক
ভালদৰে খুৱাবা-শুৱাবা মা

তোমাৰ মৰমীয়াল হাতেৰে
আৰু খাব নোৱাৰো মা
মই যে এতিয়া আৰু উঠিব নোৱাৰো মা

তোমাৰ চোতাল এতিয়া
সদায় পৰিষ্কাৰ হৈ থাকিব মা
মই আৰু তাত গছ পাত নিসিঁচো মা
তুমি মচি নিয়া মজিয়াত
আৰু মোৰ খোজৰ চিন নবহে মা

আলনাৰ কাপোৰবোৰ
তুমি আৰু সদায় জাপিব নালাগে মা
টেবুলৰ বস্তুবোৰো
তুমি থোৱাৰ দৰেই থাকিব মা
মই আৰু সাৰ নাপাওঁ মা

সদায় অভিমান কৰিছিলা তুমি
আমনি কৰিছিলা মোক
আজি মই অভিমান কৰিছো
আজীৱন আমনি কৰিম তোমাক

মোৰ চুলিৰ মাজেৰে বোলাই দিয়া
তোমাৰ মৰমৰ স্পৰ্শ
অনুভৱ কৰিব পৰা নাই মা
আজি কিজানি মই
বেছিয়েই গভীৰ টোপনি গ'লো মা

তুমি এতিয়া যোৱাগৈ মা
মই আৰু সাৰ নাপাওঁ মা
দেউতাক মাতি দিয়া
শেষ বাৰৰ বাবে
শুনি লওঁ তেওঁৰ মৰমৰ গালি
তাৰপাছত মই চিৰদিনৰ বাবে
টোপনি যাওঁ মা

Saturday, May 11, 2019

বিদায় কমৰেড


(কমৰেড দ্ৰুপদ বৰগোঁহাইলৈ শ্ৰদ্ধাঞ্জলি)

বুকুত ৰঙা পতাকাখন সাৱতি
কমৰেড শুই আছে নিৰৱে

এদিন এই ৰক্ত পতাকা উৰোৱায়ে
তেওঁ নাঙলৰ সীৰলুৱেদি এছেম্বলী পাইছিলগৈ
চাইকেলেৰে বাট বুলিয়ে দেশৰ সংসদত তেওঁ
হালোৱা হজুৱাৰ অধিকাৰৰ কথা কৈছিলগৈ

আজি তেওঁ ভাগৰুৱা
শুৱাৰ পৰা উঠি তেওঁ আৰু উৰাব নোৱাৰে
মুক্তিৰ ৰঙা পতাকা

তেওঁৰ কমৰেড সকলৰ হাতত গুজি দি গৈছে
শোষিতজনৰ মুক্তিৰ সপোনটো
ভৱিষ্যতৰ কমৰেড সকলৰ বাবে

ৰঙা পতাকাখন সাচি ৰাখিব লাগিব
সেই দিনটোলৈ
যিদিনা শোষিতজনৰ বুকুত ফুলিব
'মুক্তিৰ ৰঙা ৰঙা ফুল'

যিদিনা মুক্তিৰ ৰঙা পতাকা উৰিব
সেইদিনা তুমি শুৱাৰ পৰা আকৌ উঠিবা
তেতিয়ালৈ বিদায় কমৰেড
তোমাক অযুত লাল চালাম


Monday, April 8, 2019

ঘৃণাৰ প্ৰভাৱ

মূলঃ সাগৰ খৈয়ামী
অনুবাদঃ বিতোপন গগৈ
ঘৃণাৰ প্ৰভাৱ চোৱা
জন্তুৰো ভাগ হৈ গ'ল
গাই হিন্দু আৰু
ছাগলী মুছলমান হৈ গ'ল

মন্দিৰলৈ গৈ হিন্দু দেখিলো
মছজিদত দেখিলো মুছলমান
সন্ধ্যা যেতিয়া মদিৰালয়লৈ গ'লো
তাতহে লগ পালো মানুহ কেইজনমান

এই গছ-লতিকাও হায়ৰাণ হৈ যাব
যদি চৰাইবোৰো হিন্দু বা মুছলমান হৈ যায়

শুকান ফলবোৰো আচৰিত হৈ গ'ল
সিহঁতে নাজানে নাৰিকল কেতিয়া হিন্দু
খেজুৰ কেতিয়া মুছলমান হৈ গ'ল

ধৰ্মই এনেকৈ ৰঙকো ভগালে যে
সেউজীয়া মুছলমানৰ আৰু
ৰঙা হিন্দুৰ হৈ গ'ল
এতিয়া সেই দিনটোলৈ আৰু বেছি দূৰ নাই
যিদিনা সকলো সেউজীয়া পাচলি
মুছলমানৰ হৈ যাব
গাজৰ আৰু বিলাহী মাথো
হিন্দুৰ ভাগত পৰিব

এটা কথা ঠিক কৰিব পৰা নাই
এই তৰমুজটো এতিয়া কাৰ ভাগলৈ যায়
বেচেৰা ওপৰে ওপৰে মুছলমান
আৰু ভিতৰি হিন্দু হৈ থাকি যায়

(মাংসৰ ধৰ্মীয়কৰণৰ ঘটনাই অসমকো স্পৰ্শ কৰা দেখি কবিতাটোলৈ মনত পৰিল। যদিও ভাল হোৱা নাই, তথাপি অনুবাদৰ চেষ্টা কৰি চালো।)