Saturday, May 9, 2020

দেশ তুমি ভালে থাকা

মূলঃ গাজী ৰহমান
অনুবাদঃ বিতোপন গগৈ

কথা আছিল
ৰেলত উঠাবা আমাক
কিন্তু ৰেলহে উঠিল
আমাৰ ওপৰত

দেশ তুমি ভালে থাকা
থৈ গৈছো ৰুটি
খাবা ডুবাই আমাৰ তেজত

দেশ তুমি ভালে থাকা

দেশ তুমি আৰু কিমান দিন
মৌন হৈ থাকিবা
কিমান জনৰ মৃত্যুত নিৰৱে কান্দিবা

দেশ তুমি নিৰৱে থকাটো
স্বভাৱ হৈ গৈছে
বিবেক তোমাৰ ঘূণে ধৰিছে

মই মৰিলো দুখ নাই
জীয়াই যে আছিলো
তাৰোতো একো অৰ্থ নাই

মোৰ বুঢ়ী আইক চাবা
দেশ তুমি ভালে থাকা !

Thursday, April 30, 2020

ঠাকুৰৰ কুঁৱা

মূলঃ ঔম প্ৰকাশ বাল্মিকী
অনুবাদঃ বিতোপন গগৈ

চৌকা মাটিৰ
মাটি পুখুৰীৰ
পুখুৰী ঠাকুৰৰ

ভোক ৰুটিৰ
ৰুটি যৱৰ
যৱ খেতিৰ
খেতি ঠাকুৰৰ

গৰু ঠাকুৰৰ
নাঙল ঠাকুৰৰ
নাঙলৰ মুঠিত হাত নিজৰ
ফচল ঠাকুৰৰ

কুঁৱা ঠাকুৰৰ
পানী ঠাকুৰৰ
খেতি-খোলা ঠাকুৰৰ
বাট-পথ ঠাকুৰৰ

তেন্তে নিজৰ কি‌
গাঁও?
চহৰ??
দেশ???

তই ধৰ্ষিতা হ'লেও‍‌

তই ধৰ্ষিতা হ'লেও
মোৰ বাবে আজীৱন
সেউজীয়া চৰাই হৈ ৰ'বি

তই শাৰীৰিক ভাৱে ধৰ্ষিতা হ'লে
মানসিক ভাৱে ধৰ্ষিত হ'ম মই
তোৰ চিৰাচিৰ হোৱা হৃদয়খন
সী ল'ম মোৰ ভালপোৱাৰ বেজীৰে

তোৰ চকুলোৰে মোৰ বুকু ভৰাম
আৰু দুখবোৰ পি খাম
তই নাভাবিবি
মোৰ সাজপানী খোৱা ওঁঠে
পিব নোৱাৰিব তোৰ দুখ
সাজপানী খালেও
এই ওঁঠে বজাব জানে
ভালপোৱাৰ বাঁহীত
আকলুৱা সুৰ

তোৰ আৰু মোৰ মাজত
'মানবীয়তা'!
নালাগে থাকক দে
'ভালপোৱা' খিনিয়ে যথেষ্ট নহ'ব জানো
মোৰ বুকুত তই বাহ সাজিবলে

তই ধৰ্ষিতা হ'লে
কলেজ গেটৰ কবিতাবোৰ
বিদ্ৰোহী হৈ উঠিব
তৰাবোৰ ফিৰিঙতি হৈ জ্বলিব
কবিতাবোৰে প্ৰতিশোধ ল'ব
উমি উমি জ্বলি থকা কবিতাবোৰ
বিস্ফোৰিত হ'ব

তই ধৰ্ষিতা হোৱাৰ বাতৰি
বিয়পি পৰাৰ লগে লগে
ফাঁচীবজাৰৰ ৰঙা গোলাপবোৰ
আৰু অধিক তেজাল হৈ পৰিব
আনকি বগা ৰজনীগন্ধাইও বৰণ সলাব

ফুটপাথত অতবোৰ 'মানুহ' থাকোতে
তোক কোনে উলংগ কৰিব পাৰে ৰাজপথত
মনেৰে তই জীৱন যুঁজৰ
যি সাজ কবচ পিন্ধিলি
কাৰ সাধ্য তোক চুব পৰাৰ

তই ধৰ্ষিতা হ'লেও
ভালপাম তোক
মোৰ চকুলোৰে ধুই ল'ম তোক
জোনাকৰ বৰষুণ উটাই দিম
আমাৰ সমস্ত দুখ
দেহেৰে ধৰ্ষিতা হ'লেও
মনেৰে তই মোৰ
আগৰে সোণ

কিয় লাগে সৰগৰ দুৱাৰ
আহ, তয়ে ময়ে মিলি ইয়াতে ৰচিম
এখন সেউজীয়া পথাৰ

জুলাই, ২০১৫

Tuesday, April 28, 2020

প্ৰশ্ন নুসুধিবা

প্ৰশ্ন নুসুধিবা
নুসুধিবা ভোকাতুৰৰ ভাত ক'ত
এতিয়া ইমাৰজেন্সী
এতিয়া আমাৰ কথাই শিলৰ ৰেখা

আজাৰৰ পৰা বাচিব বিচাৰা যদি
প্ৰশ্ন নুসুধিবা
ভোক মাথো বেপাৰ
সেই বেপাৰ আমাৰ
ভোকৰ কথা নুসুধিবা
ভাত নাই যদি কেক খোৱা
কিন্তু প্ৰশ্ন নুসুধিবা

প্ৰশ্ন নুসুধিবা
টেক্সৰ টকা ক'ত
দেশপ্ৰেম দেখুওৱা
দান দিয়া
হিচাপ নিবিচাৰিবা

মেলাৰ বাবে খেলাৰ বাবে
আমাৰ আছে শ কোটি
দেশৰ বাবে তোমালোকে দিবা
মাথো প্ৰশ্ন নকৰিবা
প্ৰশ্ন মানেই ৰাজনীতি
আৰু এতিয়া ৰাজনীতি
আমাৰ একচেতীয়া অধিকাৰ

প্ৰশ্ন নুসুধিবা
প্ৰশ্ন সুধি
ৰাজনীতি নকৰিবা
নাগৰিকৰ অধিকাৰৰ কথা নুসুধিবা
নুসুধিবা ডাক্তৰৰ সুৰক্ষাৰ কথা

প্ৰশ্ন নুসুধিবা
দেশত এতিয়া ইমাৰজেন্সী
তোমালোকৰ বাবে সকলো বন্ধ
ভাত বন্ধ প্ৰশ্ন বন্ধ
খোলা মাথো বেমাৰ

প্ৰশ্ন নুসুধিবা
এতিয়া দেশত ইমাৰজেন্সী
প্ৰশ্ন সুধিবা
ৰাজনীতি কৰিবা
ৰঙাঘৰলৈ বাট বুলিবা

যদি সুধিবই লাগে
আমি সুধিম প্ৰশ্ন
কিয় নুশুনিবা আমাৰ কথা
কিয় নানাচিবা আমাৰ আঙুলিৰ ঠাৰত

প্ৰশ্ন নুসুধিবা
দেশত এতিয়া ইমাৰজেন্সী
দেশত এতিয়া ৰাজত্ব চলিব কেৱল
বেমাৰ আৰু আমাৰ

৭ এপ্ৰিল, ২০২০

কোৱাণ্টাম ভালপোৱা

আহা আমি কোৱাণ্টামৰ কথা পাতো
ভালপোৱাৰ কোৱাণ্টাম

ঘৃণা ফ'টনৰ কণাবোৰক
হৃদয় তৰংগৰে শুহি লওঁ আহা
আৰু বতাহত এৰি দিওঁ
ভালপোৱাৰ তৰংগ

ঘৃণাৰ আণৱিক কণাবোৰক
নিদিওঁ আহা ঘৃণাৰ আচৰণ কৰিবলৈ
সলনি কৰি দিওঁ সিহঁতক
ভালপোৱালৈ

আহা সকলোৰে হৃদয়
ভালপোৱাৰ তৰংগৰে ত্বৰান্বিত কৰি
জাগ্ৰত কৰো
ভালপোৱাৰ কলেক্টিভ কনচিয়াচনেছ্!

আহা মেক্স প্লাংকক কামত লগাই দিওঁ
আৰু ঘৃণাৰ কোৱাণ্টাক সলনি কৰি পেলাওঁ
ভালপোৱাৰ কোৱাণ্টালৈ

আহা প্লাংক,
মনৰ বল বিজ্ঞান আলোচনা কৰো
আৰু এই বিজ্ঞানৰ নাম দিওঁ
কোৱাণ্টাম ভালপোৱা

৬ এপ্ৰিল, ২০২০

লকডাউন!

গোপাল বৰ্মন তই মহামূৰ্খ!
ভাত নাই যদি
কেককে নাযাচিলি কিয় ল'ছালিক
পানীৰ সলনি গাখীৰ

ৰেচন পাবলৈ কিয় তই
শাসক দলৰ তালিকাত নুঠিলি
সঁচাই মহামূৰ্খ তই

কিয় নিকিনিলি দামী গাড়ী এখন
চলাই ওলাই গ'লেও
লাঠিৰ সলনি পালিহেঁতেন চেল্যুট

ঘটি-লোটা বজাব নাজানিলি
মনোৰঞ্জন কৰিব নোৱাৰিলি শাসকৰ
সেয়ে নাপালি চাউল

লকডাউন এনজয় কৰিব নাজানিলি
ভালেই কৰিলি মৰিলি
গোপাল বৰ্মন মহামূৰ্খ তই

ভালেই হ'ল দে কালি মৰিলি
আজি তোৰ শ্ৰদ্ধাঞ্জলিত
সমগ্ৰ ৰামৰাজ্য জুৰি জ্বলিব
কৌটি কৌটি বন্তি

এপ্ৰিল, ২০২০

এইবাৰ আৰু ফাগুনক লৈ কবিতা লিখা নাযায়

ফাগুনৰ আগুনে এইবাৰ চাৰখাৰ কৰি দিলে পৃথিৱী
ফাগুনৰ আকাশ এইবাৰ ক'লা ধোঁৱাৰে ধূসৰিত
ফাগুনৰ জুই এইবাৰ ঘৰবোৰত লাগিল
জুইফুল কিতাপবোৰত ফুলিল
ফাগুনৰ উদাস মনবোৰ এইবাৰ উগ্ৰ হৈ পৰিল
এইবাৰ ফাগুন বদনামী হৈ গ'ল
কবিতা লিখা ফাগুনৰ হাতত এইবাৰ চিকমিকাই থকা তৰোৱাল
ফাগুনৰ ৰু ৰু পচোৱাত পোৰামঙহৰ গোন্ধ
মলয়াৰ সৈতে চিটিকি পৰে এচিড অথবা পেট্ৰল বোমা
ফাগুনৰ ধুলিৰ সলনি মুখত আহি পৰে ইটাৰ টুকুৰা
ফাগুনৰ ফুলবোৰত তেজে কৰাল মাৰিলে

আধা জ্বলা ফুলৰ পাপৰি
সিঁচৰিত কিতাপৰ পৃষ্ঠা
ধৰ্মৰ জুয়ে পোৰা ধৰ্মহীন মৃত কুকুৰটো
গাত চাৰিশটা ক্ষত চিহ্নৰে ডেকা মৃতদেহটো
দেউতাৰ শতচ্ছিন্ন মৃতদেহ সমুখত লৈ বহি থকা শিশুটো
দেউতাকে বব নোৱাৰাকৈ গধুৰ হৈ যোৱা দুই পুত্ৰৰ শৰ চাঙিখন
এচিডে পোৰা চকুযোৰ
আৰ্তনাদ আট্টহাস্য চকুপানী আসুৰিক উল্লাস
‌—এইবোৰ
এইবোৰেৰে বদনামী ফাগুনক লৈ
কি কবিতা লিখা যায়!
এইবাৰ আৰু কবিতা লিখা নাযায়
এইবাৰ ফাগুনক লৈ কবিতা লিখা নাযায়

১ মাৰ্চ, ২০২০