Monday, November 9, 2020

ধান দোৱা তিৰোতা— ১

মূলঃ জেচিন্তা কেৰকেট্টা
অনুবাদঃ বিতোপন গগৈ

তিৰোতা সকলে ভূঁই ৰোৱে
ধান দায়
মূৰত ডাঙৰি কঢ়িয়ায়

তেওঁলোকে নিজৰ পিতা, স্বামী, পুত্ৰৰ পথাৰত
ভূঁই ৰোৱে
ধান দায়
মূৰত ডাঙৰি কঢ়িয়ায়

তেওঁলোকৰ নিজৰ কোনো পথাৰ নাথাকে
তেওঁলোক এই ধৰাত
আজীৱন
কাৰোবাৰ নহয় কাৰোবাৰ পথাৰৰ
বন্ধোৱা শ্ৰমিক মাত্ৰ।

০৭ নৱেম্বৰ, ২০২০

Saturday, June 13, 2020

প্ৰবাসী

মূলঃ তাপসী পান্নু
অনুবাদঃ বিতোপন গগৈ

আমিতো মাত্ৰ প্ৰবাসী
হয় জানো এই দেশৰ নিবাসী
আমি যদি মানুহ নহয়
মাৰি পেলোৱা আমাক
দি দিয়া আদেশ

খাবলৈতো একো নাপালো
ভোক লাগিল
মাৰ খালো

হাজাৰ মাইল দূৰ বাটকুৰি বালো
কোনোবা চাইকেলত
কোনোবা শুদা ভৰিৰে

বহুত মৰিল ভোকত
আৰু বহুত ৰ'দত
কিন্তু মন নাভাগিল
বৰ মানুহৰ ফাঁকিত

বাছত পঠিয়াই
ৰেলত পঠিয়াই
ৰাস্তা ভুল কৰি
জোন হেৰুৱায়

ইয়াত প্ৰতিমাৰ ভাল অৱস্থা
কিন্তু জীৱনৰহে দাম সস্তা
ভাল দিনে ডাঙৰ সপোন দেখুৱায়
কিন্তু ভোক কাৰো নোহোৱা কৰিব পৰা নাই

ভিক্ষা নালাগে
নালাগে দান
মাত্ৰ কাঢ়ি নল'বা আত্মসন্মান

আমিতো মাত্ৰ প্ৰবাসী
হয় জানো এই দেশৰ নিবাসী?

Friday, June 12, 2020

বাঘজান

জুইবোৰ পানী হৈ পাৰ ভাঙি বৈ আহিছে
ক'লা ধোঁৱাবোৰ ডাৱৰ হৈ আকাশ চানিছে
খাওঁ খাওঁ কৈ
ভয়ংকৰ মুখ মেলি
লেলিহান জিভাৰে চেলেকি চেলেকি
বিকাশৰ জুয়ে
এফালৰ পৰা ধাহিমুহি
পেটত ভৰাই গৈছে
অৰণ্য-বিল-চৰাই-শিহু
চাহনি-তামোলবাৰী-ঘৰ
গিলি গৈছে মাটি-পানী-বতাহ
মানুহবোৰে ধান হেৰুৱাইছে মান হেৰুৱাইছে
বাঁহ হেৰুৱাইছে সাহ হেৰুৱাইছে
আৰু আমাৰ সম্ৰাট নিৰুৱে বেহেলা বজাইছে—
ৰাইজ শংকিত নহ'ব!!!

৯ জুন, ২০২০

Thursday, June 4, 2020

আহ দগাবাজ গ্ৰেপ্তাৰ কৰ মোক

কমৰেড মোৰ বুকুৰ আপোন
লাল চালাম মোৰ নিদ্ৰাহীন দুচকুৰ সপোন
আহ দগাবাজ গ্ৰেপ্তাৰ কৰ মোক!

ফ্ৰান্সৰ ৰাজপথৰ পৰা চোভিয়েট হৈ
ভিয়েটনামৰ খেতি পথাৰত অগনন কমৰেড
কিউবাৰ পৰা বলিভিয়াৰ ঘন জংঘল হৈ
আজি দেশে দেশে অগনন লাল চালাম

নাপাম বোমাৰে তহঁতে শেষ কৰিব নোৱাৰিবি
কমৰেডৰ স্ৰোত
ৰঙা কমৰেড ৰক্তবীজৰ সঁচ
যিমানে মাৰিবি সিমানে মূৰ দাঙি উঠিব কমৰেড
সাৱধান দগাবাজ!

বুটজোতা-বেয়নেটেৰে ৰোধিব নোৱাৰিবি
ৰক্তিম অভিবাদনক
ৰঙা সুৰুযৰ সপোন নহয় ইমান থুনুকা

পশ্চিম ভাৰ্জিনিয়াৰ কয়লা খনি অথবা
কপহুৱাটিঙৰ চাহ বাগিচাত উৰা ৰক্ত পতাকাখন
জাননে কাৰ তেজেৰে ৰঙা
খাতিখোৱা জনতাৰ তেজেৰে ৰঙা

কিমান ভয় দেখুৱাবি
ক'লা আইনৰ
ভয় আচলতে তহঁতৰ
ডুুব যাব তহঁতৰ ভুৱা সূৰ্য
উদিত হ'ব কমৰেডৰ ৰঙা সূৰ্য
সকলোতে মাথো গুঞ্জৰিত হ'ব
লাল চালাম

কিমান বাধা দিবি
হাজাৰ বাৰ চিঞৰিম
কমৰেড
লাল চালাম লাল চালাম লাল চালাম
আহ দগাবাজ গ্ৰেপ্তাৰ কৰ মোক!

Saturday, May 30, 2020

বাস্তৱিক আইন

মূলঃ নবীন চৌৰে
অনুবাদঃ বিতোপন গগৈ

জুন মাহৰ কোনোবা এটা দিন আছিল
ৰাস্তাত এডোঙা তেজ আছিল
তাতে এটা আঙুলি পৰি আছিল
আৰু আঙুলিটোৰ নখত এটা দাগ আছিল
যেতিয়া আঙুলিবোৰে নিৰ্বাচিত কৰিছিল
শাসক কোন হ'ব
তেতিয়া এইটো আঙুলিও তাত উপস্থিত আছিল
তেন্তে আজি কিয় পৰি আছে তেজৰ ডোঙাত
ক'ত আছে তাৰ দেহ
মৰিল, নে নাছিলেই?

কোন আছিল সেইবোৰ মানুহ
যাৰ হাতত লাঠি আছিল—
পুলিচ বিষয়া আছিল
নে ন্যায়াধীশ আহিছিল
কোনে কৰিছিল বিচাৰ
ৰায়দানেই কৰিলে বা কোনে?

নে কোনোবা ধৰ্মাত্মা আছিল
আছিল নেকি ধৰ্মৰ ৰক্ষক?
সেই ধৰ্মৰ উদ্দেশ্য কি আছিল
কোন আছিল সেই ভগৱান?

পুলিছ সাংবাদিক কোনো নহয়
সচেতন নাগৰিক মাথো মই
মোৰ পোনপতীয়া প্ৰশ্ন
উত্তৰো লাগে পোনপতীয়া—
ৰাস্তাত কিয় তেজ বৈছে
কোন আছিল সেইবোৰ মানুহ

"আমি সৰু মানুহ চাৰ
আমিনো মাজত কিয় সোমাওঁ
আমি বচাবলৈও গৈছিলো
তিনিটাই লৈ গ'ল টানি
মটৰচাইকেলত আহিছিল
ৰাস্তাৰ মাজতে ৰখাইছিল"

"আঠ-দহজন ডেকা ল'ৰা
হাতত আছিল দীঘল দীঘল লাঠি
নাম সুধি গালি দিছিল
পেটত ঘোচা
পৰি গৈছিল বেচেৰাটো
তাৰ পাছত ইডালৰ ওপৰত সিডাল লাঠি
ভৰিৰ হাড় গুৰি কৰি দিছিল
মাংসৰ টোপোলা
তেজ যে ইম্মান বৈছিল
আমি চকু আঁতৰাই আনিব লগা হৈছিল"

"তাৰে মাজৰ এটাৰ হঠাৎ চেতনা আহিল
কি জানো ভাবিলে
জেপৰ পৰা সি চুৰি এখন উলিয়ালে
আৰু আঙুলিটো কাটি পেলালে
এই শেষৰ আঘাতটো যি দিছিল
সি সিহঁতৰ চৰ্দাৰ আছিল
সিয়ে সকলোকে কৈছিল
—যিটো মৰিল সি গাড্ডাৰ আছিল
‌‌‌অধিকাৰ নাই ইহঁতৰ
দেশৰ এটা ভোটৰ ওপৰতো
এই উঁই পৰুৱাবোৰক
কেতিয়াও ঘৰৰ ভেটিত ঠাই নিদিবি
ইহঁত এদিন মূৰত উঠিব
চাৰিওফালে চানি ধৰিব
এদিন শাসনৰ গাদী কাঢ়ি ল'ব
তেতিয়া সকলোৱে তেজ মুতিব
ভৰিৰে মুহাৰি পেলা ইহঁতক
তেতিয়া হ'ব ধৰ্মৰ জয়! "

"আমিতো বহুত ভয় খাইছিলো চাৰ
সিহঁতৰ কিন্তু ভয় নাছিল
কি জাতিৰ বা আছিল
একোৱে বুজি পোৱা নাছিলো
সিহঁতৰ মাজত নাছিল কোনো মানুহ
নাছিল কোনো পুৰুষ
সকলো  হৈ পৰিছিল ৰক্তপিপাসু
হায়েনাৰ ভিৰ লাগি গৈছিল
ফালি-আঁজুৰি খোৱাৰ লালসাত
সিহঁতৰ চকুবোৰ তিৰবিৰাইছিল
মুখত আছিল হিংস্ৰ পশুৰ হিংস্ৰতা
হাতত লাঠি যিহেতু সিহঁতৰ আছিল
গতিকে গৰুও সিহঁতৰে হৈছিল"

আৰু
এয়া কোনো জুমলা নহয়
এয়াই বাস্তৱিক আইন
আৰে আমাক কিয় সুধিছা
—ৰাস্তাত কিয় তেজ আছে
সোধা এই আঙুলিটোক
কি ঘটনা ঘটিল ইয়াত
কি অপৰাধ কৰিছিল ই
শৰীৰৰ পৰা ইয়াক কটাই হ'ল বা কিয়?

মইটো ভাবিছিলো মৰি গ'ল
কিন্তু আঙুলিটো জীয়াই আছিল
নখটোত চিঞাহী লাগি আছিল
যি দেশৰ সন্মান আছিল
ক'লে‌‌—
এতিয়া কি লাগে
ভোট আছিল, দিয়েতো দিলো
বন্দীশালত তিল তিল কৈ জীয়াই আছিলো
মৃত্যু দি যে মুক্ত কৰিলা
তাৰ বাবে বহুত বহুত ধন্যবাদ দিলো

নখত আছে গণতন্ত্ৰ
তাকো তেজেৰে গোট মাৰিলে
আপুনিয়েই আইন
আপুনিয়েতো আদালত
আৰে আপোনাৰ ওপৰত কি আপত্তি কৰিম
আপুনিতো আছে নিদ্ৰাত
আপোনাৰ দৰেই এশ ঠিয় দি আছিল
বৰ্বৰৰ সেই ভিৰটোত
এশৰ ভিতৰৰ এটাইও যদি
দি দিয়ে সাক্ষী আপোনাক
মই আনন্দৰে মানি ল'ম
আপোনাৰ এই ভিৰে কৰা ন্যায়

এতিয়া পেনেলত বহা
বিতৰ্ক কৰা ইয়াৰ ওপৰত
কি হ'ল মোহনৰ শপত
ক'ত গ'ল আম্বেদকাৰ
যদি এই দেশত সকলো সমান
তেন্তে মোকেই কিয় বাচি লোৱা হ'ল
তুমি কোৱা
মোৰ পৰিয়ালক ভাত এতিয়া কোনে দিব
আমাৰ বাস্তৱৰ পৰা বহু দূৰৰ
তুমি চহৰৰ, তুমি নতুন দিল্লীৰ বাসিন্দা
এটা পৰামৰ্শ দিওঁ শুনা—
প্ৰশ্ন তোমাৰ অনেক আছে
কিন্তু ভাবি-চিন্তি কথা সুধিবা
তুমি জানানে ভিৰক প্ৰশ্ন কৰাতোও
এতিয়া মৃত্যুদণ্ডযোগ্য অপৰাধ

অনুসন্ধান কৰিবলৈ আহিছা
কৰা, নিজৰ মতে আৰামত কৰা
এটা-দুটা মৰিলেনো কিটো হ'ব
তিনি-চাৰি দিন আন্দোলন হ'ব—
"গণতন্ত্ৰ বচাম"
পাঁচ নম্বৰৰ দিনা সকলো পাহৰি
নিজৰ কামত লাগি যাব
কামতেই গুৰুত্ব দিয়া
কিন্তু মনত ৰাখিবা
কোনোবাই যদি সোধে
মাত্ৰ এই বুলিয়ে ক'বা—
ভিৰ আছিল কিছুমান মানুহ আছিল
তাৰপাছতো যদি কোনোবাই জিদ ধৰে—
কি হৈছিল‌-কোনে কৰিলে
ভাবি-চিন্তি টোঁৱাবা আঙুলি
কটা গৈ আছে আঙুলি
কথা সলাই ক'বা—
সিহঁতৰ ঘৃণাৰ ৰোগ হৈছিল
কোনো ধৰ্ম নাছিল
নাছিল কোনো জাত
ভিৰ আছিল
কিছুমান মানুহ আছিল!

(গণ প্ৰহাৰ(mob lynching)ক বিষয় হিচাপে লৈ  নবীন চৌৰেয়ে লিখা এটা কবিতা। দেশত বাঢ়ি অহা গণ প্ৰহাৰৰ ঘটনা, বিশেষকৈ ধৰ্মীয় কাৰণত ঘটা এনে ঘটনাক কেন্দ্ৰ কৰি লিখা কবিতাটো অনুবাদৰ চেষ্টা কৰা কিছু দিন হ'ল যদিও ৰাজহুৱা কৰা হোৱা নাছিল। হঠাৎ অসমত একে সময়তে দুটা গণ প্ৰহাৰৰ ঘটনা ঘটাত কবিতাটোলৈ মনত পৰিল। পটভূমি বেলেগ যদিও "ধৰ্ম" বিষয়টো বাদ দি কবিতাটোৱে ক'ব খোজা কথাখিনি হয়তো এই ঘটনাৰ ক্ষেত্ৰটো একেই।)

২৫ মে' ২০২০

মানুহ মৰাটো বৰ সহজ

মানুহ মৰাটো বৰ সহজ হৈ পৰিল‌
ঠিক বতাহ বলাৰ দৰেই!

পানী দ লৈ ববই
মানুহ নাখাই মৰিবই
বৰ সহজ!

আমি ফেচবুকত চাম
চেড ৰিয়েক্ট কৰিম
কবিতা লিখিম
লাইক ল'ম
বৰ সহজ!

ৰাজপথত পৰি ৰ'ব মৃত শিশু
ৰাজপথতে জন্ম হ'ব নৱজাতক
আমি টিভিৰ সমুখত বহি
ঘৰতে বনোৱা ৰসগোল্লা এটা মুখত ভৰাই
ইঃ ইঃ আঃ আঃ কৰিম

খোজেৰে চাইকেলেৰে
ঘৰলৈ ঘূৰা ল'ৰাবোৰে
ফেচবুক লাইভ কৰি দুৰ্দশাৰ কথা ক'ব
আমি বেমাৰ লৈ
ঘৰলৈ নাহিবি বুলি গালি পাৰিম

চৰকাৰী ৰেল ভাৰা ভৰিব নোৱাৰি
খোজেৰে ঘৰলৈ বাট বোলা শ্ৰমিকৰ মৃত্যুত
আমিয়ে চৰকাৰক গালি পাৰিম
কোনোবাই পিএম কেয়াৰৰ হিচাপ বিচাৰিলে
আমিয়ে দেশদ্ৰোহী বুলি গালি পাৰিম

মহামাৰীত মৰিছে
মহামাৰীৰ বাবেই চিকিৎসা নাপাই
মৰিছে আন ৰোগী
মৰিছে ভাত এগৰাহ নাপাই
ভাত-কাম হেৰুৱাই ঘৰলৈ ঘূৰোতে
বাটত মৰিছে
মুঠতে সকলো ফালে এতিয়া মানুহ মৰিছে
একেবাৰে সহজে‌

আৰু আমি ভাতৰ লগত পানী খাইছো
চাহৰ লগত লুচী
কিছু অন্তৰ্দ্বন্দত ভুগিছো
দুখ কৰিছো
শুই গৈছো

পুৱা উঠি মহামাৰীৰ গ্ৰাফ পৰীক্ষা কৰিছো
উদ্বিগ্ন হৈছো
জীৱিকাৰ তাৰণাত
ওলাই যোৱাবোৰক সমালোচনা কৰিছো
পুনৰ চাহ ভাত আড্ডা
ফেচবুক টিকটক্ ইনষ্টাগ্ৰাম
সহজে পাৰ হৈ গৈছে দিনটো

ঠিক একেদৰেই সহজে মৰিছে মানুহ
পাইকাৰী হাৰত
কালি ১৭
আজি ২৪
আমনি লাগি গৈছে আৰু
মৰা মানুহৰ হিচাপ দেখি!
কিমাননো নমৰে আৰু ইহঁতি!

হয়, এতিয়া মানুহ মৰাটো বৰ সহজ
এক্কেবাৰে ভাতৰ সৈতে পানী খোৱাৰ দৰে!

১৬ মে' ২০২০

Sunday, May 17, 2020

মূৰ তুলি কথা কোৱা মানুহজন

মানুহজনৰ এটা কলম আছিল
কলমটো তৰোৱালতকৈও তীক্ষ্ণ,
বন্দুকৰ গুলিতকৈও দ্ৰুতবেগী আছিল
কলমটোৰে তেওঁ
নিজৰ মানুহবোৰৰ কথা লিখিছিল
কলমটোৰে তেওঁ মানুহবোৰৰ
অধিকাৰৰ কথা লিখিছিল
কলমটোৰে তেওঁ নিজৰ মানুহৰ
তেজপীয়াবোৰৰ স্কেচ আঁকিছিল
কলমটোৰে তেওঁ তেজপীয়া মাৰিবলৈ
বিহ দি নিজৰে মানুহ মৰাবোৰৰ কথা লিখিছিল
মানুহজনে লিখা সঁচা কথাবোৰে
কাৰোবাক তৰোৱালহৈ কাটিছিল
কাৰোবাক বন্দুকৰ গুলিহৈ মাৰিছিল
সেয়ে তেওঁক এদিন গুলিৰে থকাসৰকা কৰা হৈছিল
তেওঁ যিবোৰ নিজৰ মানুহৰ কথা লিখিছিল
সিহঁতি মাথো চাই থাকিল নিৰ্বিকাৰ অসহায় হৈ
তেওঁ লিখা লেখাবোৰ পিছে আজিও থাকি গ'ল
লেখাবোৰ চুচি-মাজি আজিও অস্ত্ৰ সাজে
তেওঁ কোৱা স্বনিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে যুঁজিবলৈ
আজিৰ প্ৰজন্মই সেই অস্ত্ৰত শান দিয়ে
হয়, মূৰ তুলি কথা কোৱা সেই মানুহজনৰ নাম
পৰাগ কুমাৰ দাস আছিল।

১৭ মে' ২০১৮