Saturday, March 2, 2019

WW চেম্পিয়ন

হেৰা WW চেম্পিয়ন
হয়, তোমাকে কৈছো চেম্পিয়ন
তোমাক নিশ্চিত ভাৱেই চিনি পাওঁ
জানো তোমাক
তোমাক পাহৰিবও নোৱাৰো কেতিয়াও
তোমাক WW-lত দেখিছো
তোমাক WW-llত দেখিছো
দেখিছো তোমাক ভিয়েটনামত
চিৰিয়া
পেলেষ্টাইন
লিবিয়াত
দেখিছো
ইৰাক
আফগানিস্তানত

যেতিয়া মই ফুলৰ থোপা লৈ
মৰিশালিলৈ গৈছিলো
মৃতদেহৰ ওপৰত বহি তোমাক
টকা গনি থকা দেখিছো

তুমি নিশ্চিন্ত থাকা
আৰু এটা মৰিশালি সাজিম
সুন্দৰ কৈ গ্ৰেনাইট পাথৰেৰে
ধুনীয়া কেলিগ্ৰাফীৰে
বগা মাৰ্বলত লিখিম
তোমাৰ প্ৰশংসাসূচক বাণী—
ইয়াতেই শুই আছে WW চেম্পিয়ন
বিশ্ব যুদ্ধৰ বিজয়ী
চয়তানৰ সন্তান
"তেজখোৱা পুঁজিবাদ"!

Wednesday, February 27, 2019

ৰঙা গাখীৰ


মূলঃ বিকি মহেশ্ৰী
অনুবাদঃ বিতোপন গগৈ
আকাশত বোমা এটা জলমলাই উঠিল
কণমানিটোৱে সুধিলে মা সেয়া কিহৰ উদযাপন
মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে
আকাশত আকৌ এটা বোমা জলমলাই উঠিল
কণমানিটোৱে সুধিলে মা দেউতা কেতিয়া আহিব
মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে
আৰু এটা বোমা
কণমানিটোৱে সুধিলে মা ইমান বিকট শব্দ ক'ৰ পৰা আহিছে
মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে
আকৌ এটা বোমা
আৰু এটা
আৰু এটা
আৰু এটা
আৰু এটা
আৰু এটা
চৌদিশে মেচিনগানৰ শব্দ
টেংকৰ ঘৰঘৰনি
আকাশত ফাইটাৰ জেটৰ নিনাদ
কণমানিটোৱে আৰ্তনাদ কৰি উঠিল
মা মই তোমাক দেখা নাই
মা মই উশাহ ল'ব পৰা নাই
মা মোক ভালকৈ সাৱটি ধৰা
মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে
মাকে কণমানিটোক বুকুত সাৱটি
গাখীৰ খোৱাবলৈ ধৰিলে
এটা গুলিয়ে তাইৰ বুকু ভেদ কৰি গ'ল
আৰু তাইৰ বুকুৰ গাখীৰখিনি
বৰণ সলাই ৰঙা হৈ পৰিল
কোন মৰিল?
মানুহ
মানৱতা
তেন্তে জীয়াই থাকিল কোন?
মানুহ
মাত্ৰ মানুহ!

Thursday, July 26, 2018

কবিতা

১                         
গোট মাৰি বৰফ হোৱা
বিষাদবোৰ বুকুত সাৱটি ল'ম
কুহুমীয়া চকুলোৰে তপতাম
তোমাৰ হিমশীতল হৃদয়
দুখবোৰ যদি পি পেলাওঁ নীলকণ্ঠ হৈ
মোৰ কি আহে যায়!


চকুলোৰ ঢৌত উটিবলৈ নাসাজো দিয়া বালিঘৰ
বুকুত সাজিম সৰুকৈ এটা বাহ
চিৰদিন চিৰকাল সেউজীয়া হৈ থকা
হেঁপাহবোৰ চিলা সাজি উৰাওঁ আহা
মাথো সূতাডাল তুমি ধৰিবা টানকৈ
চিলাই যদি উৰি গৈ আকাশ চুৱেগৈ
তাত মোৰ দোষ ক'ত!


বুকুৰ ভাষাৰে কথা পাতিবলৈ শিকা
দেখিবা নিসংগ নহয় হৃদয়ৰ বাট
নিৰৱতাই হৃদয়ৰ শ্ৰেষ্ঠ ভাষা
যদি তুমি নৈঃশব্দিক নদী সাৱটিব জানা

পুনশ্চঃ
ফাগুন বৰ অহংকাৰী জানা!
বুকুত জুইফুল ফুলাই হাঁহে সমগ্ৰ আকাশ জুৰি
ফাগুনৰ ৰঙবোৰ সকলোৰে প্ৰিয়
অথচ কোনোৱে সাৱটিব নিবিচাৰে বুকুত

ফাগুন জুৰ মলয়া
সকলোৰে হৃদয় জুৰায়
থিতাপি নলয় কাৰোৰে বুকুত
(ফাগুন যে অহংকাৰী!)

কবিতা

《১》
বিষাদবোৰ গোট মাৰি বৰফ হওক দিয়া
হিমশীতল হৈ যদিও পৰে হৃদয়
তোমাৰ কি আহে যায়!

《২》
চকুলোৰ ঢৌত উটি যাওক দিয়া হেঁপাহৰ বালিঘৰ
হেঁপাহবোৰ যদি সমাধিস্থ হয় মোৰ বুকুতে
তাৰ বাবে তুমি দায়ী ক'ত!

《৩》
নিসংগতাই নিচুকাওক দিয়া মোক
নিবিচাৰাই যদি বুলিব হৃদয়ৰ বাট
একাকীত্বই সাৱটি থাকক মোৰ চৌপাশ!

বিঃদ্ৰঃ
এনে হোৱাৰতো কথা নাছিল
হৃদয় যদি ৰাঙলী নহয় ভালপোৱাৰ ৰঙেৰে
ৰঙবোৰ বিয়পাইছিলা কিয়?
ফাগুনপ্ৰিয় মানুহৰ হেনো ৰঙাও প্ৰিয়?

প্ৰস্তাৱ

Thursday, July 5, 2018

সংস্কাৰ কাৰ্যসূচী আৰম্ভ কৰক।


২৫ জুন, ২০১৮ সংখ্যাৰ আমাৰ অসমৰ আমাৰ কথাত প্ৰকাশিত। 

পেডমেনৰ জাগৰণ আৰু ১২ শতাংশ জিএছটি

১২ ফেব্ৰুৱাৰী সংখ্যাৰ দৈনিক জনমভূমিৰ ই-পৃথিৱী পৃষ্ঠাত প্ৰকাশিত।