Wednesday, June 19, 2019

মুজফ্ফৰপুৰ

মূলঃ প্ৰিয়ংকা বাঞ্চাল
অনুবাদঃ বিতোপন গগৈ

শিতানত বহি কি কৰি আছা
মই আৰু সাৰ নাপাওঁ মা
উশাহ লওঁতে বৰ কষ্ট
সৰ্বশৰীৰ যন্ত্ৰণা কাতৰ মা

আন্ধাৰে খেদি আহিছে মোক
সাৱতি ধৰি থাকা মা
মই এতিয়া শুই আছো
উঠিব নোৱাৰো মা

এতিয়া আৰু খেলিব নোৱাৰো মা
পুতলাৰ দৰা-কইনা
মই নাথাকিলে তুমিয়ে সিহঁতক
ভালদৰে খুৱাবা-শুৱাবা মা

তোমাৰ মৰমীয়াল হাতেৰে
আৰু খাব নোৱাৰো মা
মই যে এতিয়া আৰু উঠিব নোৱাৰো মা

তোমাৰ চোতাল এতিয়া
সদায় পৰিষ্কাৰ হৈ থাকিব মা
মই আৰু তাত গছ পাত নিসিঁচো মা
তুমি মচি নিয়া মজিয়াত
আৰু মোৰ খোজৰ চিন নবহে মা

আলনাৰ কাপোৰবোৰ
তুমি আৰু সদায় জাপিব নালাগে মা
টেবুলৰ বস্তুবোৰো
তুমি থোৱাৰ দৰেই থাকিব মা
মই আৰু সাৰ নাপাওঁ মা

সদায় অভিমান কৰিছিলা তুমি
আমনি কৰিছিলা মোক
আজি মই অভিমান কৰিছো
আজীৱন আমনি কৰিম তোমাক

মোৰ চুলিৰ মাজেৰে বোলাই দিয়া
তোমাৰ মৰমৰ স্পৰ্শ
অনুভৱ কৰিব পৰা নাই মা
আজি কিজানি মই
বেছিয়েই গভীৰ টোপনি গ'লো মা

তুমি এতিয়া যোৱাগৈ মা
মই আৰু সাৰ নাপাওঁ মা
দেউতাক মাতি দিয়া
শেষ বাৰৰ বাবে
শুনি লওঁ তেওঁৰ মৰমৰ গালি
তাৰপাছত মই চিৰদিনৰ বাবে
টোপনি যাওঁ মা

Saturday, May 11, 2019

বিদায় কমৰেড


(কমৰেড দ্ৰুপদ বৰগোঁহাইলৈ শ্ৰদ্ধাঞ্জলি)

বুকুত ৰঙা পতাকাখন সাৱতি
কমৰেড শুই আছে নিৰৱে

এদিন এই ৰক্ত পতাকা উৰোৱায়ে
তেওঁ নাঙলৰ সীৰলুৱেদি এছেম্বলী পাইছিলগৈ
চাইকেলেৰে বাট বুলিয়ে দেশৰ সংসদত তেওঁ
হালোৱা হজুৱাৰ অধিকাৰৰ কথা কৈছিলগৈ

আজি তেওঁ ভাগৰুৱা
শুৱাৰ পৰা উঠি তেওঁ আৰু উৰাব নোৱাৰে
মুক্তিৰ ৰঙা পতাকা

তেওঁৰ কমৰেড সকলৰ হাতত গুজি দি গৈছে
শোষিতজনৰ মুক্তিৰ সপোনটো
ভৱিষ্যতৰ কমৰেড সকলৰ বাবে

ৰঙা পতাকাখন সাচি ৰাখিব লাগিব
সেই দিনটোলৈ
যিদিনা শোষিতজনৰ বুকুত ফুলিব
'মুক্তিৰ ৰঙা ৰঙা ফুল'

যিদিনা মুক্তিৰ ৰঙা পতাকা উৰিব
সেইদিনা তুমি শুৱাৰ পৰা আকৌ উঠিবা
তেতিয়ালৈ বিদায় কমৰেড
তোমাক অযুত লাল চালাম


Monday, April 8, 2019

ঘৃণাৰ প্ৰভাৱ

মূলঃ সাগৰ খৈয়ামী
অনুবাদঃ বিতোপন গগৈ
ঘৃণাৰ প্ৰভাৱ চোৱা
জন্তুৰো ভাগ হৈ গ'ল
গাই হিন্দু আৰু
ছাগলী মুছলমান হৈ গ'ল

মন্দিৰলৈ গৈ হিন্দু দেখিলো
মছজিদত দেখিলো মুছলমান
সন্ধ্যা যেতিয়া মদিৰালয়লৈ গ'লো
তাতহে লগ পালো মানুহ কেইজনমান

এই গছ-লতিকাও হায়ৰাণ হৈ যাব
যদি চৰাইবোৰো হিন্দু বা মুছলমান হৈ যায়

শুকান ফলবোৰো আচৰিত হৈ গ'ল
সিহঁতে নাজানে নাৰিকল কেতিয়া হিন্দু
খেজুৰ কেতিয়া মুছলমান হৈ গ'ল

ধৰ্মই এনেকৈ ৰঙকো ভগালে যে
সেউজীয়া মুছলমানৰ আৰু
ৰঙা হিন্দুৰ হৈ গ'ল
এতিয়া সেই দিনটোলৈ আৰু বেছি দূৰ নাই
যিদিনা সকলো সেউজীয়া পাচলি
মুছলমানৰ হৈ যাব
গাজৰ আৰু বিলাহী মাথো
হিন্দুৰ ভাগত পৰিব

এটা কথা ঠিক কৰিব পৰা নাই
এই তৰমুজটো এতিয়া কাৰ ভাগলৈ যায়
বেচেৰা ওপৰে ওপৰে মুছলমান
আৰু ভিতৰি হিন্দু হৈ থাকি যায়

(মাংসৰ ধৰ্মীয়কৰণৰ ঘটনাই অসমকো স্পৰ্শ কৰা দেখি কবিতাটোলৈ মনত পৰিল। যদিও ভাল হোৱা নাই, তথাপি অনুবাদৰ চেষ্টা কৰি চালো।)

Saturday, March 2, 2019

WW চেম্পিয়ন

হেৰা WW চেম্পিয়ন
হয়, তোমাকে কৈছো চেম্পিয়ন
তোমাক নিশ্চিত ভাৱেই চিনি পাওঁ
জানো তোমাক
তোমাক পাহৰিবও নোৱাৰো কেতিয়াও
তোমাক WW-lত দেখিছো
তোমাক WW-llত দেখিছো
দেখিছো তোমাক ভিয়েটনামত
চিৰিয়া
পেলেষ্টাইন
লিবিয়াত
দেখিছো
ইৰাক
আফগানিস্তানত

যেতিয়া মই ফুলৰ থোপা লৈ
মৰিশালিলৈ গৈছিলো
মৃতদেহৰ ওপৰত বহি তোমাক
টকা গনি থকা দেখিছো

তুমি নিশ্চিন্ত থাকা
আৰু এটা মৰিশালি সাজিম
সুন্দৰ কৈ গ্ৰেনাইট পাথৰেৰে
ধুনীয়া কেলিগ্ৰাফীৰে
বগা মাৰ্বলত লিখিম
তোমাৰ প্ৰশংসাসূচক বাণী—
ইয়াতেই শুই আছে WW চেম্পিয়ন
বিশ্ব যুদ্ধৰ বিজয়ী
চয়তানৰ সন্তান
"তেজখোৱা পুঁজিবাদ"!

Wednesday, February 27, 2019

ৰঙা গাখীৰ


মূলঃ বিকি মহেশ্ৰী
অনুবাদঃ বিতোপন গগৈ
আকাশত বোমা এটা জলমলাই উঠিল
কণমানিটোৱে সুধিলে মা সেয়া কিহৰ উদযাপন
মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে
আকাশত আকৌ এটা বোমা জলমলাই উঠিল
কণমানিটোৱে সুধিলে মা দেউতা কেতিয়া আহিব
মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে
আৰু এটা বোমা
কণমানিটোৱে সুধিলে মা ইমান বিকট শব্দ ক'ৰ পৰা আহিছে
মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে
আকৌ এটা বোমা
আৰু এটা
আৰু এটা
আৰু এটা
আৰু এটা
আৰু এটা
চৌদিশে মেচিনগানৰ শব্দ
টেংকৰ ঘৰঘৰনি
আকাশত ফাইটাৰ জেটৰ নিনাদ
কণমানিটোৱে আৰ্তনাদ কৰি উঠিল
মা মই তোমাক দেখা নাই
মা মই উশাহ ল'ব পৰা নাই
মা মোক ভালকৈ সাৱটি ধৰা
মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে
মাকে কণমানিটোক বুকুত সাৱটি
গাখীৰ খোৱাবলৈ ধৰিলে
এটা গুলিয়ে তাইৰ বুকু ভেদ কৰি গ'ল
আৰু তাইৰ বুকুৰ গাখীৰখিনি
বৰণ সলাই ৰঙা হৈ পৰিল
কোন মৰিল?
মানুহ
মানৱতা
তেন্তে জীয়াই থাকিল কোন?
মানুহ
মাত্ৰ মানুহ!