Tuesday, March 30, 2021

মোক চৰকাৰ বনাবলৈ দিয়া

মূলঃ আলহাৰ বিকানেৰী
অনুঃ বিতোপন গগৈ

যিসকল বৃদ্ধ মূৰ্খ নেতা আছে, তেওঁলোকক নৰকলৈ গতিয়াই দিয়া
মাত্ৰ এবাৰ, মাত্ৰ এবাৰ মোক চৰকাৰ বনাবলৈ দিয়া

মোৰ ভাষণৰ লাঠিৰ কোবত
পলাব ভোকৰ ভুত
মোৰ বক্তব্য শুনি ভাগিব
পতি-পত্নীৰ যুঁজ। 

মোৰ আশ্বাসৰ ঔষধৰ
এপালি যদি পায় 
চান্দগী ৰাম*ৰ দৰে শৰীৰ হ'ব
পুৰণি টিবি ৰোগীৰ

দুৰ্বলী জনতাক মিঠা প্ৰতিশ্ৰুতিৰ জুচ খোৱালৈ দিয়া
মাত্ৰ এবাৰ, মাত্ৰ এবাৰ মোক চৰকাৰ বনাবলৈ দিয়া। 

যি কাৰোবাক হত্যা কৰিব
তাক মুক্ত কৰি দিম
প্ৰতি গৰাকী অভিনেত্ৰীক 
প্লাষ্টিক চাৰ্জাৰি কৰাই দিম

ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক
সকলোৱে চিনেমাৰ গান গাব
প্ৰতি কলেজত চিনেমা
বাধ্যতামূলক বিষয় কৰি দিম

বুৰঞ্জী আৰু বীজ গণিতৰ দৰে বিষয়বোৰ নিষিদ্ধ কৰি দিয়া
মাত্ৰ এবাৰ, মাত্ৰ এবাৰ মোক চৰকাৰ বনাবলৈ দিয়া

যি ভোকাতুৰ, তাক
চাউল ধাৰলৈ দিম
যি মদাহী, তাৰ
ঘৰতে মহল খুলি দিম

চৰকাৰী হস্পিতেলত যি
পোৱা নাই বিচনা
শেষ নিশ্বাস এৰিলেই
তেওঁৰ ঘৰলৈ পথিয়াই দিম এম্বুলেন্স। 

মই জনসেৱক, মোকো অলপ পূণ্য আৰ্জন কৰিবলৈ দিয়া
মাত্ৰ এবাৰ, মাত্ৰ এবাৰ মোক চৰকাৰ বনাবলৈ দিয়া।

*চান্দগী ৰাম এগৰাকী মল্ল যুঁজাৰু

২৭ মাৰ্চ, ২০২১

আমি যুঁজিম বন্ধু

মূলঃ পাশ
অনুবাদঃ বিতোপন গগৈ

আমি যুঁজিম বন্ধু, উদাস বতৰটোৰ বাবে
আমি যুঁজিম বন্ধু, গোলাম ইচ্ছাবোৰৰ বাবে
আমি বুটলি ল'ম, জীৱনৰ টুকুৰাবোৰ

হাতোৰা এতিয়াও চলে, উদাস কমাৰশালত
হাল এতিয়াও বোৱা হয়, ক্ৰন্দনৰত পথাৰত
এই কাম আমাৰ নহয় নেকি, প্ৰশ্নই ভুমুকিয়ায়
এই প্ৰশ্নবোৰৰ কান্ধত উঠি
আমি যুঁজিম বন্ধু

হত্যা কৰা চিন্তাবোৰৰ শপত খাই
জাপ খোৱা চকুবোৰৰ শপত খাই
হাতৰ গাঁঠিবোৰৰ শপত খাই
আমি যুঁজিম বন্ধু

আমি তেতিয়ালৈকে যুঁজিম
ছাগলীয়ে যেতিয়ালৈকে 
ছাগলীৰ মুত্ৰ পান কৰিব
ফুলি থকা সৰিয়হ ফুলবোৰ
যেতিয়ালৈকে সিঁচাজনে গোন্ধি নাচাব
চলচলীয়া চকুৰ গাঁৱৰ শিক্ষয়িত্ৰীগৰাকীৰ
পতি যেতিয়ালৈকে যুদ্ধৰ পৰা উভতি নাহিব

যেতিয়ালৈকে পুলিচৰ চিপাহীয়ে
নিজৰ ভাতৃৰ ডিঙি চেপিবলৈ বাধ্য
 বিভাগৰ কৰ্মচাৰীয়ে
যেতিয়ালৈকে তেজেৰে আখৰ লিখিব

আমি যুঁজিম যেতিয়ালৈকে
পৃথিৱীত যুঁজৰ প্ৰয়োজন থাকে
যেতিয়া বন্দুক নাথাকিব, তৰোৱাল থাকিব
যেতিয়া তৰোৱাল নাথাকিব, যুঁজাৰ দৃঢ়তা থাকিব
যুঁজাৰ অভ্যাস নাথাকিলেও, যুঁজৰ প্ৰয়োজনীয়তা থাকিব

আৰু আমি যুঁজিম বন্ধু
আমি যুঁজিম
নুযুঁজাকৈ একো পোৱা নাযায় বাবে
আমি যুঁজিম
এতিয়ালৈকে নুযুঁজাৰ বাবে
আমি যুঁজিম
নিজৰ শাস্তি স্বীকাৰ কৰিবলৈ
যুঁজি নিজৰ প্ৰাণ দিয়া সকলৰ
স্মৃতি জীয়াই ৰাখিবলৈ
আমি যুঁজিম। 

২৩ মাৰ্চ, ২০২১

( "পাশ" পঞ্জাৱৰ এগৰাকী প্ৰগতিশীল কবি। প্ৰকৃত নাম অৱতাৰ সিং সন্ধু। তেওঁৰ কবিতাত প্ৰগতিশীল বাওঁপন্থী চিন্তাধাৰা প্ৰতিফলিত হৈছিল। ১৯৮৮ চনৰ আজি ২৩ মাৰ্চ দিনটোতে খালিস্থানী বিদ্ৰোহীয়ে তেওঁক মাত্ৰ ৩৭ বছৰ বয়সত হত্যা কৰিছিল।)

Sunday, March 21, 2021

আটাইতকৈ ভয়ংকৰ

মূলঃ পাশ (অৱতাৰ সিং সন্ধু)
অনুবাদঃ বিতোপন গগৈ, ৰীতা শইকীয়া

পৰিশ্ৰমৰ লুণ্ঠন আটাইতকৈ ভয়ংকৰ নহয়
পুলিচৰ মাৰ আটাইতকৈ ভয়ংকৰ নহয়
বিশ্বাসঘাটকতা আৰু লোভৰ হাতোৰা
আটাইতকৈ ভয়ংকৰ নহয়
বহি বহিয়ে সময় পাৰ কৰি ধৰা পৰা বেয়াতো হয়
শীতল নীৰৱতাত ডুব যোৱা বেয়াতো হয়
কিন্তু আটাইতকৈ ভয়ংকৰ নহয়! 

কপটতাৰ হূলস্থুলত
শুদ্ধ হৈয়ো নিশ্চুপ হৈ পৰা বেয়াতো হয়
জোনাকী পৰুৱাৰ পোহৰত পঢ়া 
হাত সাৱটি সময় পাৰ কৰি দিয়া বেয়াতো হয়
আটাইতকৈ ভয়ংকৰ নহয়! 

আটাইতকৈ ভয়ংকৰ হ'ল
মৃত্যুৰ দৰে শান্তিৰে ভৰি পৰা
যন্ত্ৰণা নাইকিয়া হোৱা
সকলোবোৰ সহি যোৱা
ঘৰৰ পৰা ওলাই কামলৈ যোৱা 
আৰু কামৰ পৰা ওভতি ঘৰলৈ অহা
আটাইতকৈ ভয়ংকৰ হ'ল
আমাৰ সপোনবোৰৰ মৃত্যু হোৱাটো
আটাইতকৈ ভয়ংকৰ হ'ল সেই ঘড়ীটো
যি আপোনাৰ হাতত চলি থাকিও 
আপোনাৰ দৃষ্টিত স্তব্ধ হৈ থাকে

আটাইতকৈ ভয়ংকৰ হ'ল সেই চকু
যাৰ দৃষ্টিয়ে পৃথিৱীক মৰমেৰে চুমিবলৈ পাহৰি যায়
আৰু যি এক ঘৃণনীয় পাকচক্ৰত হেৰাই যায়
আটাইতকৈ ভয়ংকৰ হ'ল সেই গীত
যাক মালিতাৰ দৰে পঢ়া হয়
যি আতংকিত মানুহৰ দুৱাৰত 
গুণ্ডাৰ দৰে খুন্দিয়াইগৈ
আটাইতকৈ ভয়ংকৰ হ'ল সেই জোন
যি প্ৰতিটো হত্যাকাণ্ডৰ পাছত
নিস্তব্ধ চোতাল আবৰে
কিন্তু যাৰ পোহৰে আপোনাৰ দুচকুত
জলকীয়াৰ দৰে নোপোৰে। 

আটাইতকৈ ভয়ংকৰ হ'ল সেই দিশ
য'ত আত্মাৰ সূৰ্য্য অস্ত যায়
আৰু যাৰ মৃত ৰ'দৰ কোনো টুকুৰাই
আপোনাৰ দেহৰ আঘাত কৰে

পৰিশ্ৰমৰ লুণ্ঠন আটাইতকৈ ভয়ংকৰ নহয়
পুলিচৰ মাৰ আটাইতকৈ ভয়ংকৰ নহয়
বিশ্বাসঘাটকতা আৰু লোভৰ হাতোৰা
আটাইতকৈ ভয়ংকৰ নহয়!

Saturday, March 20, 2021

প্ৰায়শ্চিত্ত

মূলঃ জেচিন্তা কেৰকেট্টা
অনুবাদঃ বিতোপন গগৈ

দেউতাই মাৰ প্ৰতি কোনো দিন ভালপোৱা নেদেখুৱালে
সেইবাবে আমিও দেউতাক কোনোদিন ভাল পাব নোৱাৰিলো
ইয়াৰ বাবেও তেওঁ
প্ৰতিবাৰে মাকে জগৰীয়া কৰিছিল

এদিন আমি অনুভৱ কৰিলো
দেউতাক ক্ষমা কৰি দিয়া হওক
নিজৰ হৃদয় পৰিষ্কাৰ কৰা যাওক
সেইবাবে, তেওঁ যেতিয়া বুঢ়া হ'বলৈ ধৰিলে
আমি তেওঁক পুনৰ আকোৱালি ল'লো
আৰু ভাবিলো এনেদৰেই প্ৰায়শ্চিত্ত কৰিছো

কিন্তু বহু দিনলৈ এটা কথা ভাবি থাকিলো
প্ৰতিগৰাকী নাৰীয়ে প্ৰতিবাৰে প্ৰতিজন পুৰুষক
এনেদৰেই ক্ষমা কৰে
তেওঁলোকৰ বাবে নিজৰ হৃদয় পৰিষ্কাৰ কৰে
কিন্তু তেওঁলোকে যে এই ধৰাত জীৱন ভৰ
নাৰীৰ সৈতে ন্যায় নকৰে
শেষত তেওঁলোকে ক'ত প্ৰায়শ্চিত্ত কৰে? 

৮ মাৰ্চ, ২০২১

প্ৰাৰ্থনাৰ বাবে মূৰ দোওৱা লোক

মূলঃ জেচিন্তা কেৰকেট্টা
অনুবাদঃ বিতোপন গগৈ

নিজৰ চকু জপাই
প্ৰাৰ্থনাত ডুবি
মূৰ দোৱাই থকা লোকক
মই প্ৰায়ে
জাগি থকা কমকৈ
শুই থকা বেছিকৈ পাইছো।

২ মাৰ্চ, ২০২১

মৃত মানুহৰ মিছিল

—বিতোপন গগৈ

হঠাৎ মৃত মানুহৰ মিছিল
বাগিচাৰ পৰা চহৰ অভিমুখে আহি থাকোতে
মানুহবোৰ মৃত নাছিল
চহৰত এতিয়া মৃত মানুহৰ মিছিল
কিহৰ দাবীত এই মিছিল
এবটল ফুলি চুলাই নে ৫০০০ টকা
এখন কম্বল নে ১ টকীয়া চাউলৰ দাবীত এই মিছিল

হে সেউজীয়া সোণৰ খনিকৰ
বাগিচাবোৰৰ পৰা চহৰবোৰলৈ
জীয়া মানুহৰ মিছিল হওক
দাবী হওক চহৰখন বাগিচাত হওক
চহৰৰ ধুনীয়া ঘৰবোৰ বাগিচাত হওক
চহৰৰ ফিৰফিৰীয়া পথবোৰ বাগিচাত হওক
চহৰৰ ল'ৰা-ছোৱালীয়ে পঢ়া
বিদ্যালয়বোৰ বাগিচাত হওক
চহৰৰ মানুহে খোৱা পুষ্টিদায়ক খাদ্যবোৰ
বাগিচাৰ মানুহৰ খাদ্য হওক

চহৰত জীয়া মানুহৰ এটা তামাম মিছিল হওক
আৰু চহৰৰ মানুহবোৰে বুজি উঠক
পুৱাৰ ৰঙা চাহকাপৰ ৰং
কাৰ তেজেৰে ৰঙা!

২২ ফেব্ৰুৱাৰী, ২০১৯

ফাগুনৰ ৰ'দ মতলীয়া বুলি কেনেকৈ লিখি দিওঁ কোৱা

মূলঃ অদম গ'ণ্ডৱি
অনুবাদঃ বিতোপন গগৈ

ঘৰৰ শীতল চৌকাত যদি উদং চৰু
ফাগুনৰ ৰ'দ মতলীয়া বুলি কেনেকৈ লিখি দিওঁ কোৱা

ঘূৰি ফুৰে বোবা ভিখাৰীৰ দৰে অনাই বনাই আমাৰ গাঁৱত
এই ফেব্ৰুৱাৰীৰ পুৱা ৰুগ্ন পত্নীতকৈও শেতা

বিদ্ৰোহৰ জুইফুল ফুলি উঠে বুকুৰ শুকান ফুলনিত
শিশুবোৰৰ অশ্ৰুসিক্ত দুচকু মই দেখো যেতিয়া

জ্বলি থকা দেহৰ উত্তাপ কেনেকৈ অনুভৱ কৰো
ভালপোৱাৰ কাহিনীতো এতিয়া নুমাই যোৱা জুইশলাৰ কাঠি। 

১৭ ফেব্ৰুৱাৰী, ২০২১

 ফেইজ আহমেদ ফেইজ
অনুঃ বিতোপন গগৈ

ক যে তোৰ কণ্ঠ স্বাধীন
ক জিভাখন এতিয়াও তোৰ
তোৰ সুগঢ়ী শৰীৰটো তোৰেই
ক প্ৰাণ এতিয়াও তোৰ
চা কমাৰশালৰ অঙঠাত
তপত হৈ আছে ৰঙা লোহা
খোল খাইছে তলা
সিচঁৰতি হৈ পৰিছে প্ৰতিডাল শিকলিৰ শকতি
ক এই অলপ সময়েই বহুত
মনে-প্ৰাণে মৰি যোৱাৰ আগতেই 
ক সত্য জীয়াই আছে এতিয়াও 
ক যিয়েই ক'বলৈ আছে কৈ দে। 

১৩ ফেব্ৰুৱাৰী, ২০২১

সংসদ গীত

মূলঃ গোৰখ পাণ্ডে
অনুবাদঃ বিতোপন গগৈ

সাৱধান! 
সংসদ বহিছে, আলোচনা চলি আছে
ভিতৰলৈ কিছু চকী অনোৱা
বাহিৰত নতুন কাৰাগাৰ তৈয়াৰ কৰোৱা
বান্ধি পেলোৱা জুপুৰীৰ পোহৰ
প্ৰাসাদৰ উজ্জ্বলতা ৰক্ষা কৰা
অৰণ্যত উখলমাখল লাগিছে
জুই জ্বলিছেনে ভোক জ্বলিছে? 

জনতালৈ খবৰ আহিছে
তোমালোক একদম আৰামত মৰা
কিন্তু নিজৰ ৰাজত্ব চলিবলৈ
তোমালোকে আমাক নিৰ্বাচিত কৰা
ক্ষমতাই নিৰ্বাচিত হাতেৰে 
তেল মাৰিছেনে তেজ মাৰিছে? 

বুটজোতাৰে সকলোকে গচকি 
খেলি আছে নকল স্বাধীনতাই
মাতৃভূমিক বেছিলে যি
খাদী পিন্ধি নেতা হৈ গ'ল সি
খালী হৈ যোৱা চৰুত 
দেশ উতলিছেনে দাইল উতলিছে? 

গাদী, আইন আৰু টকাৰ মহাজোঁটক
ধূলিৰ লগত মিলাই দিয়া
এইয়া ঠগৰ ৰাজধানী
ধূলিসাৎ কৰি দিয়া
চাই লোৱা প্ৰপঞ্চ আঁচনি
শস্য অংকুৰিত হৈছেনে মৃত্যু অংকুৰিত হৈছে!

৯ ফেব্ৰুৱাৰী, ২০২১