মূলঃ জেচিন্তা কেৰকেট্টা
অনুবাদঃ বিতোপন গগৈ
দেউতাই মাৰ প্ৰতি কোনো দিন ভালপোৱা নেদেখুৱালে
সেইবাবে আমিও দেউতাক কোনোদিন ভাল পাব নোৱাৰিলো
ইয়াৰ বাবেও তেওঁ
প্ৰতিবাৰে মাকে জগৰীয়া কৰিছিল
এদিন আমি অনুভৱ কৰিলো
দেউতাক ক্ষমা কৰি দিয়া হওক
নিজৰ হৃদয় পৰিষ্কাৰ কৰা যাওক
সেইবাবে, তেওঁ যেতিয়া বুঢ়া হ'বলৈ ধৰিলে
আমি তেওঁক পুনৰ আকোৱালি ল'লো
আৰু ভাবিলো এনেদৰেই প্ৰায়শ্চিত্ত কৰিছো
কিন্তু বহু দিনলৈ এটা কথা ভাবি থাকিলো
প্ৰতিগৰাকী নাৰীয়ে প্ৰতিবাৰে প্ৰতিজন পুৰুষক
এনেদৰেই ক্ষমা কৰে
তেওঁলোকৰ বাবে নিজৰ হৃদয় পৰিষ্কাৰ কৰে
কিন্তু তেওঁলোকে যে এই ধৰাত জীৱন ভৰ
নাৰীৰ সৈতে ন্যায় নকৰে
শেষত তেওঁলোকে ক'ত প্ৰায়শ্চিত্ত কৰে?
৮ মাৰ্চ, ২০২১
No comments:
Post a Comment