Sunday, November 29, 2020

নতুন খেতি

মূলঃ ৰমাশংকৰ যাদৱ 'বিদ্ৰোহী'
অনুবাদঃ বিতোপন গগৈ

মই খেতিয়ক
আকাশত কঠিয়া সিঁচি আছো
কিছু লোকে মোক কৈছে
ঐ পাগল! আকাশত ধান নাথাকে
মই কওঁ পাগল! 
যদি পৃথিৱীত ভগৱান থাকিব পাৰে
তেন্তে আকাশতো ধান থাকিব পাৰিব
আৰু এতিয়া দুয়োটাৰ ভিতৰত যিকোনো এটা হ'বই
হয় পৃথিৱীৰ পৰা ভগৱান উচ্ছেদিত হ'ব
নহয় আকাশত ধান থাকিব!

Saturday, November 28, 2020

জুই লাগক এই ৰাম-ৰাজ্যত

মূলঃ কেদাৰনাথ আগ্ৰৱাল
অনুবাদঃ বিতোপন গগৈ

                    (১)
জুই লাগক এই ৰাম-ৰাজ্যত
ঢোল চাই পুঁজিপতিৰ
চামৰা বাজে দৰিদ্ৰৰ
তেজ বৈছে ৰাম-ৰাজ্যত
জুই লাগক এই ৰাম-ৰাজ্যত

                     (২)
জুই লাগক এই ৰাম-ৰাজ্যত
ভাত অসন্তুষ্ট, প্ৰতিটো গৰাহ কাঢ়ে
কাঁহি খালী, অন্ন বিনে
পেটৰ আৰ্তনাদ ৰাম-ৰাজ্যত
জুই লাগক এই ৰাম-ৰাজ্যত

Friday, November 27, 2020

চিন্তা

মূলঃ Varavara Rao
অনুবাদঃ বিতোপন গগৈ

মই বোমা বিলোৱা নাই
নাই বিলোৱা বিচাৰধাৰা
তোমালোকেই গচকি পেলাইছিলা
পৰুৱাৰ গাঁতবোৰ
কঠিন গোৰোহাৰ জোতাৰে

গচকি পেলোৱা ধৰাত
তেতিয়াই জ্বলি উঠিছিল প্ৰতিহিংসাৰ ধাৰা

মৌমাখিৰ বাহত 
তোমালোকেই লাঠিৰে কোবাইছিলা
এতিয়া তোমালোকক অনুসৰণ কৰা
মৌমাখিৰ গুণগুণনিত
কঁপিছে তোমালোকৰ বুকু

চকুৰ আগত অন্ধকাৰ দেখি
ক'লা পৰি গৈছে তোমালোকৰ মুখ

জনতাৰ হৃদয়ত বজা
জয়ঢোলৰ শব্দক
তোমালোকে মাত্ৰ এক প্ৰত্যাহ্বান বুলি ভাবিছিলা
আৰু সেইফালে বন্দুক টোঁৱাই দিছিলা

এতিয়া দশোদিশৰ পৰা আহিছে
বিপ্লৱৰ আহ্বান!

Thursday, November 19, 2020

এজন বুঢ়া—ভাৰাভাৰা ৰাও

মূলঃ হূবনাথ পাণ্ডে
অনুবাদঃ বিতোপন গগৈ

এজন বুঢ়া
দুবছৰৰ পৰা কাৰাৰুদ্ধ
জামিন নামঞ্জুৰ
প্ৰতি বাৰে, বাৰে বাৰে

এজন ৰুগীয়া বুঢ়া
চৰকাৰী চিকিৎসালয়ত
নিজৰ স্মৃতিশক্তি হেৰুৱাই
আশী বছৰ বয়সত
নিজৰ ঘৰ-পৰিয়ালৰ পৰা আঁতৰত
বহু দূৰত, কিজানি 
আৰু কেতিয়াও গচকিবলৈ নাপাব
নিজৰ চোতালখন
কেতিয়াও লিখিব নোৱাৰিব কবিতা
আৰু কেতিয়াও লিখিব নোৱাৰিব সত্য
কেতিয়াও দিব নোৱাৰিব ভাষণ
আৰু কিজানি
কেতিয়াও নিজে দিব নোৱাৰিব এটা খোজ

কৰ'ণাৰ এই আতংকত
ভীতিগ্ৰস্ত ব্যৱস্থাটোৰ
ইমান ভয়
এজন ৰুগীয়া বুঢ়ালৈ
তেওঁৰ কবিতালৈ
তেওঁৰ কথালৈ
যে জামিন দিবলৈও
কঁপি উঠে এই ব্যৱস্থা

প্ৰমাণ এয়াই যে
আন্ধাৰে এতিয়াও ভয় কৰে
পোহৰৰ সামান্য এটা এটা কণালৈ
কাঠৰ ৰাৱণে জানে
নিজৰ অসামৰ্থ্যতাৰ কথা
কলমৰ শক্তি এতিয়াও বেছি
শাসকৰ সামৰ্থ্যৰ সমুখত

চিন্তা কোনো পৰিস্থিতিতে নমৰে
কেতিয়াও ভীতিগ্ৰস্ত নহয়
মানুহ বুঢ়া হৈ গ'লেও
কেতিয়াও বুঢ়া নহয় চিন্তা 

সুৰক্ষাৰ অসীম সুবিধাৰে পৰিবেষ্টিত হৈও
শাসক কেতিয়াও ভয়মুক্ত হ'ব নোৱাৰে
আৰু শব্দৰ শক্তি
শাসকতকৈ বেছি
বহুত বেছি।

১৫ নৱেম্বৰ, ২০২০

Sunday, November 15, 2020

ধান দোৱা তিৰোতা— ২

মূলঃ জেচিন্তা কেৰকেট্টা
অনুবাদঃ বিতোপন গগৈ

সেইফালে আন্ধাৰত কোন আছে
কেঁকাই থকা এগৰাকী তিৰোতা আছে

এয়াটো সেই গৰাকী তিৰোতাই
যি এই ধৰাত
নিজৰ পিতা, স্বামী, পুত্ৰৰ পথাৰত আজীৱন
ভূঁই ৰোৱে
ধান দায়
মূৰত ডাঙৰি কঢ়িয়ায়

তেন্তে বয়সে ভাটি দিলে
কিয় আন্ধাৰ কোঠাত তেওঁ লঘোণে শোৱে

এতিয়া কাকোৱেই তেওঁৰ প্ৰয়োজন নাই
আন তিৰোতাই তেওঁৰ ঠাই ল'লে
এতিয়া তেওঁলোকে নিজৰ স্বামী আৰু পুত্ৰৰ পথাৰত
ভূঁই ৰোৱে
ধান দায়
মূৰত ডাঙৰি কঢ়িয়ায়

আন্ধাৰ কোঠাত পৰি থকা তিৰোতা গৰাকীয়ে
প্ৰতিবাৰ দুৱাৰ খোলাৰ শব্দ শুনি
জীয়েকহঁতক নাম ধৰি মাতিবলৈ ধৰে
এতিয়া তেওঁ মাত্ৰ সিহঁত চহৰৰ পৰা
উভতি অহালৈ বাট চাই থাকে

আজীৱন যাৰ পথাৰত তেওঁ কাম কৰে
তাতনো কোনে তেওঁৰ সহায় কৰে
তেতিয়াও জীয়ৰীবোৰ য'লৈকে যায়
খেতি-খোলা, ঘৰ-বাৰী, মাক-দেউতাক
সকলোকে চম্ভালে
তেওঁলোকৰ অবিহনে আদিবাসী জন-জীৱন
স্তব্ধ হৈ যাব পাৰে
সেইবাবেই প্ৰতিটো আদিবাসী পৰিয়ালে জীয়ৰী বিচাৰে।

৯ নৱেম্বৰ, ২০২০

Friday, November 13, 2020

কাপোৰ পিন্ধা মানুহবোৰ

মূলঃ যেচিন্তা কেৰকেট্টা
অনুবাদঃ বিতোপন গগৈ

যিসকলে সম্পূৰ্ণকৈ কাপোৰ পিন্ধে
সম্পূৰ্ণ কাপোৰ পিন্ধিয়ে আহিল
আৰু দুৱাৰ ভাঙি
মোৰ ঘৰৰ ভিতৰলৈ সোমাই আহিল
মই মোৰ কোঠাত
আধা কাপোৰ পিন্ধি ঘুৰি ফুৰিছিলো
তেওঁলোকে মোক দেখিয়ে ক'লে
অৰ্ধনগ্ন! অবিকশিত! অসভ্য! 

মই তেওঁলোকক ইমানেই ক'ব খোজো
কাৰোবাৰ ঘৰত
দুৱাৰ ভাঙি সোমোৱাটো অসভ্যালি
সভ্যতাৰ পাঠ পঢ়োৱাৰ আগত
মাত্ৰ দুৱাৰ খটখটাই সোমাবলৈ শিকি লওক।

১ অক্টোবৰ, ২০২০

[ই আলোচনী মুক্তচিন্তা(muktosinta.org)ৰ পৰা যেচিন্তা কেৰকেট্টাৰ বিষয়েঃ সাংবাদিকতাৰে কৰ্মজীৱন আৰম্ভ কৰা যেচিন্তা কেৰকেট্টা ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ অৰাওঁ জনগোষ্ঠীৰ এগৰাকী আদিবাসী কবি আৰু সমাজসেৱী। অৰাওঁ লোকসকল ভাৰতীয় মাইথ’লজীত ৰাৱণৰ সন্তান বুলি জনা যায় ‌। অৰাওঁ আদিবাসী লোকসকলৰ প্ৰতি হোৱা অন্যায়, অবিচাৰৰ হকে সাহিত্যৰ যোগেদি মাত মাতি অহা যেচিন্তাৰ কবিতাসমূহে অৰাওঁ লোকজীৱন, বিশ্বদৰ্শন, সংস্কৃতি আদিও পৰিস্ফুত কৰিছে । ইতিমধ্যে প্ৰকাশিত হোৱা দুখন কবিতা পুথি Angor (২০১৬) Land of the Roots (২০১৮) ইংৰাজী আৰু জাৰ্মান ভাষালৈও অনুদিত হৈছে।]

Monday, November 9, 2020

ধান দোৱা তিৰোতা— ১

মূলঃ জেচিন্তা কেৰকেট্টা
অনুবাদঃ বিতোপন গগৈ

তিৰোতা সকলে ভূঁই ৰোৱে
ধান দায়
মূৰত ডাঙৰি কঢ়িয়ায়

তেওঁলোকে নিজৰ পিতা, স্বামী, পুত্ৰৰ পথাৰত
ভূঁই ৰোৱে
ধান দায়
মূৰত ডাঙৰি কঢ়িয়ায়

তেওঁলোকৰ নিজৰ কোনো পথাৰ নাথাকে
তেওঁলোক এই ধৰাত
আজীৱন
কাৰোবাৰ নহয় কাৰোবাৰ পথাৰৰ
বন্ধোৱা শ্ৰমিক মাত্ৰ।

০৭ নৱেম্বৰ, ২০২০