Friday, July 22, 2022

চোৰ

মূলঃ মঃ আজহাৰ ছিদ্দিকী
অনুঃ বিতোপন গগৈ

চোৰৰ দুটা প্ৰকাৰ আছেঃ
সাধাৰণ চোৰ আৰু ৰাজনৈতিক চোৰ। 

সাধাৰণ চোৰঃ
আপোনাৰ যিকোনো বয়-বস্তু
আপোনাৰ টকাৰ মোনা
আপোনাৰ হাতৰ ঘড়ী
আপোনাৰ মোবাইল
আদি কাঢ়ি লৈ যায়। 

ৰাজনৈতিক চোৰঃ
আপোনাৰ ভৱিষ্যৎ
আপোনাৰ সপোন
আপোনাৰ সৰলতা
আপোনাৰ চেতনা
আপোনাৰ চিন্তা
সকলো কাঢ়ি লৈ যায়। 

কিন্তু মন কৰিব
ইহঁতৰ মাজত এক অদ্ভুত বুনিয়াদী পাৰ্থক্য আছেঃ
১। সাধাৰণ চোৰে আপোনাক নিৰ্বাচিত কৰে আৰু
২। ৰাজনৈতিক চোৰক আপুনি নিজে নিৰ্বাচিত কৰে।

মগজুত তলা মৰা থাকক

মূলঃ আদম গ'ণ্ডৱি  
অনুঃ বিতোপন গগৈ

দুচকুত কাপোৰ বন্ধা আৰু মগজুত তলা মৰা থাকক
সময়ৰ সোঁত নিজৰ মতে বৈ থাকক

বিচৰা খ্যাতি যেনেকৈয়ে নহওক আহি থাকক
অহা দিনবোৰত লাগিলে বাতৰিকাকতত ঋণ কেলেংকাৰীৰ কথা ওলায়ে থাকক

এজন জনসেৱকক এই পৃথিৱীত আৰু কি লাগে
চাৰি-পাঁচজন অন্ধভক্ত, মাইক আৰু মালাহে লাগে!

১৮ ডিচেম্বৰ, ২০২১

Thursday, July 21, 2022

তন্ত্ৰ

মূলঃ গোৰখ পাণ্ডে
অনুঃ বিতোপন গগৈ

ৰজাই ক'লে এতিয়া ৰাতি
ৰাণীয়ে ক'লে এতিয়া ৰাতি
মন্ত্ৰীয়ে ক'লে এতিয়া ৰাতি
চন্তৰীয়ে ক'লে এতিয়া ৰাতি
সকলোৱে কোৱা এতিয়া ৰাতি

এয়া পিছে পুৱাই পুৱাই কোৱা কথা! 

১৭ নৱেম্বৰ, ২০২১

গাঁৱৰ এটা সন্ধ্যা

মূলঃ জেচিন্তা কেৰকেট্টা
অনুঃ বিতোপন গগৈ

তাই খৰিৰ বোজাটো কঢ়িয়াই নামি আহে পাহাৰৰ পৰা
তাইৰ পিছে পিছে লাহে লাহে বেলিটোও নামি আহে
দুয়োকে নামি অহা চাই ৰয় পাহাৰী নদীখনে
আৰু নদীখনৰ উশাহত সন্ধ্যা নামি আহে

পাহাৰৰ পৰা নামি নদীখনলৈ হাউলি
তাই মুখলৈ দুহাতেৰে পানী চতিয়ায়
নদীখনৰ আঁচলত
বেলিটোৱেও ঘাম মচে

ঘৰ পায় খৰিৰ বোজাটো চোতালত থেকেচি
তাই ভিতৰলৈ সোমায় যায়
আৰু বেলিটোও লুকাই পৰে ঘৰটোৰ পিছফালে

সন্ধ্যা তাই খৰি জোৰে
চোতালৰ আগত থকা মাটিৰ চৌকাত
চৌকাৰ পৰা ধোঁৱা উৰে
আৰু গছৰ আঁৰৰ পৰা জুমি চাই
জোনটোৱে হঠাৎ কাহি উঠে
ছোৱালীজনীয়ে দৌৰি গৈ
জোনৰ পিঠিখন পিহি দিয়ে

এইফালে ওৰে নিশা ঠাণ্ডা পৰে
চৌকাত খৰিৰ চাই
সিফালে নিশাৰ চাদৰেৰে লাহেকৈ
পৃথিৱীয়ে মেৰিয়াই লয় নিজৰ ভৰি দুখন
আৰু একেবাৰে নিচিন্ত হৈ
গভীৰ নিদ্ৰাত শুই পৰে গোটেই গাঁওখন। 

(আদিবাসী অধিকাৰ কৰ্মী, লেখক জেচিন্তা কেৰকেট্টাৰ লেখাত আদিবাসী সকলৰ সমাজ-জীৱন, দৈনন্দিন জীৱিকাৰ সংগ্ৰাম, অধিকাৰৰ সংগ্ৰাম প্ৰতিফলিত হয়। তেনে এটা কবিতাৰে অনুবাদৰ চেষ্টা কৰিলো।)

৮ নৱেম্বৰ, ২০২১

সোঁৱৰণ (চে গুৱেভাৰা)


মূলঃ ৱিলফ্ৰেড' ডেৰেকিট'
অনুঃ বিতোপন গগৈ

পুৱা মই সিক্ত দুচকুৰে সাৰ পাইছিলো
বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত তোমাৰ ছবি ছপা হৈছিল
সিহঁতে তোমাক কুকুৰ-মেকুৰীৰ দৰে গুলীয়াই মাৰিছিল
তোমাৰ চিকাৰ কৰিছিল ওৰে দিন ওৰে ৰাতি

সিহঁতে কৈছিল তুমি সদায়ে এটা বিষাক্ত বীজ
আৰু ডেকাবোৰ তোমাৰ বাবেই মৃত্যুমুখত পৰিছিল
সিহঁতে কৈছিল লেতেৰা মুখ আৰু জপৰা চুলিৰে
তুমি এজন পলাতক অপৰাধী 

ধ্ৰুং
কিন্তু মই তোমাক সিহঁততকৈ ভালকৈ জানো
তুমি সকলোৰে মাজত প্ৰেম বিলাই দিছিলা
যুৱক আৰু বৃদ্ধ সকলোৰে বাবে যুঁজিছিলা
তেওঁলোকৰ নিশাবোৰ তুমি তোমাৰ হৃদয়েৰে জ্বলাই তুলিছিলা

আৰু এতিয়া মই তোমাক মৃতদেহ হৈ পৰি থকা দেখিছো
এনে লাগিছে মোৰ সকলো সপোন মৃতদেহত পৰিণত হৈছে
সিহঁতে যি বিচাৰে সেই নামেই তোমাৰ দিব পাৰে
কিন্তু মই জানো তোমাৰ দৰে মাত্ৰ এজনেই আছে
তোমাৰ দৰে মাত্ৰ এজনেই আছে
মাত্ৰ এজনেই চে গুৱেভাৰা আছে

পুনঃশ্চ ধ্ৰুং
তেওঁলোকৰ নিশাবোৰ তুমি তোমাৰ হৃদয়েৰে জ্বলাই তুলিছিলা
তেওঁলোকৰ নিশাবোৰ তুমি তোমাৰ হৃদয়েৰে জ্বলাই তুলিছিলা
তেওঁলোকৰ নিশাবোৰ তুমি তোমাৰ হৃদয়েৰে জ্বলাই তুলিছিলা।

(আজিৰ দিনটোতে ভয়াতুৰ সাম্ৰাজ্যবাদীবোৰে চেক হত্যা কৰিছিল।)
৯ অক্টোবৰ, ২০২১

হিন্দু আৰু মুছলমান


মূলঃ মুন্সী প্ৰেমচান্দ
অনুঃ বিতোপন গগৈ

মন্দিৰত চাউল খাই
মছজিদত পানী খায়গৈ
চৰাইবোৰে 

শুনিবলৈ পোৱা যায়
ৰাধাৰ চাদৰখন হেনো
কোনোবা ছালমা বেগমে সিয়ে

এজন ৰফী চাহাব আছিল
যিজনে
ৰঘুপতি ৰাঘৱ ৰাজা ৰাম গাইছিল

আৰু এজন প্ৰেমচান্দ আছিল
যিজনে
শিশুসকলক "ঈদগাহ" কাহিনী শুনাইছিল

কেতিয়াবা কৃষ্ণৰ লীলা শুনালে
ৰসখানৰ কবিতা শুনিবলৈ পোৱা যায়

বাকীসকলে কিজানি হিন্দু মুছলমান দেখে
মই কিন্তু সকলোৰে ভিতৰত একোজন সৰল মানুহ দেখো! 

"ঈদগাহ":  প্ৰেমচান্দৰ এটা বিখ্যাত গল্প
ৰসখান: এই নামেৰে পৰিচিত চৈয়দ  ইব্ৰাহীম খান এগৰাকী কৃষ্ণ ভক্ত কবি আছিল।

৮ অক্টোবৰ, ২০২১

অজেয়

মূলঃ ৱিলিয়াম আৰ্নেষ্ট হেনলী
অনুঃ বিতোপন গগৈ

পৃথিৱীৰ গৰ্ভৰ দৰে অন্ধকাৰ
মোক সাৱতি থকা এই নিশা
ভগৱান যিয়েই নহওক 
তেওঁক ধন্যবাদ জনাইছো
মোৰ অজেয় আত্মাৰ বাবে

পৰিস্থিতিৰ ভয়ংকৰ খামোচত
মই আৰ্তনাদ নাই কৰা
নাই হোৱা মোৰ চেহেৰা মলিন
ভাগ্যৰ কঠোৰ প্ৰহাৰত
ৰাঙলী হৈছে মোৰ মূৰ 
কিন্তু কেতিয়াও তল হোৱা নাই

এই চকুলো আৰু ৰোষেৰে ভৰা ঠাইখনৰ পাছত
আছে মাথো মৃত্যুৰ ভয়ংকৰ অন্ধকাৰ
কিন্তু মোক ধমকি দিয়া কালে
মোক সদায়ে নিৰ্ভয়ে থিয় দি থকা পাইছে
আৰু নিৰ্ভয়ে ঠিয় দি থকাই পাব

মুক্তিৰ পথত খোজ দিয়াটো
যিমানেই কঠিন নহওক
ভাগ্যত যিমানেই শাস্তি লিখা নাথাকক
মোৰ ভাগ্যৰ গৰাকী কেৱল মই
মোৰ আত্মাৰ পৰিচালক কেৱল মই!

৩০ ছেপ্তেম্বৰ, ২০২১

সাধু—খাই কঠালৰ বাদু

—বিতোপন গগৈ

এসময়ত এখন দেশ আছিল
য'ত বৰগছ থকাৰ পাছতো
এৰাগছেই বৰগছ হৈছিল

অদৃশ্য বুলি ভাবি
উলংগ হৈ ঘুৰি ফুৰা
ৰজাজনৰ দৰেই
এই দেশৰ ৰজাজন
কাপোৰ পিন্ধিও উলংগ আছিল

এই দেশৰ সভাসদ সকলৰ
মূৰবোৰ আছিল যদিও
দেখাত গাধৰ দৰে আছিল
গুণী-জ্ঞানীসকলৰ হাতত কলম আছিল যদিও
সেইবোৰ আচলতে একো একোখন খুনী চুৰিহে আছিল

এইদেশৰ বাতৰি যোগনীয়াৰবোৰ
স্বাভাৱিকতেই ৰজাৰ চোৰাংচোৱা আছিল
সিহঁতৰ জিভাবোৰ কুকুৰতকৈও দীঘল আছিল

এই দেশৰ প্ৰজাবোৰ
কাণ থাকিও কলা আছিল
মুখ থাকিও বোবা আছিল
চকু থাকিও অন্ধ আছিল

ইয়াত মন্দিৰবোৰ চৰকাৰী আছিল
বিদ্যালয়বোৰ ব্যক্তিগত আছিল
ইয়াৰ চিকিৎসকবোৰ চৰকাৰী আছিল
চিকিৎসালয়বোৰ ব্যক্তিগত আছিল

ইয়াত বিদ্যলয়বোৰ বন্ধ ৰাখিবলৈ
আৰু মন্দিৰবোৰ খোলা ৰাখিবলৈ
এটা মাত্ৰ আজুহাতেই যথেষ্ট আছিল

এইখন দেশত গছে নহয়
গৰুৱেহে অম্লজানৰ যোগান ধৰিছিল
আৰু সকলো ৰোগৰ ঔষধ আছিল
পবিত্ৰ গো-মুত্ৰ

গৰু আছিল এই দেশৰ প্ৰথম শ্ৰেণীৰ নাগৰিক
সেয়ে দেশৰ সমস্ত বাঘক বন্দী কৰি থোৱা হৈছিল
দ্বিতীয় শ্ৰেণীৰ নাগৰিক আছিল মানুহ
সেয়ে মানুহবোৰে গো-পূজা কৰিব লাগিছিল

কাষৰীয়া দেশৰ ৰজাবোৰে
সীমা থেলি আমনি কৰি থকাৰ বাবে
এই দেশৰ ৰজাজনক
বিশ্ব সম্ৰাট ঘোষণা কৰা হৈছিল

এনেদৰেই সাধুটো আগবাঢ়িছিল
ভিতৰৰ পৰা মায়ে ভাত খাবলৈ মতাত
জোনাক নিশাৰ চোতালত
বহি কৈ থকা সাধুটো
আইতাই ইমানতে সামৰণি মাৰিছিল

সাধুটোৰ শেষ ক'ত জানিবৰ বাবে
কিছুদিন পাছত আইতাক আকৌ
খুন্দনাত তামোল খুন্দি দি ফুচুলাব লাগিল!

(আইতাই যিহেতু ফেচবুক নকৰে, সেয়ে আইতাৰ হৈ এই সাধু সন্দৰ্ভত ঘোষণাটো ময়ে কৰি দিছোঃ এই সাধুৰ সৈতে অতীত বা বৰ্তমানৰ কোনো বাস্তৱিক ঘটনা বা ব্যক্তিৰ কোনো ধৰণৰ সম্বন্ধ নাই। যদি কোনো সাদৃশ্য দেখা পোৱা যায়, সেয়া মাথো কাকতলীয় সংযোগহে!)

১৬ ছেপ্তেম্বৰ, ২০২১