Sunday, December 27, 2020
চহৰ
Monday, December 21, 2020
এজন খেতিয়ক দেউতাকে পুতেকক দিয়া কেইটামান দিহা
চৰকাৰৰ নিৰৱতা
ভয় কিয় ইমান
ভাত আৰু সংবিধান
Saturday, December 5, 2020
ৰুটি আৰু সংসদ
Sunday, November 29, 2020
নতুন খেতি
Saturday, November 28, 2020
জুই লাগক এই ৰাম-ৰাজ্যত
Friday, November 27, 2020
চিন্তা
Thursday, November 19, 2020
এজন বুঢ়া—ভাৰাভাৰা ৰাও
Sunday, November 15, 2020
ধান দোৱা তিৰোতা— ২
Friday, November 13, 2020
কাপোৰ পিন্ধা মানুহবোৰ
Monday, November 9, 2020
ধান দোৱা তিৰোতা— ১
Saturday, June 13, 2020
প্ৰবাসী
মূলঃ তাপসী পান্নু
অনুবাদঃ বিতোপন গগৈ
আমিতো মাত্ৰ প্ৰবাসী
হয় জানো এই দেশৰ নিবাসী
আমি যদি মানুহ নহয়
মাৰি পেলোৱা আমাক
দি দিয়া আদেশ
খাবলৈতো একো নাপালো
ভোক লাগিল
মাৰ খালো
হাজাৰ মাইল দূৰ বাটকুৰি বালো
কোনোবা চাইকেলত
কোনোবা শুদা ভৰিৰে
বহুত মৰিল ভোকত
আৰু বহুত ৰ'দত
কিন্তু মন নাভাগিল
বৰ মানুহৰ ফাঁকিত
বাছত পঠিয়াই
ৰেলত পঠিয়াই
ৰাস্তা ভুল কৰি
জোন হেৰুৱায়
ইয়াত প্ৰতিমাৰ ভাল অৱস্থা
কিন্তু জীৱনৰহে দাম সস্তা
ভাল দিনে ডাঙৰ সপোন দেখুৱায়
কিন্তু ভোক কাৰো নোহোৱা কৰিব পৰা নাই
ভিক্ষা নালাগে
নালাগে দান
মাত্ৰ কাঢ়ি নল'বা আত্মসন্মান
আমিতো মাত্ৰ প্ৰবাসী
হয় জানো এই দেশৰ নিবাসী?
Friday, June 12, 2020
বাঘজান
জুইবোৰ পানী হৈ পাৰ ভাঙি বৈ আহিছে
ক'লা ধোঁৱাবোৰ ডাৱৰ হৈ আকাশ চানিছে
খাওঁ খাওঁ কৈ
ভয়ংকৰ মুখ মেলি
লেলিহান জিভাৰে চেলেকি চেলেকি
বিকাশৰ জুয়ে
এফালৰ পৰা ধাহিমুহি
পেটত ভৰাই গৈছে
অৰণ্য-বিল-চৰাই-শিহু
চাহনি-তামোলবাৰী-ঘৰ
গিলি গৈছে মাটি-পানী-বতাহ
মানুহবোৰে ধান হেৰুৱাইছে মান হেৰুৱাইছে
বাঁহ হেৰুৱাইছে সাহ হেৰুৱাইছে
আৰু আমাৰ সম্ৰাট নিৰুৱে বেহেলা বজাইছে—
ৰাইজ শংকিত নহ'ব!!!
৯ জুন, ২০২০
Thursday, June 4, 2020
আহ দগাবাজ গ্ৰেপ্তাৰ কৰ মোক
কমৰেড মোৰ বুকুৰ আপোন
লাল চালাম মোৰ নিদ্ৰাহীন দুচকুৰ সপোন
আহ দগাবাজ গ্ৰেপ্তাৰ কৰ মোক!
ফ্ৰান্সৰ ৰাজপথৰ পৰা চোভিয়েট হৈ
ভিয়েটনামৰ খেতি পথাৰত অগনন কমৰেড
কিউবাৰ পৰা বলিভিয়াৰ ঘন জংঘল হৈ
আজি দেশে দেশে অগনন লাল চালাম
নাপাম বোমাৰে তহঁতে শেষ কৰিব নোৱাৰিবি
কমৰেডৰ স্ৰোত
ৰঙা কমৰেড ৰক্তবীজৰ সঁচ
যিমানে মাৰিবি সিমানে মূৰ দাঙি উঠিব কমৰেড
সাৱধান দগাবাজ!
বুটজোতা-বেয়নেটেৰে ৰোধিব নোৱাৰিবি
ৰক্তিম অভিবাদনক
ৰঙা সুৰুযৰ সপোন নহয় ইমান থুনুকা
পশ্চিম ভাৰ্জিনিয়াৰ কয়লা খনি অথবা
কপহুৱাটিঙৰ চাহ বাগিচাত উৰা ৰক্ত পতাকাখন
জাননে কাৰ তেজেৰে ৰঙা
খাতিখোৱা জনতাৰ তেজেৰে ৰঙা
কিমান ভয় দেখুৱাবি
ক'লা আইনৰ
ভয় আচলতে তহঁতৰ
ডুুব যাব তহঁতৰ ভুৱা সূৰ্য
উদিত হ'ব কমৰেডৰ ৰঙা সূৰ্য
সকলোতে মাথো গুঞ্জৰিত হ'ব
লাল চালাম
কিমান বাধা দিবি
হাজাৰ বাৰ চিঞৰিম
কমৰেড
লাল চালাম লাল চালাম লাল চালাম
আহ দগাবাজ গ্ৰেপ্তাৰ কৰ মোক!
Saturday, May 30, 2020
বাস্তৱিক আইন
মূলঃ নবীন চৌৰে
অনুবাদঃ বিতোপন গগৈ
জুন মাহৰ কোনোবা এটা দিন আছিল
ৰাস্তাত এডোঙা তেজ আছিল
তাতে এটা আঙুলি পৰি আছিল
আৰু আঙুলিটোৰ নখত এটা দাগ আছিল
যেতিয়া আঙুলিবোৰে নিৰ্বাচিত কৰিছিল
শাসক কোন হ'ব
তেতিয়া এইটো আঙুলিও তাত উপস্থিত আছিল
তেন্তে আজি কিয় পৰি আছে তেজৰ ডোঙাত
ক'ত আছে তাৰ দেহ
মৰিল, নে নাছিলেই?
কোন আছিল সেইবোৰ মানুহ
যাৰ হাতত লাঠি আছিল—
পুলিচ বিষয়া আছিল
নে ন্যায়াধীশ আহিছিল
কোনে কৰিছিল বিচাৰ
ৰায়দানেই কৰিলে বা কোনে?
নে কোনোবা ধৰ্মাত্মা আছিল
আছিল নেকি ধৰ্মৰ ৰক্ষক?
সেই ধৰ্মৰ উদ্দেশ্য কি আছিল
কোন আছিল সেই ভগৱান?
পুলিছ সাংবাদিক কোনো নহয়
সচেতন নাগৰিক মাথো মই
মোৰ পোনপতীয়া প্ৰশ্ন
উত্তৰো লাগে পোনপতীয়া—
ৰাস্তাত কিয় তেজ বৈছে
কোন আছিল সেইবোৰ মানুহ
"আমি সৰু মানুহ চাৰ
আমিনো মাজত কিয় সোমাওঁ
আমি বচাবলৈও গৈছিলো
তিনিটাই লৈ গ'ল টানি
মটৰচাইকেলত আহিছিল
ৰাস্তাৰ মাজতে ৰখাইছিল"
"আঠ-দহজন ডেকা ল'ৰা
হাতত আছিল দীঘল দীঘল লাঠি
নাম সুধি গালি দিছিল
পেটত ঘোচা
পৰি গৈছিল বেচেৰাটো
তাৰ পাছত ইডালৰ ওপৰত সিডাল লাঠি
ভৰিৰ হাড় গুৰি কৰি দিছিল
মাংসৰ টোপোলা
তেজ যে ইম্মান বৈছিল
আমি চকু আঁতৰাই আনিব লগা হৈছিল"
"তাৰে মাজৰ এটাৰ হঠাৎ চেতনা আহিল
কি জানো ভাবিলে
জেপৰ পৰা সি চুৰি এখন উলিয়ালে
আৰু আঙুলিটো কাটি পেলালে
এই শেষৰ আঘাতটো যি দিছিল
সি সিহঁতৰ চৰ্দাৰ আছিল
সিয়ে সকলোকে কৈছিল
—যিটো মৰিল সি গাড্ডাৰ আছিল
অধিকাৰ নাই ইহঁতৰ
দেশৰ এটা ভোটৰ ওপৰতো
এই উঁই পৰুৱাবোৰক
কেতিয়াও ঘৰৰ ভেটিত ঠাই নিদিবি
ইহঁত এদিন মূৰত উঠিব
চাৰিওফালে চানি ধৰিব
এদিন শাসনৰ গাদী কাঢ়ি ল'ব
তেতিয়া সকলোৱে তেজ মুতিব
ভৰিৰে মুহাৰি পেলা ইহঁতক
তেতিয়া হ'ব ধৰ্মৰ জয়! "
"আমিতো বহুত ভয় খাইছিলো চাৰ
সিহঁতৰ কিন্তু ভয় নাছিল
কি জাতিৰ বা আছিল
একোৱে বুজি পোৱা নাছিলো
সিহঁতৰ মাজত নাছিল কোনো মানুহ
নাছিল কোনো পুৰুষ
সকলো হৈ পৰিছিল ৰক্তপিপাসু
হায়েনাৰ ভিৰ লাগি গৈছিল
ফালি-আঁজুৰি খোৱাৰ লালসাত
সিহঁতৰ চকুবোৰ তিৰবিৰাইছিল
মুখত আছিল হিংস্ৰ পশুৰ হিংস্ৰতা
হাতত লাঠি যিহেতু সিহঁতৰ আছিল
গতিকে গৰুও সিহঁতৰে হৈছিল"
আৰু
এয়া কোনো জুমলা নহয়
এয়াই বাস্তৱিক আইন
আৰে আমাক কিয় সুধিছা
—ৰাস্তাত কিয় তেজ আছে
সোধা এই আঙুলিটোক
কি ঘটনা ঘটিল ইয়াত
কি অপৰাধ কৰিছিল ই
শৰীৰৰ পৰা ইয়াক কটাই হ'ল বা কিয়?
মইটো ভাবিছিলো মৰি গ'ল
কিন্তু আঙুলিটো জীয়াই আছিল
নখটোত চিঞাহী লাগি আছিল
যি দেশৰ সন্মান আছিল
ক'লে—
এতিয়া কি লাগে
ভোট আছিল, দিয়েতো দিলো
বন্দীশালত তিল তিল কৈ জীয়াই আছিলো
মৃত্যু দি যে মুক্ত কৰিলা
তাৰ বাবে বহুত বহুত ধন্যবাদ দিলো
নখত আছে গণতন্ত্ৰ
তাকো তেজেৰে গোট মাৰিলে
আপুনিয়েই আইন
আপুনিয়েতো আদালত
আৰে আপোনাৰ ওপৰত কি আপত্তি কৰিম
আপুনিতো আছে নিদ্ৰাত
আপোনাৰ দৰেই এশ ঠিয় দি আছিল
বৰ্বৰৰ সেই ভিৰটোত
এশৰ ভিতৰৰ এটাইও যদি
দি দিয়ে সাক্ষী আপোনাক
মই আনন্দৰে মানি ল'ম
আপোনাৰ এই ভিৰে কৰা ন্যায়
এতিয়া পেনেলত বহা
বিতৰ্ক কৰা ইয়াৰ ওপৰত
কি হ'ল মোহনৰ শপত
ক'ত গ'ল আম্বেদকাৰ
যদি এই দেশত সকলো সমান
তেন্তে মোকেই কিয় বাচি লোৱা হ'ল
তুমি কোৱা
মোৰ পৰিয়ালক ভাত এতিয়া কোনে দিব
আমাৰ বাস্তৱৰ পৰা বহু দূৰৰ
তুমি চহৰৰ, তুমি নতুন দিল্লীৰ বাসিন্দা
এটা পৰামৰ্শ দিওঁ শুনা—
প্ৰশ্ন তোমাৰ অনেক আছে
কিন্তু ভাবি-চিন্তি কথা সুধিবা
তুমি জানানে ভিৰক প্ৰশ্ন কৰাতোও
এতিয়া মৃত্যুদণ্ডযোগ্য অপৰাধ
অনুসন্ধান কৰিবলৈ আহিছা
কৰা, নিজৰ মতে আৰামত কৰা
এটা-দুটা মৰিলেনো কিটো হ'ব
তিনি-চাৰি দিন আন্দোলন হ'ব—
"গণতন্ত্ৰ বচাম"
পাঁচ নম্বৰৰ দিনা সকলো পাহৰি
নিজৰ কামত লাগি যাব
কামতেই গুৰুত্ব দিয়া
কিন্তু মনত ৰাখিবা
কোনোবাই যদি সোধে
মাত্ৰ এই বুলিয়ে ক'বা—
ভিৰ আছিল কিছুমান মানুহ আছিল
তাৰপাছতো যদি কোনোবাই জিদ ধৰে—
কি হৈছিল-কোনে কৰিলে
ভাবি-চিন্তি টোঁৱাবা আঙুলি
কটা গৈ আছে আঙুলি
কথা সলাই ক'বা—
সিহঁতৰ ঘৃণাৰ ৰোগ হৈছিল
কোনো ধৰ্ম নাছিল
নাছিল কোনো জাত
ভিৰ আছিল
কিছুমান মানুহ আছিল!
(গণ প্ৰহাৰ(mob lynching)ক বিষয় হিচাপে লৈ নবীন চৌৰেয়ে লিখা এটা কবিতা। দেশত বাঢ়ি অহা গণ প্ৰহাৰৰ ঘটনা, বিশেষকৈ ধৰ্মীয় কাৰণত ঘটা এনে ঘটনাক কেন্দ্ৰ কৰি লিখা কবিতাটো অনুবাদৰ চেষ্টা কৰা কিছু দিন হ'ল যদিও ৰাজহুৱা কৰা হোৱা নাছিল। হঠাৎ অসমত একে সময়তে দুটা গণ প্ৰহাৰৰ ঘটনা ঘটাত কবিতাটোলৈ মনত পৰিল। পটভূমি বেলেগ যদিও "ধৰ্ম" বিষয়টো বাদ দি কবিতাটোৱে ক'ব খোজা কথাখিনি হয়তো এই ঘটনাৰ ক্ষেত্ৰটো একেই।)
২৫ মে' ২০২০
মানুহ মৰাটো বৰ সহজ
মানুহ মৰাটো বৰ সহজ হৈ পৰিল
ঠিক বতাহ বলাৰ দৰেই!
পানী দ লৈ ববই
মানুহ নাখাই মৰিবই
বৰ সহজ!
আমি ফেচবুকত চাম
চেড ৰিয়েক্ট কৰিম
কবিতা লিখিম
লাইক ল'ম
বৰ সহজ!
ৰাজপথত পৰি ৰ'ব মৃত শিশু
ৰাজপথতে জন্ম হ'ব নৱজাতক
আমি টিভিৰ সমুখত বহি
ঘৰতে বনোৱা ৰসগোল্লা এটা মুখত ভৰাই
ইঃ ইঃ আঃ আঃ কৰিম
খোজেৰে চাইকেলেৰে
ঘৰলৈ ঘূৰা ল'ৰাবোৰে
ফেচবুক লাইভ কৰি দুৰ্দশাৰ কথা ক'ব
আমি বেমাৰ লৈ
ঘৰলৈ নাহিবি বুলি গালি পাৰিম
চৰকাৰী ৰেল ভাৰা ভৰিব নোৱাৰি
খোজেৰে ঘৰলৈ বাট বোলা শ্ৰমিকৰ মৃত্যুত
আমিয়ে চৰকাৰক গালি পাৰিম
কোনোবাই পিএম কেয়াৰৰ হিচাপ বিচাৰিলে
আমিয়ে দেশদ্ৰোহী বুলি গালি পাৰিম
মহামাৰীত মৰিছে
মহামাৰীৰ বাবেই চিকিৎসা নাপাই
মৰিছে আন ৰোগী
মৰিছে ভাত এগৰাহ নাপাই
ভাত-কাম হেৰুৱাই ঘৰলৈ ঘূৰোতে
বাটত মৰিছে
মুঠতে সকলো ফালে এতিয়া মানুহ মৰিছে
একেবাৰে সহজে
আৰু আমি ভাতৰ লগত পানী খাইছো
চাহৰ লগত লুচী
কিছু অন্তৰ্দ্বন্দত ভুগিছো
দুখ কৰিছো
শুই গৈছো
পুৱা উঠি মহামাৰীৰ গ্ৰাফ পৰীক্ষা কৰিছো
উদ্বিগ্ন হৈছো
জীৱিকাৰ তাৰণাত
ওলাই যোৱাবোৰক সমালোচনা কৰিছো
পুনৰ চাহ ভাত আড্ডা
ফেচবুক টিকটক্ ইনষ্টাগ্ৰাম
সহজে পাৰ হৈ গৈছে দিনটো
ঠিক একেদৰেই সহজে মৰিছে মানুহ
পাইকাৰী হাৰত
কালি ১৭
আজি ২৪
আমনি লাগি গৈছে আৰু
মৰা মানুহৰ হিচাপ দেখি!
কিমাননো নমৰে আৰু ইহঁতি!
হয়, এতিয়া মানুহ মৰাটো বৰ সহজ
এক্কেবাৰে ভাতৰ সৈতে পানী খোৱাৰ দৰে!
১৬ মে' ২০২০
Sunday, May 17, 2020
মূৰ তুলি কথা কোৱা মানুহজন
মানুহজনৰ এটা কলম আছিল
কলমটো তৰোৱালতকৈও তীক্ষ্ণ,
বন্দুকৰ গুলিতকৈও দ্ৰুতবেগী আছিল
কলমটোৰে তেওঁ
নিজৰ মানুহবোৰৰ কথা লিখিছিল
কলমটোৰে তেওঁ মানুহবোৰৰ
অধিকাৰৰ কথা লিখিছিল
কলমটোৰে তেওঁ নিজৰ মানুহৰ
তেজপীয়াবোৰৰ স্কেচ আঁকিছিল
কলমটোৰে তেওঁ তেজপীয়া মাৰিবলৈ
বিহ দি নিজৰে মানুহ মৰাবোৰৰ কথা লিখিছিল
মানুহজনে লিখা সঁচা কথাবোৰে
কাৰোবাক তৰোৱালহৈ কাটিছিল
কাৰোবাক বন্দুকৰ গুলিহৈ মাৰিছিল
সেয়ে তেওঁক এদিন গুলিৰে থকাসৰকা কৰা হৈছিল
তেওঁ যিবোৰ নিজৰ মানুহৰ কথা লিখিছিল
সিহঁতি মাথো চাই থাকিল নিৰ্বিকাৰ অসহায় হৈ
তেওঁ লিখা লেখাবোৰ পিছে আজিও থাকি গ'ল
লেখাবোৰ চুচি-মাজি আজিও অস্ত্ৰ সাজে
তেওঁ কোৱা স্বনিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে যুঁজিবলৈ
আজিৰ প্ৰজন্মই সেই অস্ত্ৰত শান দিয়ে
হয়, মূৰ তুলি কথা কোৱা সেই মানুহজনৰ নাম
পৰাগ কুমাৰ দাস আছিল।
১৭ মে' ২০১৮
Saturday, May 9, 2020
দেশ তুমি ভালে থাকা
মূলঃ গাজী ৰহমান
অনুবাদঃ বিতোপন গগৈ
কথা আছিল
ৰেলত উঠাবা আমাক
কিন্তু ৰেলহে উঠিল
আমাৰ ওপৰত
দেশ তুমি ভালে থাকা
থৈ গৈছো ৰুটি
খাবা ডুবাই আমাৰ তেজত
দেশ তুমি ভালে থাকা
দেশ তুমি আৰু কিমান দিন
মৌন হৈ থাকিবা
কিমান জনৰ মৃত্যুত নিৰৱে কান্দিবা
দেশ তুমি নিৰৱে থকাটো
স্বভাৱ হৈ গৈছে
বিবেক তোমাৰ ঘূণে ধৰিছে
মই মৰিলো দুখ নাই
জীয়াই যে আছিলো
তাৰোতো একো অৰ্থ নাই
মোৰ বুঢ়ী আইক চাবা
দেশ তুমি ভালে থাকা !
Thursday, April 30, 2020
ঠাকুৰৰ কুঁৱা
মূলঃ ঔম প্ৰকাশ বাল্মিকী
অনুবাদঃ বিতোপন গগৈ
চৌকা মাটিৰ
মাটি পুখুৰীৰ
পুখুৰী ঠাকুৰৰ
ভোক ৰুটিৰ
ৰুটি যৱৰ
যৱ খেতিৰ
খেতি ঠাকুৰৰ
গৰু ঠাকুৰৰ
নাঙল ঠাকুৰৰ
নাঙলৰ মুঠিত হাত নিজৰ
ফচল ঠাকুৰৰ
কুঁৱা ঠাকুৰৰ
পানী ঠাকুৰৰ
খেতি-খোলা ঠাকুৰৰ
বাট-পথ ঠাকুৰৰ
তেন্তে নিজৰ কি
গাঁও?
চহৰ??
দেশ???
তই ধৰ্ষিতা হ'লেও
তই ধৰ্ষিতা হ'লেও
মোৰ বাবে আজীৱন
সেউজীয়া চৰাই হৈ ৰ'বি
তই শাৰীৰিক ভাৱে ধৰ্ষিতা হ'লে
মানসিক ভাৱে ধৰ্ষিত হ'ম মই
তোৰ চিৰাচিৰ হোৱা হৃদয়খন
সী ল'ম মোৰ ভালপোৱাৰ বেজীৰে
তোৰ চকুলোৰে মোৰ বুকু ভৰাম
আৰু দুখবোৰ পি খাম
তই নাভাবিবি
মোৰ সাজপানী খোৱা ওঁঠে
পিব নোৱাৰিব তোৰ দুখ
সাজপানী খালেও
এই ওঁঠে বজাব জানে
ভালপোৱাৰ বাঁহীত
আকলুৱা সুৰ
তোৰ আৰু মোৰ মাজত
'মানবীয়তা'!
নালাগে থাকক দে
'ভালপোৱা' খিনিয়ে যথেষ্ট নহ'ব জানো
মোৰ বুকুত তই বাহ সাজিবলে
তই ধৰ্ষিতা হ'লে
কলেজ গেটৰ কবিতাবোৰ
বিদ্ৰোহী হৈ উঠিব
তৰাবোৰ ফিৰিঙতি হৈ জ্বলিব
কবিতাবোৰে প্ৰতিশোধ ল'ব
উমি উমি জ্বলি থকা কবিতাবোৰ
বিস্ফোৰিত হ'ব
তই ধৰ্ষিতা হোৱাৰ বাতৰি
বিয়পি পৰাৰ লগে লগে
ফাঁচীবজাৰৰ ৰঙা গোলাপবোৰ
আৰু অধিক তেজাল হৈ পৰিব
আনকি বগা ৰজনীগন্ধাইও বৰণ সলাব
ফুটপাথত অতবোৰ 'মানুহ' থাকোতে
তোক কোনে উলংগ কৰিব পাৰে ৰাজপথত
মনেৰে তই জীৱন যুঁজৰ
যি সাজ কবচ পিন্ধিলি
কাৰ সাধ্য তোক চুব পৰাৰ
তই ধৰ্ষিতা হ'লেও
ভালপাম তোক
মোৰ চকুলোৰে ধুই ল'ম তোক
জোনাকৰ বৰষুণ উটাই দিম
আমাৰ সমস্ত দুখ
দেহেৰে ধৰ্ষিতা হ'লেও
মনেৰে তই মোৰ
আগৰে সোণ
কিয় লাগে সৰগৰ দুৱাৰ
আহ, তয়ে ময়ে মিলি ইয়াতে ৰচিম
এখন সেউজীয়া পথাৰ
জুলাই, ২০১৫
Tuesday, April 28, 2020
প্ৰশ্ন নুসুধিবা
প্ৰশ্ন নুসুধিবা
নুসুধিবা ভোকাতুৰৰ ভাত ক'ত
এতিয়া ইমাৰজেন্সী
এতিয়া আমাৰ কথাই শিলৰ ৰেখা
আজাৰৰ পৰা বাচিব বিচাৰা যদি
প্ৰশ্ন নুসুধিবা
ভোক মাথো বেপাৰ
সেই বেপাৰ আমাৰ
ভোকৰ কথা নুসুধিবা
ভাত নাই যদি কেক খোৱা
কিন্তু প্ৰশ্ন নুসুধিবা
প্ৰশ্ন নুসুধিবা
টেক্সৰ টকা ক'ত
দেশপ্ৰেম দেখুওৱা
দান দিয়া
হিচাপ নিবিচাৰিবা
মেলাৰ বাবে খেলাৰ বাবে
আমাৰ আছে শ কোটি
দেশৰ বাবে তোমালোকে দিবা
মাথো প্ৰশ্ন নকৰিবা
প্ৰশ্ন মানেই ৰাজনীতি
আৰু এতিয়া ৰাজনীতি
আমাৰ একচেতীয়া অধিকাৰ
প্ৰশ্ন নুসুধিবা
প্ৰশ্ন সুধি
ৰাজনীতি নকৰিবা
নাগৰিকৰ অধিকাৰৰ কথা নুসুধিবা
নুসুধিবা ডাক্তৰৰ সুৰক্ষাৰ কথা
প্ৰশ্ন নুসুধিবা
দেশত এতিয়া ইমাৰজেন্সী
তোমালোকৰ বাবে সকলো বন্ধ
ভাত বন্ধ প্ৰশ্ন বন্ধ
খোলা মাথো বেমাৰ
প্ৰশ্ন নুসুধিবা
এতিয়া দেশত ইমাৰজেন্সী
প্ৰশ্ন সুধিবা
ৰাজনীতি কৰিবা
ৰঙাঘৰলৈ বাট বুলিবা
যদি সুধিবই লাগে
আমি সুধিম প্ৰশ্ন
কিয় নুশুনিবা আমাৰ কথা
কিয় নানাচিবা আমাৰ আঙুলিৰ ঠাৰত
প্ৰশ্ন নুসুধিবা
দেশত এতিয়া ইমাৰজেন্সী
দেশত এতিয়া ৰাজত্ব চলিব কেৱল
বেমাৰ আৰু আমাৰ
৭ এপ্ৰিল, ২০২০
কোৱাণ্টাম ভালপোৱা
আহা আমি কোৱাণ্টামৰ কথা পাতো
ভালপোৱাৰ কোৱাণ্টাম
ঘৃণা ফ'টনৰ কণাবোৰক
হৃদয় তৰংগৰে শুহি লওঁ আহা
আৰু বতাহত এৰি দিওঁ
ভালপোৱাৰ তৰংগ
ঘৃণাৰ আণৱিক কণাবোৰক
নিদিওঁ আহা ঘৃণাৰ আচৰণ কৰিবলৈ
সলনি কৰি দিওঁ সিহঁতক
ভালপোৱালৈ
আহা সকলোৰে হৃদয়
ভালপোৱাৰ তৰংগৰে ত্বৰান্বিত কৰি
জাগ্ৰত কৰো
ভালপোৱাৰ কলেক্টিভ কনচিয়াচনেছ্!
আহা মেক্স প্লাংকক কামত লগাই দিওঁ
আৰু ঘৃণাৰ কোৱাণ্টাক সলনি কৰি পেলাওঁ
ভালপোৱাৰ কোৱাণ্টালৈ
আহা প্লাংক,
মনৰ বল বিজ্ঞান আলোচনা কৰো
আৰু এই বিজ্ঞানৰ নাম দিওঁ
কোৱাণ্টাম ভালপোৱা
৬ এপ্ৰিল, ২০২০
লকডাউন!
গোপাল বৰ্মন তই মহামূৰ্খ!
ভাত নাই যদি
কেককে নাযাচিলি কিয় ল'ছালিক
পানীৰ সলনি গাখীৰ
ৰেচন পাবলৈ কিয় তই
শাসক দলৰ তালিকাত নুঠিলি
সঁচাই মহামূৰ্খ তই
কিয় নিকিনিলি দামী গাড়ী এখন
চলাই ওলাই গ'লেও
লাঠিৰ সলনি পালিহেঁতেন চেল্যুট
ঘটি-লোটা বজাব নাজানিলি
মনোৰঞ্জন কৰিব নোৱাৰিলি শাসকৰ
সেয়ে নাপালি চাউল
লকডাউন এনজয় কৰিব নাজানিলি
ভালেই কৰিলি মৰিলি
গোপাল বৰ্মন মহামূৰ্খ তই
ভালেই হ'ল দে কালি মৰিলি
আজি তোৰ শ্ৰদ্ধাঞ্জলিত
সমগ্ৰ ৰামৰাজ্য জুৰি জ্বলিব
কৌটি কৌটি বন্তি
৫ এপ্ৰিল, ২০২০
এইবাৰ আৰু ফাগুনক লৈ কবিতা লিখা নাযায়
ফাগুনৰ আগুনে এইবাৰ চাৰখাৰ কৰি দিলে পৃথিৱী
ফাগুনৰ আকাশ এইবাৰ ক'লা ধোঁৱাৰে ধূসৰিত
ফাগুনৰ জুই এইবাৰ ঘৰবোৰত লাগিল
জুইফুল কিতাপবোৰত ফুলিল
ফাগুনৰ উদাস মনবোৰ এইবাৰ উগ্ৰ হৈ পৰিল
এইবাৰ ফাগুন বদনামী হৈ গ'ল
কবিতা লিখা ফাগুনৰ হাতত এইবাৰ চিকমিকাই থকা তৰোৱাল
ফাগুনৰ ৰু ৰু পচোৱাত পোৰামঙহৰ গোন্ধ
মলয়াৰ সৈতে চিটিকি পৰে এচিড অথবা পেট্ৰল বোমা
ফাগুনৰ ধুলিৰ সলনি মুখত আহি পৰে ইটাৰ টুকুৰা
ফাগুনৰ ফুলবোৰত তেজে কৰাল মাৰিলে
আধা জ্বলা ফুলৰ পাপৰি
সিঁচৰিত কিতাপৰ পৃষ্ঠা
ধৰ্মৰ জুয়ে পোৰা ধৰ্মহীন মৃত কুকুৰটো
গাত চাৰিশটা ক্ষত চিহ্নৰে ডেকা মৃতদেহটো
দেউতাৰ শতচ্ছিন্ন মৃতদেহ সমুখত লৈ বহি থকা শিশুটো
দেউতাকে বব নোৱাৰাকৈ গধুৰ হৈ যোৱা দুই পুত্ৰৰ শৰ চাঙিখন
এচিডে পোৰা চকুযোৰ
আৰ্তনাদ আট্টহাস্য চকুপানী আসুৰিক উল্লাস
—এইবোৰ
এইবোৰেৰে বদনামী ফাগুনক লৈ
কি কবিতা লিখা যায়!
এইবাৰ আৰু কবিতা লিখা নাযায়
এইবাৰ ফাগুনক লৈ কবিতা লিখা নাযায়
১ মাৰ্চ, ২০২০
সকলো মনত হ'ব
মূলঃ আমিৰ আজিজ
অনুবাদঃ বিতোপন গগৈ
সকলো মনত ৰখা হ'ব
সকলোবোৰ মনত ৰখা হ'ব
তহঁতৰ লাঠি আৰু গুলিৰে
যি সকল বন্ধুক হত্যা কৰা হ'ল
সিহঁতৰ স্মৃতিৰে
আমাৰ হৃদয় জ্বলাই ৰখা হ'ব
আমি জানো
তহঁতে চিঁঞাহীৰে অসত্য লিখিবি
কিন্তু সত্যও লিখা হ'ব
সেয়া আমাৰ তেজেৰেই নহওক কিয়
মোবাইল ইণ্টাৰনেট টেলিফোন
ভৰ দুপৰীয়াই বন্ধ কৰি
ঘনঘোৰ আন্ধাৰ নিশা
সমগ্ৰ চহৰ নজৰবন্দী কৰি
হাতত হাতুৰী লৈ
ঘৰলৈ নিৰ্বিঘ্নে সোমাই আহি
মোৰ সহজ-সৰল জীৱনটোক
তচনচ কৰা
মোৰ প্ৰিয়তমাক
মাজ ৰাস্তাত মাৰি থৈ গৈ
ভিৰৰ মাজত ঠিয় হৈ
নিৰ্লিপ্ত ভাৱে হাঁহি থকা
এই সকলো মন ৰখা হ'ব
সকলোবোৰ মনত ৰখা হ'ব
দিনৰ পোহৰত সমুখত মিঠা মিঠা কথাৰে
হাঁহি হাঁহি সকলো ঠিকে আছে বুলি কৈ
আন্ধাৰ হোৱাৰ লগে লগে
অধিকাৰ বিচৰা সকলৰ ওপৰত
লাঠি গুলি চলোৱা
আমাৰ ওপৰত আক্ৰমণ কৰি
আমাকে আক্ৰমণকাৰী সজোৱা
এই সকলো মনত ৰখা হ'ব
সকলোবোৰ মনত ৰখা হ'ব
এইকথাও মনত ৰখা হ'ব
কি কি ধৰণে তহঁতে
দেশ ভঙাৰ ষড়যন্ত্ৰ কৰিছ
আৰু এইকথাও মনত ৰখা হ'ব
কি কি ধৰণে আমি
দেশ ৰক্ষাৰ চেষ্টা কৰিছো
সকলো মনত ৰখা হ'ব
যেতিয়াই ভীৰুতাৰ কথা কোৱা হ'ব
তেতিয়া তহঁতৰ কাম মনত ৰখা হ'ব
আৰু যেতিয়া জীৱন যুঁজৰ কথা কোৱা হ'ব
আমাৰ কথা মনত ৰখা হ'ব
মনত ৰখা হ'ব যে
কিছু মানুহ আছিল
যাৰ দৃঢ়তাক লোহাৰ হাতুৰীৰেও
ভাঙিব পৰা নাছিল
যাৰ আত্মাক কিনিব পৰা নাছিল
শাসনৰ ঠিকাদাৰে
কিছু মানুহ আছিল
ধুমুহা আহি গুছি যোৱালৈ
যি মাটি খামুচি থিয় হৈ আছিল
যি জীয়াই আছিল
নিজৰ মৃত্যুৰ খবৰ অহাৰ পাছতো
চকুৱে পলক পেলাবলৈ পাহৰি যাব পাৰে
পৃথিৱীয়ে আৱৰ্তন কৰিবলৈ পাহৰি যাব পাৰে
কিন্তু আমাৰ কটা দুভৰিৰ শিপাক
আৰু ভগা কণ্ঠৰ মাতক
মনত ৰখা হ'ব
সকলো মনত ৰখা হ'ব
সকলোবোৰ মনত ৰখা হ'ব
তহঁতে আন্ধাৰ লিখ
আমি পোহৰ লিখিম
জেলত ভৰা
আমি দেৱালতো লিখিম
এফআইআৰ লিখ
আমিও সাজু লিখিম
তহঁতে আমাক হত্যা কৰ
আমি প্ৰেতাত্মা হৈ লিখিম
হত্যাৰ সকলো প্ৰমাণ লিখিম
তহঁতে আদালতত ব্যংগ লিখ
আমি দেৱালত ন্যায় লিখিম
এনেকৈ ক'ম যে কলাইও শুনিব
এনেকৈ লিখিম যে অন্ধইও পঢ়িব
তহঁতে ক'লা কমল লিখ
আমি ৰঙা গোলাপ লিখিম
পৃথিৱীত তহঁতে অত্যাচাৰ লিখ
আমি আকাশত বিপ্লৱ লিখিম
সকলো মনত ৰখা হ'ব
সকলোবোৰ মনত ৰখা হ'ব
যাতে তহঁতৰ নামত ধিক্কাৰ দিয়া হয়
যাতে তহঁতৰ মৰিশালিত
সেই কলংক লিখি ৰখা হয়
তহঁতৰ নাম
তহঁতৰ মৰিশালি
সকলো বিলাক সংৰক্ষিত কৰি ৰখা হ'ব
যাতে তহঁতৰ নাম ঘৃণাৰে মনত পেলোৱা হয়
সকলো মনত ৰখা হ'ব
সকলো কথাই মনত ৰখা হ'ব
Sunday, January 5, 2020
আমি চাই ল'ম
দেশ
"কথা নক'বি, জেলত পচিবি"
আমি চিঞৰেৰে গগন ফালিলো
যি চিঞৰ আজি সমগ্ৰ দেশৰ মুখে মুখে
সিহঁতে ক'লে
"নিলিখিবি, গুলিয়াই মগজু উৰাই দিম"
আমি কবিতাৰে-গানেৰে জ্বলালো একোৰা জুই
যি জুই আজি জনতাৰ বুকুৱে বুকুৱে
সিহঁতে ক'লে
"ৰাজপথত নানামিবি, ওপৰেৰে টেংক চলাই দিম"
আমি ৰাজপথত মানুহৰ ছুনামি আনিলো
উটি হ'ল সিহঁতৰ টেংক
জনতাৰ কণ্ঠৰ শক্তি
সিহঁতে দেখা নাই
সীমাহীন ক্ষমতা পালো বুলি
সিহঁতে আমাক গচকিব বিচাৰে
অজস্ৰ গোলা-বাৰুদ
সহস্ৰ অস্ত্ৰৰ মাজতো
আজি কিন্তু সিহঁত থৰ হৰি ত্ৰস্তমান
জনতা আজি জাগ্ৰত
৩০ ডিচেম্বৰ, ২০১৯
মুক্তিবোধ
ভাবানুবাদঃ বিতোপন গগৈ
ধুমুহাৰ জুলনাত তুমি ঝুলা
জুই হৈ তুমি ফুলা
ছহিদ হ'বলৈ তুমি নাচি উঠা
হে জনতা নিয়ৰক নহয়
ৰক্তিম পুৱাক তুমি চুমা খোৱা
নিজ হাতেৰে পাহাৰ ভাঙা
বোৱাই আনা নদী
কাটি উলিওৱা পথ
জীৱন পি পিয়াহ মাৰা
ভাত তোমাক বেদে নিদিয়ে
কাম তোমাক কোৰাণে নিদিয়ে
ভাষা তোমাৰ ধৰ্ম
মা তোমাৰ কৰ্ম
যুদ্ধ তুমি ভাতৰ বাবে কৰা
যুদ্ধ তুমি মাৰ বাবে কৰা
জীৱনৰ বাবে যুদ্ধ
মাথো বিকল্প
তুমি যুঁজিবা
তুমি জিকিবা
২১ ডিচেম্বৰ, ২০১৯