Saturday, December 5, 2020

ৰুটি আৰু সংসদ

মূলঃ সুদামা পাণ্ডেয় 'ধুমিল'
অনুবাদঃ বিতোপন গগৈ

এজন মানুহে
ৰুটি বেলে
এজন মানুহে ৰুটি খায়
তৃতীয় এজন মানুহো আছে
যি ৰুটি নেবেলে, ৰুটি নাখায়
তেওঁ মাত্ৰ ৰুটিৰে খেলে
মই সুধিছো—
'এই তৃতীয় জন মানুহ কোন?'

মোৰ দেশৰ সংসদ মৌন।

৩০ নৱেম্বৰ, ২০২০

No comments:

Post a Comment