Friday, February 24, 2023

গালিব

মূলঃ কিতাবগঞ্জ  অনুঃ বিতোপন গগৈ

ৰজা মৰিল
সৈনিক মৰিল
মৰি গ'ল গোটেই দেশ

পানশালা বাচি গ'ল
গালিব জীৱিত
ইহঁতক মাৰে কোনে?

২৭ ডিচেম্বৰ, ২০২২

খেতিয়কৰ দিন

মূলঃ কিতাবগঞ্জ  অনুঃ বিতোপন গগৈ

পৃঠিৱীৰ আটাইতকৈ ডাঙৰ সাম্ৰাজ্যখন
পৃথিৱীৰ আটাইতকৈ ডাঙৰ পথাৰখনতকৈ
বেছি ডাঙৰ হ'ব নোৱাৰে।

ইতিহাসৰ কোনো
সম্ৰাটেই
নিজৰ সময়ৰ খেতিয়কতকৈ
বেছি প্ৰয়োজনীয় হ'ব নোৱাৰে।

২৩ ডিচেম্বৰ, ২০২২

বিদ্ৰোহী

মূলঃ আদিত্য ৰহবৰ
অনুঃ বিতোপন গগৈ

বলি থকা বতাহৰ দিশলৈ
গৈ থাকোতে
মোক সকলোৱে ভাল পাইছিল

এতিয়া তেওঁলোকৰ 
মই চকুৰ কুটা

বতাহৰ বিপৰীতে
খোজ দিয়াৰ অভিযোগ
মোৰ ওপৰত

তেওঁলোকৰ অভিধানত
যদি কুটাৰ অৰ্থ বিদ্ৰোহ
তেন্তে হয়
মই বিদ্ৰোহী

গোলাপক বচাই ৰাখিবলৈ
কাঁইটবোৰ বিদ্ৰোহী হোৱাতো
অতি প্ৰয়োজনীয়!

২৩ ডিচেম্বৰ, ২০২২

প্ৰেম

মূলঃ সৌৰভ  অনুঃ বিতোপন গগৈ

মই তোমাক লগপোৱাৰ বাটত
ভূগোল বাধা হৈ পৰে
গণিতেও বাধা দিয়ে আউল লগাই
সৃষ্টিৰোতো নিজৰ নিয়ম থাকে!

মই তোমাক লগ পোৱাৰ
মাত্ৰ দুটাই কাৰণ আছিল
মোৰ আৰু তোমাৰ মাজত প্ৰেমৰ সম্ভাৱনা
মোৰ আৰু তোমাৰ প্ৰেমৰ মাজত সম্ভাৱনা

এই দুই সম্ভাৱনাৰ বাবে
ভূগোলে বাট এৰি দিয়ে
গণিতে যোগ বিয়োগ কৰে
সৃষ্টিয়ে নিয়ম সলনি কৰে

সম্ভাৱনাৰে ভৰা প্ৰেমত
প্ৰকৃতি অনিবাৰ্য
সম্ভাৱনাৰে ভৰা প্ৰেমত
কাকতলীয় বুলি একো নাথাকে।

৬ ডিচেম্বৰ, ২০২২