Friday, February 24, 2023

প্ৰেম

মূলঃ সৌৰভ  অনুঃ বিতোপন গগৈ

মই তোমাক লগপোৱাৰ বাটত
ভূগোল বাধা হৈ পৰে
গণিতেও বাধা দিয়ে আউল লগাই
সৃষ্টিৰোতো নিজৰ নিয়ম থাকে!

মই তোমাক লগ পোৱাৰ
মাত্ৰ দুটাই কাৰণ আছিল
মোৰ আৰু তোমাৰ মাজত প্ৰেমৰ সম্ভাৱনা
মোৰ আৰু তোমাৰ প্ৰেমৰ মাজত সম্ভাৱনা

এই দুই সম্ভাৱনাৰ বাবে
ভূগোলে বাট এৰি দিয়ে
গণিতে যোগ বিয়োগ কৰে
সৃষ্টিয়ে নিয়ম সলনি কৰে

সম্ভাৱনাৰে ভৰা প্ৰেমত
প্ৰকৃতি অনিবাৰ্য
সম্ভাৱনাৰে ভৰা প্ৰেমত
কাকতলীয় বুলি একো নাথাকে।

৬ ডিচেম্বৰ, ২০২২

No comments:

Post a Comment