Monday, December 5, 2022

তোমালোকৰ ভগৱান

মূলঃ ৰমাশংকৰ যাদৱ "বিদ্ৰোহী"
অনুঃ বিতোপন গগৈ

তোমালোকে মানি লোৱা বাবেই
শিল ভগৱান হৈ যায়,
কিন্তু তোমালোকে মানি ল'লেই
শিল পইচা হৈ নাযায়।
গাই তোমালোকৰ ভগৱান হ'ব পাৰে
যাৰে তোমালোকে ৰাজনীতি খেলিব পাৰা
কিন্তু গাখীৰ পাব নোৱাৰা।

৩ ডিচেম্বৰ, ২০২২

No comments:

Post a Comment