Sunday, December 4, 2022

ভোক

মূলঃ কিতাবগঞ্জ  অনুঃ বিতোপন গগৈ

খোৱাতো
মোৰ সকলোতকৈ গভীৰ অনুভৱ

কপাহৰ দৰে বগা ডাৱৰ দেখিও
মোৰ খাবলৈয়ে মন যায়

গুলজাৰৰ কবিতাও
গৰমে গৰমে খোৱাৰ ইচ্ছা মোৰ

ভাললগা মুহূৰ্তবোৰৰ মধুৰতা
জুতি লোৱাৰ হেঁপাহ মোৰ

মোৰ প্ৰেমও কেইবাদিনৰ পৰাই
উঠি আছে চৌকাত!

স্কেচঃ জন লেনন

৩১ অক্টোবৰ, ২০২২

No comments:

Post a Comment