Monday, December 5, 2022

জুই

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

মোৰ বুকুৰ জুইকুৰাৰে
মোৰ ঘৰৰ
চৌকাটোও নজ্বলে

কোনখন মুখেৰে মই
এই পৃথিৱী সলনি কৰো

সেই জুইকুৰা বুকুৰ পৰা বাগৰি
পেটলৈকে গুছি গ'ল

আৰু পেটৰ পৰা ওলাই
কাৰখানাৰ ভাটিত
জ্বলি উঠিল

গোটেই পৃথিৱীক আৱৰি ধৰা শীতত
মোৰ বুকুখন মোচৰ খাই গ'ল।

৩ নৱেম্বৰ, ২০২২
ফটোঃ উগাণ্ডাৰ শৰণাৰ্থী শিবিৰৰ

No comments:

Post a Comment