Sunday, December 4, 2022

কবিতা

মূলঃ কিতাবগঞ্জ   অনুঃ বিতোপন গগৈ

আৰু
মই এই কাৰণেও কবিতা লিখো
যে—
কবিতা যেতিয়ালৈকে থাকিব
কবিয়ে হিচাপ নোলোৱাকৈ
এটুপাল চকুলোও বৈ যাবলৈ নিদিব।

যেতিয়ালৈকে বিক্ষিপ্ত ভাৱে হ'লেও
সুৰ-তাল নোহোৱাকৈও 
গীতবোৰ লিখা হৈ থাকিব
মোৰ বিশ্বাস আছে
কোনো স্বৈৰতন্ত্ৰৰ গুণ-গান লিখা নহ'ব।

২৫ অক্টোবৰ, ২০২২

No comments:

Post a Comment