Monday, June 28, 2021

নীল চৰাই

মূলঃ চাৰ্লচ বুকওস্কি
অনুঃ বিতোপন গগৈ

এটা নীলা চৰায়ে মোৰ বুকুত বাহ সাজি আছে
সি ওলাই আহিব খোজে বাহিৰলৈ
কিন্তু মই বৰ কঠোৰ তাক লৈ 
মই কওঁ, তাতে সোমাই থাক 
কাকো চাবলৈ নিদিওঁ মই
তোক

এটা নীলা চৰায়ে মোৰ বুকুত বাহ সাজি আছে
সি ওলাই আহিব খোজে বাহিৰলৈ
কিন্তু মই তাৰ গাত মদ ঢালি দিওঁ
আৰু মাৰি পঠিয়াওঁ চিগাৰেটৰ ধোঁৱা
বেশ্যাজনী, বিয়েৰ বাৰৰ বয়টো
আৰু গেলামাল দোকানৰ হিচাপ ৰখীয়াটোৱে
কাহানিও নাজানিব যে
সি
মোৰ বুকুতে বাহ সাজি আছে

এটা নীলা চৰায়ে মোৰ বুকুত বাহ সাজি আছে
সি ওলাই আহিব খোজে বাহিৰলৈ
কিন্তু মই বৰ কঠোৰ তাক লৈ 
মই কওঁ,
তাতে সোমাই থাক 
তই বিচাৰ নেকি মোৰ সকলোবোৰ খেলিমেলি হৈ যাওক? 
তই কি মোৰ কামবোৰ বিশৃংখল কৰিব পেলাব খোজ? 
ইউৰোপত বিক্ৰী হোৱা মোৰ কিতাপবোৰ
তই কি ফু মাৰি উৰুৱাই দিব খোজ? 

এটা নীলা চৰায়ে মোৰ বুকুত বাহ সাজি আছে
সি ওলাই আহিব খোজে বাহিৰলৈ
মই কিন্তু বহুত বুধিয়ক
সকলো নিদ্ৰাৰ কোলাত পৰাৰ পাছত
কোনোবা ভৰ নিশাহে
তাক মোৰ বুকুৰ পৰা
বাহিৰলৈ আহি গান জুৰিবলৈ দিওঁ
মই কওঁ, জানো মই 
তই তাতে আছ
সেয়ে উদাস নহ'বি তই

তাৰ পাছত মই তাক বুকুৰ ভিতৰত ভৰাই থওঁ
তেতিয়াও ৰিণি ৰিণি শুনি থাকো তাৰ গান
মোৰ বুকুৰ ভিতৰত 
তাক মই অকণো মৰিবলৈ নিদিওঁ
আৰু দুয়ো একেলগে টোপনি যাওঁ
আমাৰ গোপন চুক্তি মতে
আৰু কেতিয়াবা কেতিয়াবা
এজন মানুহক কন্দুৱাবলৈ এয়াই যথেষ্ট
মই পিছে নাকান্দো
আপুনি?

২৮ জুন, ২০২১

ভাঙ পিঞ্জৰা

মূলঃ সুমিত চোপ্ৰা
অনুঃ বিতোপন গগৈ

ভাঙি দে পিঞ্জৰা
হাতুৰীৰে কোবাই
এইবাৰ মেৰাই ল গাত
নীলা আকাশখন
তাৰপাছত দেখা যাওক
কোনে তোক ক'ব পাৰে
বেচেৰী বতাহৰ দৰে পাতল
তই ভাঙি পেলা এই পিঞ্জৰা

তই ওপজাৰে পৰা
উপেক্ষিত
সেই হিচাপ এতিয়াও বাকী
যি মাটি তোৰ প্ৰাপ্য
এইবাৰ তই কাঢ়ি ল
সেই অধিকাৰ
তই ভাঙি পেলা সেই পিঞ্জৰা

কোৱা হয় এই সম্বন্ধ বহুত গভীৰ
প্ৰকৃততে এয়া
ৰক্ষাৰ নামত বান্ধোন
খুলি দে সকলো গাঁঠি
কাটি পেলা সকলো দুৱাৰ
তই ভাঙি পেলা সকলো পিঞ্জৰা

তোক সিহঁতে নীচ দেখুৱায়
কাৰণ ভয় কৰে তোক
সাহস দেখি তোৰ
কঁপি উঠে সিহঁতৰ বুকু
সিহঁতক তই ত্ৰাসিত কৰ
তই ভাঙি পেলা পিঞ্জৰা

নহবি মাথো তই সোঁতত সাতোৰা
তোৰ নিজৰো আছে বহু অকথিত কথা
জপিয়াই সকলো দেৱাল
তই ভাঙ সকলো নিয়ম
 তই ভাঙি পেলা তোৰ পিঞ্জৰা!

২১ জুন, ২০২১

ফিডেলৰ বাবে এটা গান

মূলঃ আৰ্নেষ্ট' চে গুৱেভাৰা
অনুঃ বিতোপন গগৈ

তুমি কৈছিলা
সূৰ্য এদিন উদয় হ'ব
আহা আমি আগবাঢ়ো
মানচিত্ৰত নথকা সেই পথেৰে
সেই সেউজীয়া ঘৰিয়ালটোক মুক্ত কৰোগৈ
যাক তুমি ভালপোৱা 

আহা আমি আগবাঢ়ো
সকলো উপলুঙা অপমান ওফৰাই
সৌ অদমনীয় বিদ্ৰোহী নক্ষত্ৰৰ সৈতে
কথা দিছো
বিজয়ী হ'ম অথবা
বুকুত গুলী সাৱতি ল'ম

প্ৰথমটো গুলীৰ শব্দতে
ভয়াৰ্ত বিস্ময়েৰে
সাৰ পাই উঠিব সমগ্ৰ অৰণ্য
তেতিয়া আমি তাত থাকিম
নিৰ্ভীক অবিচলিত যোদ্ধা হৈ
তোমাৰ কাষত ঠিয় দি

আৰু দিনটোৰ শেষত যেতিয়া
স্বেচ্ছাচাৰী ফেচিবাদী বিৰোধী যুঁজখনৰ
শেষ সময় উপস্থিত হ'ব
তেতিয়া তোমাৰ কাষত
শেষ যুদ্ধৰ অপেক্ষাত
আমি থাকিম সাজু হৈ

যিদিনা কিউবান জনতাৰ
যাঁঠিৰ আক্ৰমণত আহত হৈ
সেই পশুৱে নিজৰ
ক্ষতস্থান চেলেকি থাকিব
গৰ্বিত হৃদয়েৰে আমি
তোমাৰ কাষত থিয় দি থাকিম

তুমি নাভাবিবা
সিহঁতে ৰাজকীয় উপহাৰৰ টোপোলাৰে
আমাৰ একতা আৰু সততা
কিনিব পাৰিব
আমি সিহঁতৰ বন্দুক
সিহঁতৰ গুলীবোৰ বিচাৰো
আৰু একো নিবিচাৰো

আৰু যদি লৌহ কপাত
আমাৰ পথৰ হেঙাৰ হয়
তেন্তে আমাৰ গেৰিলা হাড় ঢাকিবলৈ
আমি বিচাৰো
কিউবান চকুলোৰে বোৱা
এখন কফিন কাপোৰ
আমেৰিকান ইতিহাসৰ এই যাত্ৰাত
আমি আৰু একো নিবিচাৰো।

১৪ জুন, ২০২১

উলগুলানৰ পথলৈ

মূলঃ শৰদিন্দু উদ্দীপন
অনুঃ বিতোপন গগৈ

তই সাৱধান কৰি দিছিলি
আমি বুজি নাপালো বিৰচা
তই জুই জ্বলাইছিলি
আমি জ্বলি নুঠিলো
তই কৈছিলি—
হাড়িয়া আমাৰ শতৰু
ইয়ে কৰিব শেষ আমাক! 
আমি আকণ্ঠ পি ডুবি থাকিলো
ভাবিলো— খোৱা পিয়া স্ফূৰ্তি কৰা
আৰু শেষ হৈ যোৱা
এইটোৱেই হ'ল আমাৰ কাল! 

তই কৈছিলি—
উলগুলানৰ মৰণ নাই
সিহঁতৰ শাসন, শোষণ, দমন, উৎপীড়নত পিষ্ট হ'লে
সিহঁতৰ দা, তৰোৱাল, ত্ৰিশূল, কুঠাৰে আমাৰ ৰক্তপান কৰিলে
সিহঁতে আমাৰ মাটি
আমাৰ জংগল-পাহাৰ
আমাৰ মা-ভনীৰ সন্মান কাঢ়ি ল'ব বিচাৰিলে
গৰজি উঠে পাহাৰ
পাহাৰবোৰ ফাটি চিৰাচিৰ হয়
আৰু তাতেই দেখা যায় উলগুলানৰ জুই 
আমি তোক একেবাৰেই পাহৰি গ'লো বিৰচা

এতিয়া সিহঁতে আমাৰ জংঘল কাঢ়ি লৈছে
আমাৰ মাটি কাঢ়ি  লৈছে
কৈছে— এই জংঘল তহঁতৰ নহয়
জংঘল এৰি দে! 
কৈছে এনআৰছি হ'ব
কাগজ দেখোৱা! 
এনপিআৰ হ'ব
কাগজ দেখোৱা! 
যেতিয়াই কাগজ নাই ক'ম
সিহঁতে আমাক ডিটেচন কেম্পলৈ লৈ যাব
আদিবাসীয়ে কি কাগজ দেখুৱাব অ' বিৰচা! 

তোক আজি বুজি পাইছো ধৰতি আবা
শুনিছো তোৰ উলগুলানৰ আহ্বান
বুজিব পাৰিছো পাহাৰটোৱে কিয় কান্দে
কিয় গৰজি উঠে! 
বুজি পাইছো কিয় তই কৈছিলি—
এই মাটি আমাৰ
এই জংঘল আমাৰ
এই পানী এই পোহৰ এই বতাহ
সকলো আমাৰ! 
মই ধৰতি আবা
তহঁত শতৰু
তহঁত বিদেশী
আঁতৰি যা! 

আজি আমি কাঁড়-ধনু তুলি ল'ম বিৰচা
ধামছা মাদলত সুৰ তুলিম
পুৰুষ-নাৰীৰ ভৰিৰ তালত
গৰজি উঠিব পাহাৰ
পাহাৰে পাহাৰে
জ্বলি উঠিব উলগুলানৰ জুই
শিল ভঙা এই দেহেৰে
শতৰুক সকিয়াই দিম—
এই দেশ আমাৰ
এই জংঘল পাহাৰ আমাৰ! 

শব্দাৰ্থঃ
উলগুলান– যুদ্ধ, বিৰচা মুণ্ডাই ব্ৰিটিচৰ বিৰুদ্ধে কৰা গেৰিলা যুদ্ধ
হাড়িয়া– মদ
ধৰতি আবা– পৃথিৱীৰ পালক
ধামছা মাদল– আদিবাসী সকলৰ ঢোল

৯ জুন, ২০২১

গছবোৰে আপোনাক কি ক'লে

মূলঃ জেচিন্তা কেৰকেট্টা
অনুঃ বিতোপন গগৈ

গছবোৰে আপোনাক
গছ ৰুবলৈ কোৱা নাই
মাত্ৰ নিজৰ ভাগৰ মাটিখিনি এৰি দিবলৈ কৈছে
য'ত সিহঁত নিজৰ ধৰণে গজিব পাৰে
কিন্তু আপোনালোকে সিহঁতৰ ভাগৰ মাটিত
গোঁজ পুতি বহি আছে
আৰু "গছ ৰোৱক, পৃথিৱী বচাওক" বুলি চিঞৰি আছে

জীয়াই থাকিবলৈ
উশাহ লৈও এতিয়া
আপোনালোকে বৰ কষ্টৰে
নিশাহ এৰাৰ অভ্যাস কৰি আছে
গছবোৰৰ ভাগত পৰা পৃথিৱীখন এৰি দিবলৈ
আপোনালোকৰ কিমান সাহস আছে?

Tuesday, June 1, 2021

সাম্যবাদী

মূলঃ কাজী নজৰুল ইছলাম
অনুঃ বিতোপন গগৈ

গাওঁ মই সমতাৰ গান
য'ত আহি একাকাৰ হৈ যায় সকলো বাধা ব্যৱধান
য'ত মিলি যায় হিন্দু বৌদ্ধ মুছলিম খ্ৰীষ্টান
গাওঁ সমতাৰ গান। 

কোন তুমি? পাৰ্চী? জৈন? ইহুদী? চাওতালী, ভীল, গাৰো? 
কনফুচিয়াছ? চাবাৰ্কৰ শিষ্য? কৈ যোৱা, কোৱা আৰু! 

বন্ধু যিমান সুখী হোৱা, 
পেট পিঠি কান্ধ মগজুত যি ইচ্ছা সেই পাণ্ডুলিপি কিতাপ লোৱা, 
কোৰাণ পুৰাণ বেদ বেদান্ত বাইবেল ত্ৰিপিটক, 
জেন্দাবেস্তা গ্ৰন্থচাহেব পঢ়ি যোৱা, যত হওক, 
কিন্তু কিয় কৰা এই পণ্ডশ্ৰম, মগজুক কিয় মাৰা শূল? 
দোকানৰ কিয় ইমান দৰ-দাম?পথৰ কাষত ফুলিছে সতেজ ফুল! 
তোমাৰ লগতে আছে সকলো কিতাপ সকলো কালৰ জ্ঞান, 
সকলো শাস্ত্ৰ বিচাৰি পাবা, জুমি চোৱা নিজৰ প্ৰাণ! 
তোমাৰ লগতে আছে সকলো ধৰ্ম, সকলো যুগাৱতাৰ, 
তোমাৰ হৃদয় বিশ্ব দেৱালয় সকলো দেৱতাৰ। 
কিয় বিচাৰি ফুৰা দেৱ-দেৱতা মৃত পাণ্ডুলিপি-কংকালৰ? 
হাঁহে সিহঁতে অমৃত-হিয়াৰ নিভৃত অন্তৰালৰ! 

বন্ধু মিছা কোৱা নাই, 
ইয়াত ৰাজমুকুট সকলোৱে আহি লৈ যায়। 
এই হৃদয়েই সেই নিলাচল কাশী মথুৰা বৃন্দাবন, 
এয়াই বুদ্ধগয়া এয়াই জেৰুজালেম মদিনা কাৰাভৱন, 
মছজিদ ইয়াতে মন্দিৰ ইয়াতে গিৰ্জা এই হৃদয়, 
ইয়াত বহিয়েই ইছা-মুছাই পাইছিল সত্যৰ পৰিচয়। 
এই ৰণভূমিতেই মুৰুলী বাদকে কৈছিল মহাগীতা, 
এই চাপৰিতে ভেড়া চৰাইছিল নবী খুদাৰ মিতা। 
এই হৃদয়ৰেই ধ্যান গুহাত বহিছিল শাক্যমুনি, 
ত্যাগিছিল ৰাজ্য মানুহৰ মহাবেদনাৰ আহ্বান শুনি। 
এই কন্দৰতে আৰৱ-পুত্ৰই শুনিছিল আহ্বান, 
ইয়াতেই বহি তেওঁ গাইছিল কোৰাণৰ সাম্যগান। 
মিছা শুনা নাই ভাই, 
এই হৃদয়তকৈ ডাঙৰ কোনো মন্দিৰ-কাবা নাই।

২৭ মে' ২০২১

তেওঁলোক বহি আছে

মূলঃ আদৰ্শ ভূষণ
অনুঃ বিতোপন গগৈ

তেওঁলোক বহি আছে
খুটি পুতি
দুচকু দৃঢ় কৰি

ৰুটি বান্ধি লৈ আহিছে
ঘৰৰ চৌকাবোৰ 
তোমাৰ সমুখত আনি থৈছে
আশ্বাস নাই বিচৰা তোমাৰ পৰা
তেওঁলোকে বিচাৰিছে
ৰুটিৰ সলনি ৰুটি

পথাৰ খান্দি লৈ আনিছে
নিজৰ পথাৰৰ মাটি
তোমাৰ সমুখত থৈছে
ভাষণ বিচৰা নাই তোমাৰ পৰা
তেওঁলোকে বিচাৰিছে
মাটিৰ সলনি মাটি

তেওঁলোক বহি আছে
কাৰণ বেঁকা ৰাজহাড়েৰে
ঠিয় দি থাকিব নোৱাৰি

হাল কোৰ খন্তি একো লৈ অহা নাই
চেন্দেলজোৰ পৰ্যন্ত অনা নাই
দূৰৰ পৰা তুমি  শুনা নাছিলা
সেয়ে গুছি আহিল খালী ভৰি খালী হাতেৰে

হাতৰ মুঠিবোৰ লৈ আহিছে তেওঁলোক
সবল মুঠিবোৰ
ঘৰৰ চাদত থিয় হৈ চাবা
আকাশলৈ মুখ কৰা উৰ্ধবাহু মুঠিবোৰ
য'ত বন্ধা আছে মাহ বছৰ শতিকা

তেওঁলোকে যুঁজা নাই
এয়া কোনো যুদ্ধ নহয়

ৰুটি বিচৰাতো যুদ্ধ হ'ব নোৱাৰে
আৰু যদি হয়
তেন্তে ইয়াতকৈ লজ্জাজনক কি হ'ব পাৰে—
দেশৰ কৃষকসকলে ৰুটিৰ বাবে যুঁজিছে
আৰু আমি আৰামত ৰুটি খায় আছো

কিয়? 
ভোক সহ্য নহয়? 
ভোক সহ্য কৰিব লগা বস্তু নেকি! 

এয়া কোনো কৌতুক নহয়
নহয় আচৰ্যকৰ
যাক বহোৱাই ভৰি ধুৱাব লাগিছিল
তেওঁলোকৰ ওপৰত নিক্ষেপ কৰা হৈছে জলবোমা 

যিসকল আটাইতকৈ আৰামত শুব লাগিছিল
তেওঁলোকে টোপনি এৰি খাব লগা হৈছে মাৰ 

যাৰ কথা সকলোতকৈ আগত শুনিব লাগিছিল
তেওঁলোকক ঠিয় কৰাই দিয়া হ'ল শাৰীৰ শেষত 

তেওঁলোক বহি আছে
হাৰি যোৱা নাই

যাক বানে হৰুৱাব পৰা নাই
খৰে হৰুৱাব পৰা নাই
তেওঁলোকক চৰকাৰে হৰুৱাব পাৰিবা বুলি
সপোন নেদিখিবা
তেওঁলোকক ভয় খুৱাওৱাৰ ভ্ৰমত নাথাকিবা

তেওঁলোক বহি থাকিব
নিজৰ মাটি বুকুত সাৱতি

তুমি গাদী এৰিব লাগিব
গাদী বুকুত সাৱতা বস্তু নহয়!

২৬ মে' ২০২১

যুদ্ধৰ গৰাকী

মূলঃ বব ডিলান
অনুঃ বিতোপন গগৈ

আহা হে যুদ্ধৰ গৰাকী
তুমিয়ে সাজিছা সকলো বন্দুক
তুমিয়ে সাজিছা মৃত্যুৰ সকলো উৰা জাহাজ
তুমি সাজিছা বোমা 
তুমি যে দেৱালৰ আঁৰে আঁৰে লুকাই ফুৰা
তুমি যে মেজৰ তলত লুকাই ফুৰা
মই মাত্ৰ তোমাক জনাব বিচাৰো
মই তোমাক তোমাৰ মুখাৰ আঁৰতো দেখো

তুমি কেতিয়াও একো কৰা নাই
কিন্তু যি সাজিছা সকলো ধংসৰ বাবে
তুমি মোৰ পৃথিৱীৰ সৈতে খেলিছা
যেন এইটো তোমাৰ পুতলাহে
মোৰ হাতত বন্দুক ধৰাই দি
মোৰ চকুৰ সমুখৰ পৰা তুমি পলাইছা
পিঠি দেখুৱাই তুমি দূৰলৈ দৌৰি পলাইছা
যেন বন্দুকৰ গুলিহে

সাধুকথাৰ জুডাছৰ দৰে
তুমি মিছা কোৱা আৰু কৰা প্ৰৱঞ্চনা
বিশ্বযুদ্ধ জিকিব পাৰিম বুলি
তুমি মোক বিশ্বাস দিয়া
কিন্তু মই তোমাক তোমাৰ দুচকুত দেখা পাওঁ
আৰু দেখা পাওঁ তোমাৰ চিন্তাত
যেনেকৈ দেখা পাওঁ মই পানীৰ মাজেৰে
যি মোৰ ঘৰৰ নলীৰে বয়

তুমি ঘোঁৰা সজোৰে ধৰিছা
যাতে মানুহবোৰলৈ হঠাৎ গুলিয়াই দিব পাৰা
তাৰপাছত আৰামত বহি চাই থাকা
মৃতকৰ সংখ্যা বাঢ়ি গৈ থাকে যেতিয়া
তুমি নিজৰ প্ৰাসাদত লুকাই থাকা
যুৱকবোৰৰ শৰীৰৰ পৰা
বৈ আহে তেজ
আৰু মিলি যায় বোকাৰ লগত

তুমি আটাইতকৈ ভয়াবহ আতংক বিয়পাইছা
কেতিয়াও মুক্তি পোৱা নাযাব যাৰ পৰা
যাতে পৃথিৱীলৈ শিশু কেতিয়াও নাহক
মোৰ নজন্মা অনামী সন্তান নাহক এই পৃথিৱীলৈ
তুমি সেই ৰক্তৰ যোগ্য নহয়
যি বৈ আছে তোমাৰ শিৰাত

মই জানো যিমান
বেছি তৰ্ক কৰিব
তুমি ক'ব পাৰা সেয়া মোৰ যৌৱনৰ উতলা তেজ
তুমি ক'ব পাৰা মই অবুজ
হ'ব পাৰো তোমাতকৈ সৰু
কিন্তু এটা কথা মই জানো
তোমাক ঈশ্বৰেও ক্ষমা নকৰে
তোমাৰ কামৰ বাবে

তোমালৈ এটা প্ৰশ্ন আছে—
তোমাৰ ধন-সম্পত্তিৰে 
পাৰিবানে কিনিব ক্ষমা? 
তুমি ভাবানে পাৰিবা? 
এনে লাগে মোৰ
যেতিয়া তোমাৰ মৃত্যু আহিব
যিমান ধন তুমি ঘটিলা
তাৰে তুমি নিজৰ আত্মা ঘূৰাই নোপোৱা

মই আশা কৰো তুমি মৰিবা
বহুত শীঘ্ৰে আহিব তোমাৰ মৃত্যু
মই তোমাৰ কফিনৰ সৈতে যাম
সেই নিঃস্তেজ বিয়লিটোত
মই চাম তোমাক যেতিয়া
নমাই দিয়া হ'ব মৃত্যুশেতেলিলৈ
মই তেতিয়ালৈকে ৰৈ থাকিম তোমাৰ কবৰৰ কাষত
যেতিয়া মোৰ বিশ্বাস হ'ব যে তুমি সঁচাই মৰিলা! 

২৪ মে' ২০২১

(বব ডিলানৰ গানটো হিন্দীলৈ কবিতা ৰূপে ৰমাশংকৰ সিংহই কৰা অনুবাদৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে।)

মৰি আছে সকলোবোৰ মোক বদনাম কৰিবলৈ

মূলঃ পুনিত শৰ্মা
অনুঃ বিতোপন গগৈ

মহাৰাজে টিভিত কৈছে দুচকুত নিজৰা লৈ
মৰি আছে সকলোবোৰ মোক বদনাম কৰিবলৈ

সকলোৰে ঘৰত অন্ন আছে জানি-বুজি নাখায়
মোকলৈ ঈৰ্ষা কৰে মোৰ চৰ্চা সহ্য নহয়
নিজৰ উশাহ নিজে বন্ধ কৰে নিজৰ ডিঙি মোচৰি
মৰি গ'ল কিন্তু চাওকচোন দেহটো কিমান অহংকাৰী
ইহঁতে টকা পাইছে এই কাম কৰিবলৈ
মৰি আছে সকলোবোৰ মোক বদনাম কৰিবলৈ

প্ৰতিটো ৰাস্তাতে মই গজাই তুলিছো ঔষধৰ ফচল
এখন দুখন কি গোটেই দেশখনেই কৰি দিছো হস্পিতেল
ইহঁতৰ আচল পৰিকল্পনা তোমাক নকয়
প্ৰথমে মৰি যায় আৰু পাছত একোটা সংখ্যা হৈ বাঢ়ি যায়
সংখ্যা হৈ যায় মোৰ মূৰত মাৰিবলৈ
মৰি আছে সকলোবোৰ মোক বদনাম কৰিবলৈ

২৩ মে' ২০২১

গাঁৱত কোনে গুলি চলায়

মূলঃ জেচিন্তা কেৰকেট্টা
অনুঃ বিতোপন গগৈ

প্ৰতি নিশাই গাঁওখন বিচনাত পৰে
কিন্তু সেই টোপনিৰ ওচৰলৈ
এতিয়া কোনো সপোন নাহে
যোৱা নিশা সকলো সপোনক বন্দী কৰি
জেলত ভৰাই থোৱা হ'ল
য'তেই সপোনবোৰ গজি উঠাৰ সম্ভাৱনা আছিল
তাত কাঠফুলাৰ দৰে গজি উঠিছে সৈনিকৰ ছাউনি

দিন আৰু ৰাতিবোৰ আচৰিত ধৰণে সন্ত্ৰস্ত
গাঁৱৰ এটা আদিবাসী ল'ৰা
দেখিছিল কেতিয়াবা নিজৰ মাটিক সেৱা কৰাৰ সপোন
এতিয়া মাজনিশা সি সাৰ পাই উঠে
এতিয়া সপোনত দেখে সি হত্যাকাৰী বন্দুক

এতিয়া তাৰ টোপনি ভৰি আছে
বহু ভয়ানক ঘটনাৰ স্মৃতিৰে
দোভাগ ৰাতি সি সাৰ পায়
নিজৰ মুখখন মোহাৰে
এনেকুৱা লাগে যেন
কোনো বন্দুকৰ কুন্দা তাৰ কোৱাৰি ফালি সোমোৱাই  দিয়া হৈছে
আৰু তেজেৰে লুতুৰি পুতুৰি হৈ দাঁতবোৰ
তাৰ হাতত আহি পৰিছেহি
দোভাগ ৰাতি সাৰ পায়
সি নিজৰ ভৰি দুখন চুই চায়
গুলি সোমাই থকা নাইতো? 
তাৰ এতিয়া এনেকুৱা বাৰে বাৰে হয়

সিদিনা আঘাতপ্ৰাপ্ত হৈ পৰি যোৱা
আধামৰা বিৰছাক
পলোৱাত বিফল হোৱা দেখি
সেই মানুহটোৱে প্ৰথমে চৌদিশে চালে
আৰু কাকো নেদেখি মনে মনে
তেওঁৰ বুকুত তিনিটা গুলি গুজি দিলে
আনজন বিৰছা যাৰ ভৰিত গুলি লাগিছিল
উশাহ বন্ধ কৰি জাৰণিত পৰি থাকিল নিঃশব্দে

আজিও কাগজৰ টোপোলাত
সেই ভৰিৰ পৰা উলিওৱা গুলিটো লুকুৱাই
তেওঁ ঘুৰি ফুৰে অস্থিৰ চেতনাহীন হৈ—
চোৱা এইটোৱেই প্ৰমাণ
যে আচলতে কোনো গাঁৱত
সকলোতকৈ আগত কোনে গুলি চলায়?

২২ মে' ২০২১

চট্টিছগড়ত মাওবাদী বিচৰাৰ নামত আদিবাসী গাঁওবোৰত আৰক্ষী ছাউনি পাতি তেওঁলোকক অত্যাচাৰ চলোৱা হৈছে। তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা গাঁওবাসীৰ সমৰ্থনত আদিবাসী সমাজকৰ্মী, কবি Jacinta Kerkettaই এই কবিতাটো লিখিছে।

শিকলি

মূলঃ হো চি মিন
অনুঃ বিতোপন গগৈ

এক ভয়ংকৰ ৰাক্ষসৰ দৰে
ভোকাতুৰ মুখ মেলি
প্ৰতি নিশাই শিকলিবোৰে মানুহবোৰৰ ভৰি গিলি পেলায়
সিহঁতৰ দাঁতে প্ৰতিজন কয়েদীৰ সোঁভৰিত কামুৰি ধৰে
মাত্ৰ বাওঁভৰিটো কোচাবলৈ মেলিবলৈ মুক্ত হৈ থাকে

তাৰপাছতো এই ধৰাত একোটা আচৰিত ঘটনা ঘটে
মানুহবোৰে শিকলিৰ বান্ধোনত নিজৰ ভৰি ভৰাবলৈ দৌৰে
এবাৰ বান্ধোনত পৰাৰ পাছত
সিহঁত শান্তিৰে শুব পাৰে
নহ'লে মূৰটো লুকুৱাবলৈও
সিহঁতে ঠাই বিচাৰি নাপায়।

১৯ মে' ২০২১

মৃতদেহবোৰে কথা ক'ব নোৱাৰে

মূলঃ অশোক মিশ্ৰ
অনুঃ বিতোপন গগৈ

মৃতদেহবোৰে কথা ক'ব নোৱাৰে
কিন্তু কয় 
সাঁতুৰিব নাজানে কিন্তু সাঁতোৰে 
বিষ ঢলা কামটোতো জীয়া মানুহৰ কাম
তেন্তে ইহঁতে কিয় বিষ ধালে?
সিহঁত মৃত
কোনো ষড়যন্ত্ৰ কৰিব নাজানে
তেন্তে কাৰ ষড়যন্ত্ৰত কাৰ মুখা খোলে? 

জীৱিত সকলে পৰিৱৰ্তন আনিব নোৱাৰে
যি পাৰো আমি সহায় কৰিম
—এই বুলি
নিজৰ মতে উটি গৈ থকা মৃতদেহবোৰে ভাৱে। 

বৰ আচৰিত
এই গেলি যোৱা মৃতদেহবোৰে জীৱিত মানুহক
বিপথে পৰিচালিত কৰে, উচতায়
ইহঁতৰ ওপৰত কোনো মোকৰ্দমাও তৰিব নোৱাৰি
না আইনৰ কোনো ধাৰা লগাব পাৰি
ইহঁতক পুতি পেলাওক
তৎক্ষণাত জ্বলাই দিয়ক

ইহঁতে যাতে পুনৰ কেতিয়াও সাঁতোৰাৰ সাহস নকৰে
বদমাছ, লম্পটৰ দৰে যাতে নদীত উপঙি
জীৱিত মানুহক ভয় খোৱাব নোৱাৰে
শতিকা জুৰি শুনাব পৰা
কাহিনীলৈ পৰিৱৰ্তন হৈ যাব নোৱাৰে
তাৰ আগত
ইহঁতক শেষ কৰি দিয়ক
আমোলাই কয়—
হয়, মহাৰাজ
শেষ কৰি দিয়ক

আৰু তাৰ পাছত
বিৰোধৰ প্ৰতিবাদী কণ্ঠ হোৱা মৃতদেহবোৰক
এটা এটা কৈ শেষ কৰি দিয়া হয়।

১৬ মে' ২০২১

যেতিয়া একো অনুভৱ নহয়

মূলঃ জেচিন্তা কেৰকেট্টা
অনুঃ বিতোপন গগৈ

প্ৰথমে মাটি, পানী, গছক মৰা হ'ল
কোনোৱে একো অনুভৱ নকৰিলে

যাৰ একো অনুভৱ নহয়
তেওঁলোকৰ বহু আগতেই মৃত্যু হয়

পাছত মাত্ৰ তেওঁলোকৰ শেষকৃত্য কৰা হয়

১৪ মে' ২০২১

ৰক্ষক

মূলঃ ছাদাট হাছান মাণ্টো
অনুঃ বিতোপন গগৈ

চলি থকা গাড়ীখন হঠাৎ ৰখাই দিয়া হ'ল‌। যি সকল যাত্ৰী আন ধৰ্মৰ আছিল সিহঁতক তৰোৱাল আৰু গুলিৰে শেষ কৰি দিয়া হ'ল।

কামৰ পৰা আজৰি হোৱাৰ পাছত বাকী যাত্ৰীসকলক হালোৱা আৰু গাখীৰেৰে আপ্যায়ন কৰা হ'ল। 

গাড়ী চলাৰ আগে আগে যাত্ৰী সকলক আপ্যায়ন কৰা সকলৰ নেতাজনে তেওঁলোকক উদ্দেশ্যি ক'লে—

"ভাই-ভনীসকল গাড়ীখন অহাৰ খবৰ আমি বহু দেৰিকৈ পালো। এইটো কাৰণতেই আমি ইচ্ছা থকা স্বত্ত্বেও আপোনালোকক ভাল দৰে আপ্যায়ন কৰিব নোৱাৰিলো। তাৰবাবে আমি অত্যন্ত দুঃখিত!"

১১ মে' ২০২১

মাৰ এইটো ৰূপৰ বিষয়ে

মূলঃ হেপ্পী গিৰী
অনুঃ বিতোপন গগৈ

তুমি জানা ন
মা ও কেতিয়াবা প্ৰেয়সী আছিল
বহু নিলিখা কবিতাৰ
নায়িকা আছিল

কেতিয়াবা তেঁৱো সপোন দেখিছিল ছাগে
কেতিয়াবাতো কলেজত দেৰি কৰিছিল
কেতিয়াবা ঘৰত মিছা মাতিছিল ছাগে
কাৰোবাক যে লগ কৰিবলৈ গৈছিল

মাজনিশা বিচনাৰ গাৰু সেমেকিছিল ছাগে
মায়ে যেতিয়া কাৰোবাৰ বিৰহত কান্দিছিল
সেইটো কোনটো দিন আছিল
যিদিনা নায়িকা গৰাকীৰ মৃত্যু হৈছিল

মাৰ এইটো ৰূপৰ বিষয়ে
প্ৰায়ে ভাবো মই
নোসোধো কেতিয়াও
মাত্ৰ এনেয়ে তেওঁক খুঁটিয়াই চাওঁ

মা কেতিয়াবা প্ৰেয়সী হোৱা কথাটোৱে
তেওঁক আৰু মৰমলগা কৰি তোলে
পিতৃসত্ত্বাই তেওঁৰ ওপৰত জাপি দিয়া
ফোপোলা মাতৃত্বৰ বোজাৰ পৰা মুক্ত কৰি দিয়ে

মা সকলো আছিল
যাৰ বাবে মই আজি মই হৈ গৈ আছো
কিন্তু সকলোতকৈ প্ৰয়োজনীয় কথা
এইটো যে
তেওঁ প্ৰেয়সীও আছিল!

৯ মে' ২০২১

কিবা কাম আছে নেকি?

মূলঃ কাৰ্ল হেইনৰিখ মাৰ্ক্স
অনুঃ বিতোপন গগৈ

যি সকল যুৱক
কবিতা লিখা আৰু
আড্ডা দিয়াত ব্যস্ত থাকিব লাগিছিল
তেওঁলোকে আজি ৰাজপথত
পথচাৰীক এটা প্ৰশ্ন সুধি ফুৰিছে—
মহাশয়, আপোনাৰ ওচৰত মোৰ বাবে
কিবা কাম আছে নেকি? 

সেই যুৱতী সকল
যাৰ অধিকাৰ আছিল
জীৱনৰ সকলো সুখ
তেওঁলোক আজি
ইমান উদাস নিৰাশ
অসন্তুষ্ট কিয়?

৫ মে' ২০২১

পহিলা মে'

মূলঃ নাজিম হিকমত
অনুঃ বিতোপন গগৈ

মই এতিয়া কুৰি বছৰীয়া
লেনিন জীয়াই আছে
ৰেড স্কোৱেৰত উৰি আছে ৰক্ত পতাকা
আৰু হাতত হাত থৈ ঠিয় হৈছেহি
পোন্ধৰ কোটি মানুহ

পঁয়ত্ৰিছ বছৰ পাৰ হৈ গ'ল
তথাপিও মই কুৰি বছৰীয়া
লেনিনো জীয়াই আছে
আৰু ৰেড স্কোৱেৰৰ বুকুত
আজি এশ কোটি মানুহ!

১ মে' ২০২১

হত্যাকাৰীৰ ঘোষণাপত্ৰ

মূলঃ মংগলেশ ডাৰবাল
অনুবাদঃ বিতোপন গগৈ

আমি জানো যে আমি কিমান কুটিল আৰু ধুৰ্ত
আমি জানো যে আমি কিমান ফাকি দি আহিছো
আমি জানো যে আমি কিমানক হত্যা কৰিছো
কিমানক মাৰিছো-পিটিছো, অত্যাচাৰ কৰিছো
নাৰী আৰু শিশুকো আমি নিস্তাৰ দিয়া নাই
যেতিয়া মানুহবোৰে কান্দে, আতাহ পাৰে, আমি তেতিয়া ঘৰবোৰ লুটো
আমাৰ খেল পৰ্দাৰ আগতো চলি আছে আৰু পৰ্দাৰ আঁৰতো

আমাতকৈ বেছি কোনেও নাজানে আমাৰ কাণ্ড-কাৰখানাৰ 
গোপন দলিল
সেয়ে আমি সিহঁতক কেৰেপ নকৰো
যি জানে আমাৰ প্ৰকৃত স্বৰূপ
আমি জানো যে আমাৰ খেলখন এইটোৰ ওপৰতে টিকি আছে—
যে বহু লোক আছে যি আমাৰ বিষয়ে কম জানে
বা একেবাৰেই নাজানে। 
আৰু বহু লোক আছে যি জানে
যে আমি যি কৰো, ভাল কৰো
আৰু তেওঁলোকেও সেইটোকে কৰিব বিচাৰে।

২ এপ্ৰিল, ২০২১