Tuesday, June 1, 2021

হত্যাকাৰীৰ ঘোষণাপত্ৰ

মূলঃ মংগলেশ ডাৰবাল
অনুবাদঃ বিতোপন গগৈ

আমি জানো যে আমি কিমান কুটিল আৰু ধুৰ্ত
আমি জানো যে আমি কিমান ফাকি দি আহিছো
আমি জানো যে আমি কিমানক হত্যা কৰিছো
কিমানক মাৰিছো-পিটিছো, অত্যাচাৰ কৰিছো
নাৰী আৰু শিশুকো আমি নিস্তাৰ দিয়া নাই
যেতিয়া মানুহবোৰে কান্দে, আতাহ পাৰে, আমি তেতিয়া ঘৰবোৰ লুটো
আমাৰ খেল পৰ্দাৰ আগতো চলি আছে আৰু পৰ্দাৰ আঁৰতো

আমাতকৈ বেছি কোনেও নাজানে আমাৰ কাণ্ড-কাৰখানাৰ 
গোপন দলিল
সেয়ে আমি সিহঁতক কেৰেপ নকৰো
যি জানে আমাৰ প্ৰকৃত স্বৰূপ
আমি জানো যে আমাৰ খেলখন এইটোৰ ওপৰতে টিকি আছে—
যে বহু লোক আছে যি আমাৰ বিষয়ে কম জানে
বা একেবাৰেই নাজানে। 
আৰু বহু লোক আছে যি জানে
যে আমি যি কৰো, ভাল কৰো
আৰু তেওঁলোকেও সেইটোকে কৰিব বিচাৰে।

২ এপ্ৰিল, ২০২১

No comments:

Post a Comment