Monday, June 28, 2021

নীল চৰাই

মূলঃ চাৰ্লচ বুকওস্কি
অনুঃ বিতোপন গগৈ

এটা নীলা চৰায়ে মোৰ বুকুত বাহ সাজি আছে
সি ওলাই আহিব খোজে বাহিৰলৈ
কিন্তু মই বৰ কঠোৰ তাক লৈ 
মই কওঁ, তাতে সোমাই থাক 
কাকো চাবলৈ নিদিওঁ মই
তোক

এটা নীলা চৰায়ে মোৰ বুকুত বাহ সাজি আছে
সি ওলাই আহিব খোজে বাহিৰলৈ
কিন্তু মই তাৰ গাত মদ ঢালি দিওঁ
আৰু মাৰি পঠিয়াওঁ চিগাৰেটৰ ধোঁৱা
বেশ্যাজনী, বিয়েৰ বাৰৰ বয়টো
আৰু গেলামাল দোকানৰ হিচাপ ৰখীয়াটোৱে
কাহানিও নাজানিব যে
সি
মোৰ বুকুতে বাহ সাজি আছে

এটা নীলা চৰায়ে মোৰ বুকুত বাহ সাজি আছে
সি ওলাই আহিব খোজে বাহিৰলৈ
কিন্তু মই বৰ কঠোৰ তাক লৈ 
মই কওঁ,
তাতে সোমাই থাক 
তই বিচাৰ নেকি মোৰ সকলোবোৰ খেলিমেলি হৈ যাওক? 
তই কি মোৰ কামবোৰ বিশৃংখল কৰিব পেলাব খোজ? 
ইউৰোপত বিক্ৰী হোৱা মোৰ কিতাপবোৰ
তই কি ফু মাৰি উৰুৱাই দিব খোজ? 

এটা নীলা চৰায়ে মোৰ বুকুত বাহ সাজি আছে
সি ওলাই আহিব খোজে বাহিৰলৈ
মই কিন্তু বহুত বুধিয়ক
সকলো নিদ্ৰাৰ কোলাত পৰাৰ পাছত
কোনোবা ভৰ নিশাহে
তাক মোৰ বুকুৰ পৰা
বাহিৰলৈ আহি গান জুৰিবলৈ দিওঁ
মই কওঁ, জানো মই 
তই তাতে আছ
সেয়ে উদাস নহ'বি তই

তাৰ পাছত মই তাক বুকুৰ ভিতৰত ভৰাই থওঁ
তেতিয়াও ৰিণি ৰিণি শুনি থাকো তাৰ গান
মোৰ বুকুৰ ভিতৰত 
তাক মই অকণো মৰিবলৈ নিদিওঁ
আৰু দুয়ো একেলগে টোপনি যাওঁ
আমাৰ গোপন চুক্তি মতে
আৰু কেতিয়াবা কেতিয়াবা
এজন মানুহক কন্দুৱাবলৈ এয়াই যথেষ্ট
মই পিছে নাকান্দো
আপুনি?

২৮ জুন, ২০২১

No comments:

Post a Comment