মূলঃ শৰদিন্দু উদ্দীপন
অনুঃ বিতোপন গগৈ
তই সাৱধান কৰি দিছিলি
আমি বুজি নাপালো বিৰচা
তই জুই জ্বলাইছিলি
আমি জ্বলি নুঠিলো
তই কৈছিলি—
হাড়িয়া আমাৰ শতৰু
ইয়ে কৰিব শেষ আমাক!
আমি আকণ্ঠ পি ডুবি থাকিলো
ভাবিলো— খোৱা পিয়া স্ফূৰ্তি কৰা
আৰু শেষ হৈ যোৱা
এইটোৱেই হ'ল আমাৰ কাল!
তই কৈছিলি—
উলগুলানৰ মৰণ নাই
সিহঁতৰ শাসন, শোষণ, দমন, উৎপীড়নত পিষ্ট হ'লে
সিহঁতৰ দা, তৰোৱাল, ত্ৰিশূল, কুঠাৰে আমাৰ ৰক্তপান কৰিলে
সিহঁতে আমাৰ মাটি
আমাৰ জংগল-পাহাৰ
আমাৰ মা-ভনীৰ সন্মান কাঢ়ি ল'ব বিচাৰিলে
গৰজি উঠে পাহাৰ
পাহাৰবোৰ ফাটি চিৰাচিৰ হয়
আৰু তাতেই দেখা যায় উলগুলানৰ জুই
আমি তোক একেবাৰেই পাহৰি গ'লো বিৰচা
এতিয়া সিহঁতে আমাৰ জংঘল কাঢ়ি লৈছে
আমাৰ মাটি কাঢ়ি লৈছে
কৈছে— এই জংঘল তহঁতৰ নহয়
জংঘল এৰি দে!
কৈছে এনআৰছি হ'ব
কাগজ দেখোৱা!
এনপিআৰ হ'ব
কাগজ দেখোৱা!
যেতিয়াই কাগজ নাই ক'ম
সিহঁতে আমাক ডিটেচন কেম্পলৈ লৈ যাব
আদিবাসীয়ে কি কাগজ দেখুৱাব অ' বিৰচা!
তোক আজি বুজি পাইছো ধৰতি আবা
শুনিছো তোৰ উলগুলানৰ আহ্বান
বুজিব পাৰিছো পাহাৰটোৱে কিয় কান্দে
কিয় গৰজি উঠে!
বুজি পাইছো কিয় তই কৈছিলি—
এই মাটি আমাৰ
এই জংঘল আমাৰ
এই পানী এই পোহৰ এই বতাহ
সকলো আমাৰ!
মই ধৰতি আবা
তহঁত শতৰু
তহঁত বিদেশী
আঁতৰি যা!
আজি আমি কাঁড়-ধনু তুলি ল'ম বিৰচা
ধামছা মাদলত সুৰ তুলিম
পুৰুষ-নাৰীৰ ভৰিৰ তালত
গৰজি উঠিব পাহাৰ
পাহাৰে পাহাৰে
জ্বলি উঠিব উলগুলানৰ জুই
শিল ভঙা এই দেহেৰে
শতৰুক সকিয়াই দিম—
এই দেশ আমাৰ
এই জংঘল পাহাৰ আমাৰ!
শব্দাৰ্থঃ
উলগুলান– যুদ্ধ, বিৰচা মুণ্ডাই ব্ৰিটিচৰ বিৰুদ্ধে কৰা গেৰিলা যুদ্ধ
হাড়িয়া– মদ
ধৰতি আবা– পৃথিৱীৰ পালক
ধামছা মাদল– আদিবাসী সকলৰ ঢোল
৯ জুন, ২০২১
No comments:
Post a Comment