Tuesday, June 1, 2021

সাম্যবাদী

মূলঃ কাজী নজৰুল ইছলাম
অনুঃ বিতোপন গগৈ

গাওঁ মই সমতাৰ গান
য'ত আহি একাকাৰ হৈ যায় সকলো বাধা ব্যৱধান
য'ত মিলি যায় হিন্দু বৌদ্ধ মুছলিম খ্ৰীষ্টান
গাওঁ সমতাৰ গান। 

কোন তুমি? পাৰ্চী? জৈন? ইহুদী? চাওতালী, ভীল, গাৰো? 
কনফুচিয়াছ? চাবাৰ্কৰ শিষ্য? কৈ যোৱা, কোৱা আৰু! 

বন্ধু যিমান সুখী হোৱা, 
পেট পিঠি কান্ধ মগজুত যি ইচ্ছা সেই পাণ্ডুলিপি কিতাপ লোৱা, 
কোৰাণ পুৰাণ বেদ বেদান্ত বাইবেল ত্ৰিপিটক, 
জেন্দাবেস্তা গ্ৰন্থচাহেব পঢ়ি যোৱা, যত হওক, 
কিন্তু কিয় কৰা এই পণ্ডশ্ৰম, মগজুক কিয় মাৰা শূল? 
দোকানৰ কিয় ইমান দৰ-দাম?পথৰ কাষত ফুলিছে সতেজ ফুল! 
তোমাৰ লগতে আছে সকলো কিতাপ সকলো কালৰ জ্ঞান, 
সকলো শাস্ত্ৰ বিচাৰি পাবা, জুমি চোৱা নিজৰ প্ৰাণ! 
তোমাৰ লগতে আছে সকলো ধৰ্ম, সকলো যুগাৱতাৰ, 
তোমাৰ হৃদয় বিশ্ব দেৱালয় সকলো দেৱতাৰ। 
কিয় বিচাৰি ফুৰা দেৱ-দেৱতা মৃত পাণ্ডুলিপি-কংকালৰ? 
হাঁহে সিহঁতে অমৃত-হিয়াৰ নিভৃত অন্তৰালৰ! 

বন্ধু মিছা কোৱা নাই, 
ইয়াত ৰাজমুকুট সকলোৱে আহি লৈ যায়। 
এই হৃদয়েই সেই নিলাচল কাশী মথুৰা বৃন্দাবন, 
এয়াই বুদ্ধগয়া এয়াই জেৰুজালেম মদিনা কাৰাভৱন, 
মছজিদ ইয়াতে মন্দিৰ ইয়াতে গিৰ্জা এই হৃদয়, 
ইয়াত বহিয়েই ইছা-মুছাই পাইছিল সত্যৰ পৰিচয়। 
এই ৰণভূমিতেই মুৰুলী বাদকে কৈছিল মহাগীতা, 
এই চাপৰিতে ভেড়া চৰাইছিল নবী খুদাৰ মিতা। 
এই হৃদয়ৰেই ধ্যান গুহাত বহিছিল শাক্যমুনি, 
ত্যাগিছিল ৰাজ্য মানুহৰ মহাবেদনাৰ আহ্বান শুনি। 
এই কন্দৰতে আৰৱ-পুত্ৰই শুনিছিল আহ্বান, 
ইয়াতেই বহি তেওঁ গাইছিল কোৰাণৰ সাম্যগান। 
মিছা শুনা নাই ভাই, 
এই হৃদয়তকৈ ডাঙৰ কোনো মন্দিৰ-কাবা নাই।

২৭ মে' ২০২১

No comments:

Post a Comment