Thursday, November 30, 2023

উলংগ নাৰী

মূলঃ দেবব্ৰত জেনা
অনুঃ বিতোপন গগৈ

মোৰ নগ্নতাত নজনাকৈয়ে
উলংগ হৈ গ'ল বহু নাৰী
সেইসকল নাৰী 
যি ভাবে গৰুক মা বুলি
যিসকলে কৰে গো পূজা

গো ৰক্ষাৰ বাবে
তেওঁলোকে ৰাজপথ উত্তাল কৰে
গো ৰক্ষক হৈ তেওঁলোকে
নিজকে হিন্দু শ্বেৰনী বুলি কয়

মোৰ নগ্নতাই কিন্তু
তেওঁলোকৰ বুকু কঁপাব পৰা নাই
সেয়ে এতিয়াও তেওঁলোক
মোৰ বাবে ৰাজপথত নমা নাই
নাই কণ্ঠত এটা প্ৰতিবাদৰ ভাষা

তেওঁলোকে
গৰুৰ মাজত ভগৱান দেখা পায়
মাকক দেখা পায়

কিন্তু
মোৰ মাজত তেওঁলোকে মাক বিচাৰি নাপালে
নাপালে বিচাৰি এজনী ভনী।

২৬ জুলাই, ২০২৩


Sunday, November 26, 2023

আমাৰ কাৰণেই

মূলঃ এম বেৰী
অনুঃ বিতোপন গগৈ

আজি পুৱাই
ইংৰাজী gauze শব্দটো শিকিলো
(মিহিকৈ বোৱা চিকিৎসাত ব্যৱহৃত কাপোৰ)
আৰবী শব্দ غَزَّة
বা ghazzaৰ পৰা আহিছে এইটো
কাৰণ গাজাৰ অধিবাসীসকল
শতিকাজুৰি দক্ষ বয়নশিল্পী

মই তেতিয়া আচৰিত হ'লো

তেওঁলোকৰ বাবেই 
আমাৰ কত যে ক্ষতস্থানত
পটি বান্ধিব পাৰিছো

আৰু আজি
তেওঁলোকৰ কিমান ক্ষতস্থান
পটিহীন উন্মুক্ত হৈ পৰি আছে
আমাৰ কাৰণেই!

১৪ নৱেম্বৰ, ২০২৩

তেল

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

ঈশ্বৰে
স্বৰ্গৰ শেষ চাকিটোৰো
তেলকণ
কেৰাহীত দিবলৈ দিব

যি ঈশ্বৰে
অধৰ্মৰ ওপৰত
ধৰ্মৰ বিজয় ধ্বজ্জা উৰুৱাই
ভাগৰি ঘৰলৈ ওভতি আহিছে
তেওঁতো ইমানখিনি দয়ালু হ'বই যে

স্বৰ্গক আন্ধাৰত ৰাখিও
পৃথিৱীৰ এটা কেৰাহীততো
অকণমান তেল পৰিবলৈ দিব।

১৩ নৱেম্বৰ, ২০২৩

প্ৰশ্ন

মূলঃ মৌমিতা আলম
অনুঃ বিতোপন গগৈ

মই মৰিলো নেকি?
মোৰ দেহৰ পৰা
নিশ্চুপতাৰ গোন্ধ কিয় ওলাইছে?
বিশ্বত এতিয়া দুই ধৰণৰ নিশ্চুপতা আছেঃ
এটা মৃত মানুহৰ
আৰু আনটো
শোষকৰ।

মই কাৰ পক্ষত আছো?

১১ নৱেম্বৰ, ২০২৩

সুখ

মূলঃ শৈল ত্যাগী বে'জাৰ
অনুঃ বিতোপন গগৈ

সুখ তিনিবাৰ আহে
জীৱনলৈ

প্ৰথমবাৰ আহে
আশাৰ বেশেৰে

তাৰপাছত আহে
সান্তনাৰ ৰূপ লৈ

আৰু শেষত
বুজাবুজিৰ চুক্তি হৈ।

১০ নৱেম্বৰ, ২০২৩

বাস্তৱতা

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

দোভাগ নিশা
ফুচফুচাই চৰম সত্যবোৰো
কৈ দিব পাৰি।

সেইবাবেই কৈছো—
কিছু মৰুপ্ৰান্তৰত
বৰষু‍ণ নহয় কোনোদিনেই,
সাগৰৰ পানী
নিমখীয়াই হৈ থাকিব সদায়ে
আৰু
কিছুমান ঘা
নুশুকাই কোনোদিনে।

৫ নৱেম্বৰ, ২০২৩

অপেক্ষা

মূলঃ সাহিৰ লুধিয়ানৱী
অনুঃ বিতোপন গগৈ

জোনটো ম্লান পৰি আছে, আকাশখন নিস্তব্ধ
টোপনিৰ কোলাত পৃথিৱীও নিশ্চুপ

দূৰ দিগন্তত শুকুলা ডাৱৰবোৰে
হাওলি আহি পাহাৰখনক সাৱতি ধৰিছে
ব্যৰ্থ আশা লৈ অন্তৰত
ৰৈ আছো তোমাৰ বাবে 

এই বসন্তৰ ছাঁলৈ গুছি আঁহা
নহ'লে তোমাৰ প্ৰেম থাকে বা নাথাকে
জীৱনটো তোমাৰ ইচ্ছাৰ ওপৰত
কাইলৈকে দয়াৱান হৈ থাকে বা নাথাকে

প্ৰতিদিনৰ দৰে আজি তৰাবোৰ
পুৱাৰ কুঁৱলিত হেৰাই নাযাওক
আঁহা, দুখত জাগি  থকা তোমাৰ দুচকুক
অন্ততঃ এৰাতি শুবলৈ দিয়া

জোনটো ম্লান পৰি আছে, আকাশখন নিস্তব্ধ
টোপনিৰ কোলাত পৃথিৱীও নিশ্চুপ

২৫ অক্টোবৰ, ২০২৩

মইতো ৰাৱণেই ঠিক আছো

মূলঃ দীপক শৰ্মা
অনুঃ বিতোপন গগৈ

কাৰোবাৰ বাবে যদি বেয়া
কাৰোবাৰ বাবে শক্তি আৰু ক্ষমতা মই।
হয়, মই সেইজনেই ৰাৱণ
যি আজিও শুনো ভনীজনীৰ কথা।

নিজৰ ভুৱা আত্মসন্মানক লৈ
সত্যযুগৰ পৰাই মানুহবোৰে গৌৰৱ কৰি আহিছে।
নাৰীৰ সন্মান খৰ্ব কৰা সকলেই
আজি মোৰ পুতলা জ্বলাইছে।
মোৰ পুতলা জ্বলাই দিলে কি হ’ব,
সকলোতে মাথো জুই আৰু ধোঁৱাহে দেখিবা।
নিজৰ ভিতৰলৈ জুমি চোৱা
দেখিবা এই অহংকাৰী ৰাৱণ
তোমাতকৈ বহু গুণে ভাল।

মই মৰি যোৱা নাছিলো
আৰু পৰাজিত হোৱাও নাছিলো
মোৰ বিশ্বাস আৰু নিজৰেই আস্থাই
মোক হত্যা কৰিছিল।
হয়, ভুল কৰিছিলো মই
এগৰাকী নাৰীৰ সন্মানৰ বাবে
আন এগৰাকী নাৰীক অপহৰণ কৰিছিলো।
কিন্তু ৰামে সেই সীতাক গীতাৰ দৰে
স্পষ্ট আৰু বিশুদ্ধ কৈয়ে ঘূৰাই পাইছিল।
তেন্তে সত্যযুগৰ পৰা কলিযুগলৈ
আজিও সীতাই কিয় বাৰে বাৰে
অগ্নি পৰীক্ষাৰ সমুখীন হ'ব লাগে?
কিয় কেতিয়াবা নিজৰে মানুহৰ সমুখত
আৰু কেতিয়াবা অচিনাকিজনৰ মাজতো
নিজৰ পবিত্ৰতা প্ৰমাণ দিব লাগে?

হয়, মই সেইজনেই ৰাৱণ
যি অযোধ্যাৰ ৰজা ৰামে পৰাজিত কৰিছিল।
আৰু যাৰ বাবে তেওঁ মোক পৰাস্ত কৰিছিল,
নিজেও সেই সীতাক নিজৰ লগত ৰাখিব পৰা নাছিল।
ঠিক আছে ময়েই অহংকাৰী, পাপী
মই অপশক্তিৰ প্ৰতীক।
হয়, ময়েই সেই উদ্ধত আৰু জেদী দশানন।
এই কলিযুগৰ মহাসময়ত
তোমালোকেই ৰাম হোৱা
মই ৰাৱণেই ঠিক আছো।

২৪ অক্টোবৰ, ২০২৩

সেই যি সময় আছিল গুছি গ'ল কেতিয়াবাই

মূলঃ জাভেদ আখতাৰ
অনুঃ বিতোপন গগৈ

সেই যি সময় আছিল গুছি গ'ল কেতিয়াবাই
যিজন প্ৰেমিক আছিল মৰি গ'ল কেতিয়াবাই

যি বিচাৰি আছিল এখন নতুন পৃথিৱী
লুটি লৈ নিজৰ ঘৰ পালেগৈ কেতিয়াবাই

যি মোক লৈ আহিছিল নদীৰ পাৰলৈ
অকলেই সিপাৰ পালেগৈ কেতিয়াবাই

তেওঁৰ কি অৱস্থা তেওঁৱেই জানিব
মোৰতো বুকুৰ ঘা শুকাই গ'ল কেতিয়াবাই

সপোনৰ পিছত সপোন আঁকি থোৱা সেই পৃষ্ঠা
ক'ত আছে এতিয়া সিঁচৰতি হৈ শেষ হৈ গ'ল কেতিয়াবাই।

১৮ অক্টোবৰ, ২০২৩

হে মহান ব্যক্তিসকল

মূলঃ সাহিৰ লুধিয়ানৱী
অনুঃ বিতোপন গগৈ

হে মহান ব্যক্তিসকল
তেজ নিজৰ হওক বা আন কাৰোবাৰ
হয়তো মানুহৰেই তেজ
যুদ্ধ পূবতেই লাগক বা পশ্চিমত
ডোঙাতো বান্ধে শান্তিৰ পৃথিৱীখনৰেই তেজ

বোমা ঘৰতেই পৰক বা সীমান্তত
ঘৰৰ আত্মাবোৰেই আঘাত পায়
পথাৰবোৰ নিজৰেই জ্বলক বা আনৰ 
অনাহাৰত জীৱনেই চটফটায়
টেংকবোৰ আগুৱাই যাওক বা পিছুৱায়
গৰ্ভতো পৃথিৱীৰেই বিদাৰে 
জয়ৰ উল্লাসেই হওক বা পৰাজয়ৰ শোক
মৃতদেহবোৰৰ ওপৰততো জীৱনেই কান্দে

যুদ্ধতো নিজেই এক সমস্যা
যুদ্ধই কি সমস্যাৰ সমাধান দিব
জুই আৰু তেজৰ পৰা আজি বাচিলেও
ভোক আৰু দৈন্যই কাইলৈ ​​আগুৰি ধৰিব

সেইবাবেই হে মহান ব্যক্তিসকল
যুদ্ধখন পিছুৱাই দিলেই ভাল
তোমাৰ আমাৰ সকলোৰে চোতালত
চাকিগচি জ্বলি থাকিলেই ভাল।

১৪ অক্টোবৰ, ২০২৩

যুদ্ধখন সেইদিনাই হাৰিছিলো

মূলঃ কিতাপগঞ্জ
অনুঃ বিতোপন গগৈ

সভ্যতাৰ প্ৰথমখন যুদ্ধ
আমি সেইদিনাই হাৰি গৈছিলো—

যিদিনা
আমাৰ বন্দুকবোৰ
শিশুৰ বেলুনবোৰতকৈ
বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছিল

যিদিনা
পিশাচী আট্টহাস্য কৰা
যুদ্ধ বিমানবোৰক
শিশুৰ বেলুনবোৰতকৈ
ওপৰত উৰিবলৈ
আকাশখন আমি এৰি দিছিলো।

১০ অক্টোবৰ, ২০২৩

পৰ্বতটোৱে নিজৰ উশাহ বন্ধ কৰি থয়

মূলঃ জন ফছ্যে
অনুবাদঃ বিতোপন গগৈ

গভীৰ উশাহ এটা ল'লে আৰু তাৰ পাছত
পৰ্বতটো তাত ঠিয় দি থাকিল
তাৰপাছত পৰ্বতবোৰ তাত ঠিয় দি থাকিল
আৰু তেনেকৈয়ে পৰ্বতবোৰ তাত ঠিয় দি আছে

আৰু ক্ৰমান্বয়ে কুঁজা হৈ
সোমাই গৈ থাকে
সিহঁতৰ নিজৰ মাজলৈ
আৰু বন্ধ কৰি থয় উশাহ

যেতিয়া আকাশ আৰু সাগৰে
আলিংগন আৰু আঘাত কৰে
তেতিয়া পৰ্বতটোৱে নিজৰ উশাহ বন্ধ কৰি থয়।

( ২০২৩ চনৰ সাহিত্য ন'বেল বিজয়ী নৰৱেৰ কবি, নাট্যকাৰ জন ফছ্যেৰ কবিতাটো তেখেতৰ Stein til stein নামৰ কিতাপখনৰ পৰা অষ্ট্ৰেলিয়াৰ অনুবাদক May-Brit Akerholtয়ে কৰা ইংৰাজী অনুবাদৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে।)

তিনিবাৰৰ বিদায়

মূলঃ নাৰ্গেছ মহম্মদী
অনুঃ বিতোপন গগৈ

তিনিবাৰৰ বিদায় আৰু এবাৰৰ বিচ্ছেদ,
তিনিবাৰ মৃত্যুৰ দৰে

যেতিয়া আলী আৰু কিয়ানাৰ বয়স আছিল
মাত্ৰ চাৰে তিনি বছৰ
সেই সময়তে নিৰাপত্তাৰক্ষীয়ে মোৰ ঘৰ আক্ৰমণ কৰি মোক গ্ৰেপ্তাৰ কৰিছিল,
তেতিয়া কিয়ানাৰ এটা অস্ত্ৰোপচাৰ হৈছিল
আৰু মই ঘৰলৈ অহাৰ মাত্ৰ কেইটামান ঘণ্টা।
তাইৰ জ্বৰ উঠি আছিল
নিৰাপত্তাৰক্ষীয়ে যেতিয়া ঘৰটোৰ তালাচী চলাই আছিল, তেওঁলোকে ল’ৰা-ছোৱালী দুটাক
শুৱাবলৈ অনুমতি দিছিল।
মই আলীক দুভৰিৰ ওপৰত বহুৱাই ল'লো, আৰু ঝুলনা খেলাই দিলো, আৰু মৰম কৰি দিলো
আৰু তাক এটা নিচুকনি গীত শুনালো,
টোপনি গৈছিল সি
কিয়ানা অস্থিৰ হৈ আছিল। তাইৰ গাটো গৰম হৈ আছিল আৰু শংকিত হৈছিল।
তাই ভয় খাইছিল
তাই দুবাহুৰে মোৰ ডিঙিত সাৱটি ধৰিছিল
আৰু মই, যেন লাহে লাহে ডুবি গৈ আছিলো,
তাই পৰা আঁতৰ হৈ গৈছিলো
যেতিয়া মই ঘৰৰ পৰা ওলাই চিৰিৰে নামি আহিছিলো
কিয়ানা দেউতাকৰ কোলাত কান্দি কান্দি ৰৈ গৈছিল
তাই মোক তিনিবাৰ উভতাই মাতিছিল
মই তিনিবাৰ ঘূৰি আহি তাইক চুমা খাইছিলো।

যেতিয়া আলী আৰু কিয়ানাৰ বয়স পাঁচ বছৰ আছিল, আৰু সিহঁতৰ দেউতাক আমাৰ পৰা আঁতৰত
ফ্ৰান্সত আছিল,
নিৰাপত্তাৰক্ষীয়ে মোৰ দেউতাৰ ঘৰত আক্ৰমণ কৰিলে
আৰু মোক গ্ৰেপ্তাৰ কৰিলে,
আলীয়ে নিজৰ হালধীয়া প্লাষ্টিকৰ বন্দুকটো ওলিয়াই ল'লে
আৰু মোৰ চাৰ্টৰ আস্তিনত ধৰি ল'লে
আৰু কিয়ানা, ধুনীয়া চোলাটো পিন্ধিয়ে,
মোৰ ফালে দৌৰি আহিল, আৰু মোৰ স্কাৰ্টৰ
কাষৰিত ধৰিলে
সিহঁত মোৰ লগত আহিব বিচাৰিছিল,
সিহঁতৰ কৰুণ চকু দুযোৰ দেখি মই নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব পৰা নাছিলো।
সিহঁতৰ সৰু সৰু হাতকেইখন মোৰ চোলাৰ পৰা
আঁতৰাই দিলোঁ
আৰু শিল হৃদয়ৰ মানুহবোৰৰ গাড়ীত উঠি গুছি গ'লো।

আলী আৰু কিয়ানা যেতিয়া চাৰে আঠ বছৰীয়া হৈছিল, ৰাতিপুৱা সিহঁতক মই স্কুল যাবলৈ সাজু কৰি দিছিলো
আৰু সিহঁত ওলাই গৈছিল,
নিৰাপত্তাৰক্ষীয়ে পুনৰ মোৰ ঘৰ আক্ৰমণ কৰিলে,
এইবাৰ আলী আৰু কিয়ানা ঘৰত নাই।
কিতাপৰ আলমাৰীৰ পৰা সিহঁতৰ ফটোখন হাতত ল’লোঁ
আৰু চুমা এটা খাই বিদায় ল'লো
আৰু সিহঁতৰ গাড়ীৰ ফালে আগবাঢ়িলো
যাৰ কোনো দয়া-মায়া নাছিল

আৰু এতিয়া ২০১৭ চনৰ ছেপ্টেম্বৰ মাহ
আঢ়ৈবছৰ হ'ল মই সিহঁতক নেদেখা

হয়তো লেখাৰে মই প্ৰকাশ কৰিব পৰা নাই,
কিন্তু অনুভৱ কৰাব পৰা নিশ্চয়তা আছে– সমগ্ৰ ইতিহাসৰ মাবোৰৰ যন্ত্ৰণা,
যিসকল মায়ে এফালে নিজে দোষী সাব্যস্ত হোৱাক লৈ গৌৰৱ কৰে, আৰু আনফালে সেই দোষী সাব্যস্ততাই নিজৰ সন্তানক বুকুৰ পৰা কাঢ়ি নিয়াৰ যন্ত্ৰণাত চটফটাই থাকে।

ছেপ্টেম্বৰ, ২০১৭
এভিন জেল, ইৰাণ

(২০২৩ বৰ্ষৰ শান্তিৰ ন'বেল বিজয়ী নাৰ্গেছ মহম্মদীয়ে জেলত থকা অৱস্থাতে লিখা কবিতাটো)

৭ অক্টোবৰ, ২০২৩

সেনাপতি মহোদয়

মূলঃ বাৰ্টল্ট ব্ৰেখট
অনুবাদঃ বিতোপন গগৈ

সেনাপতি মহোদয়, আপোনাৰ টেংকখন শক্তিশালী বাহন
ই মহতীয়াই নিয়ে অৰণ্য আৰু চেপি পেলাই শ শ মানুহ
কিন্তু ইয়াৰ এটা খুঁত আছেঃ
তাৰ বাবে এজন ড্ৰাইভাৰ লাগে।

সেনাপতি মহোদয়, আপোনাৰ বোমাৰু বিমানখন শক্তিশালী
ই ধুমুহাতকৈ বেছি বেগেৰে উৰি যায় আৰু হাতী এটাতকৈও বেছি ওজন কঢ়িয়াই লৈ ফুৰে
কিন্তু ইয়াৰ এটা দোষ আছে:
ইয়াৰ বাবে এজন পাইলট লাগে।

সেনাপতি মহোদয়, মানুহ বৰ উপযোগী জীৱ
ই উৰিব পাৰে আৰু হত্যা কৰিব পাৰে
কিন্তু ইয়াৰো এটা দোষ আছে:
ই চিন্তা কৰিব পাৰে!

৩০ ছেপ্তেম্বৰ, ২০২৩

তোমাৰ প্ৰেমত দুয়োখন পৃথিৱী হাৰি

মূলঃ ফেইজ আহমদ ফেইজ
অনুঃ বিতোপন গগৈ

তোমাৰ প্ৰেমত দুয়োখন পৃথিৱীয়েই হাৰি
তেওঁ পাৰ হৈ গৈ আছে বহু দুখৰ ৰাতি

নিৰ্জন মদিৰালয়ত মদৰ পিপাবোৰো উদাস
তুমি যেই গ'লা, বসন্তৰ দিনবোৰেও পাতিলে ঠেঁহ

পাপ কৰাৰ সুবিধা পালো এবাৰেই, সেয়াও মাত্ৰ চাৰি দিন
দেখি গ'লো আমিও, ভগৱানৰ কিমান সাহ

সমাজে তোমাৰ স্মৃতি পাহৰাই পেলালে
তোমাতকৈও বিশ্বাসঘাটক সময়ৰ বিষণ্ণতা

ভুলতে হাঁহিতো দিছিল আজি ফেইজে
কিন্তু নুসুধিবা তেওঁৰ হৃদয়ৰ উত্তাপৰ কথা।

২১ ছেপ্তেম্বৰ, ২০২৩

চহৰ

মূলঃ অঞ্জুম শৰ্মা
অনুঃ বিতোপন গগৈ

মূৰত
ঘেহুৰ বোজাটো লৈ
গাঁৱৰ মানুহজন
চহৰ পায়গৈ।

চহৰে
ঘেহুৰ বোজাটো
তেওঁৰ মূৰৰ পৰা 
নমাই লৈ
মানুহজনক পিচে
আৰু খাই পেলায়।

১৮ ছেপ্তেম্বৰ, ২০২৩

মই কওঁ

মূলঃ পাশ
অনুবাদঃ বিতোপন গগৈ

বহুতে কয়-
ক’বলগীয়া বহুত আছে
এতিয়াও বহু সিদ্ধান্ত ল’বলগীয়া আছে
যি কথা শব্দৰে প্ৰকাশ কৰিব নোৱাৰি
যযি দূৰত্ব শেষ কৰিব নোৱাৰি খোজকাঢ়ি

বহুতে কয়-
এতিয়া ক’বলৈ একো বাকী নাই
সিদ্ধান্ত ল’বলৈ একোৱেই বাকী নাই
শব্দবোৰ যেন নপুংসক হৈ পৰিছে

আৰু মই কওঁ-
যাত্ৰা আৰু তাৰিখৰ কথা নকবা
মোক পিছৰ খোজটো দিবলৈ মাটি দিয়া।

৯ ছেপ্তেম্বৰ, ২০২৩

Saturday, November 25, 2023

নিৰৱতাৰ ষড়যন্ত্ৰ

 অমৃতা প্ৰীতম
অনুঃ বিতোপন গগৈ

নিশাটো শুই আছে
কোনোবাই মানুহবোৰৰ বুকুত
হেঁচা মাৰি ধৰিছে,
প্ৰতিটো চুৰিতকৈ ভয়ানক
এই সপোনৰ চুৰি।

চোৰৰ চিন—
প্ৰতিখন দেশৰ প্ৰতিখন চহৰৰ
প্ৰতিটো ৰাস্তাতে পৰি আছে,
কিন্তু কোনোৱে দেখা নাপায়
কোনোৱেই আচৰিত নহয়।

ডিঙিত শিকলি লগাই থোৱা
এটা কুকুৰৰ দৰে
কোনোবা সময়ত কাৰোবাৰ
কোনো কবিতাইহে মাত্ৰ ভুকি আছে।

৩১ আগষ্ট, ২০২৩

মোৰ কি আহে যায় (প্ৰতিগৰাকী স্বাধীনমনা নাৰীৰ হাতত)

মূলঃ কুমুদ অনুঞ্জয়া
অনুঃ বিতোপন গগৈ

মোৰ শাৰী, মোৰ চাদৰ
মোৰ জিন্স, মোৰ কুৰ্টা
মই মোৰ সন্মান ৰাখি পিন্ধো
তাত আন কাৰোবাৰ কি আহে যায়?

মোৰ চিন্তা মোৰ বিচাৰ
মোৰ বিবেক মোৰ দৃষ্টিকোণ
মই মোৰ দৃষ্টিৰে পৃথিৱী চাওঁ
যদি তাৰ বাবে কাৰোবাৰ চকু পোৰে
তাত মোৰ কি আহে যায়?

মোৰ কবিতা মোৰ গীত
মোৰ ভাষা মোৰ ছন্দ
ভুলটোক ভুল বুলি ক'লে
যদি কাৰোবাৰ গা জ্বলে
তাত মোৰ কি আহে যায়?

মোৰ আকাশ মোৰ জোন
মই জোনলৈ লাগিলে জখলাৰেই গৈ পাওঁ
জোনৰ দাগবোৰ যদি মই মচিও দিওঁ
তাৰবাবে হৃদয় যদি সমাজৰ জ্বলে
তাত মোৰ কি আহে যায়?

২৯ আগষ্ট, ২০২৩

জুহালৰ পৰা জোনলৈ

মূলঃ আদিত্য ৰহবৰ
অনুঃ বিতোপন গগৈ

ঘৰৰ দুৱাৰদলিৰ পৰা 
স্কুললৈ সিমানেই দূৰ
যিমান দূৰ
জুহালৰ পৰা জোনলৈ

জোনত খোজ দিবলৈ
ৰকেটতকৈ বেছি
ঘৰৰ দুৱাৰদলি পাৰ হোৱা জৰুৰী।

২৪ আগষ্ট, ২০২৩

গুলজাৰৰ জন্মদিনত তিনিটা কবিতাৰ অনুবাদঃ

অকলশৰে
মূলঃ গুলজাৰ
অনুঃ বিতোপন গগৈ

চোৱা বাটটো কিমান পোন, মসৃণ, পৰিষ্কাৰ
নাই কোনো গছৰ ছাঁ, নাই দেৱালৰ বাধা
নাই কোনো দৃষ্টিৰ আঘাত, নাই মানুহৰ মাত
দূৰ দূৰণিলৈ কোনো নাই, কোনো নাই, কোনো নাই

কেইটামান খোজৰ লগ কেতিয়াবা পোৱা হয় ক'ৰবাত
কিছু দূৰ সহযাত্ৰী হয় কেইটামান খোজৰ
তাৰপাছত হতাশ হৈ ভাগি পৰে এই বুলি কৈ
তোমাৰ নিসংগতা লৈ তুমি গৈ থাকা, নিসংগতা অকলশৰে
লগ দিবলৈ ইয়াত কোনো নাই, কোনো নাই

বাটটো কিমান পোন, মসৃণ, পৰিষ্কাৰ চোৱা।

যেতিয়া বৰষুণ দিয়ে পানীৰো গজি উঠে ভৰি
মূলঃ গুলজাৰ
অনুঃ বিতোপন গগৈ

যেতিয়া বৰষুণ দিয়ে পানীৰো গজি উঠে ভৰি
ঘৰ-দুৱাৰ খুন্দিয়াই পাৰ হৈ যায় পথ
আৰু উলাহতে জপিয়াই খলকনি তোলে
খেল জিকি অহা ল'ৰাবোৰৰ দৰে

চুবুৰীৰ ল'ৰাবোৰে যেতিয়া খেল জিকি আহে
কেনভাছৰ জোতা পিন্ধি ফুটবলটোৰ দৰে জপিয়াই
ঘৰ-দুৱাৰ খুন্দিয়াই পাৰ হৈ যায়
সেই পানীৰ দৰে খলকনি তুলি।

স্কেচ
মূলঃ গুলজাৰ
অনুঃ বিতোপন গগৈ

মনত আছেনে এদিন যে
মোৰ টেবুলত বহি বহি
চিগাৰেটৰ পেকেটত তুমি
এটা স্কেচ আঁকিছিলা

চোঁৱাহি
সেই গছজোপাত ফুলিছে ফুল!

১৮ আগষ্ট, ২০২৩

আন্তৰ্জাতিক খিলঞ্জীয়া/আদিবাসী দিৱসত আদিবাসী অধিকাৰ কৰ্মী, কবি জেচিন্তা কেৰকেট্টাৰ দুটা কবিতাৰ অনুবাদঃ

চিন্তা
মূলঃ জেচিন্তা কেৰকেট্টা
অনুঃ বিতোপন গগৈ

মা,
তুমি এবোজা খৰিৰ বাবে
কিয় গোটেই দিনটো হাবিখন ঘুৰ্মুটীয়াই ফুৰা
পাহাৰ বগোৱা
সন্ধ্যা বহু দেৰিকৈ ঘৰলৈ ওভতা?
মায়ে কয়ঃ
হাবিখন ঘুৰ্মটীয়াই
পাহাৰ বগাই
দিনটো ঘুৰি ফুৰো
মাত্ৰ শুকান খৰিৰ বাবে।
কেনেবাকৈ কাটি নেপেলাও যাতে
এজোপা জীয়া গছ!

নদী, পাহাৰ আৰু বজাৰ
মূলঃ জেচিন্তা কেৰকেট্টা
অনুঃ বিতোপন গগৈ

গাঁৱত সেইদিনা আছিল বন্ধৰ বাৰ
কণমানিটোৰ হাতত ধৰি
মই ওলাই পালোগৈ বজাৰ।
শুকান গছবোৰৰ মাজত 
এটা নলা দেখোৱাই
মই কণমানিটোক ক'লো
চোৱা, এদিন এইখনেই আছিল
আমাৰ গাঁৱৰ নদীখন।
আগলৈ গৈ দেখোৱালো এটা বৃহৎ গাঁত
মই ক'লো, ইয়াতেই সোমাই গ'ল
গোটেইটো পাহাৰ।
হঠাৎ সি ভয় খাই খামুচি ধৰিলে মোৰ গাত
সমুখত বহু দূৰলৈ বিয়পি আছিল এখন শ্মশান।
মই ক'লো, দেখিছা এইখন?
ইয়াতেই এসময়ত আছিল
তোমাৰ পূৰ্বপুৰুষৰ খেতিপথাৰ
কণমানিটো দৌৰিলঃ আমি পাই গ'লোহি বজাৰ!
কি কি ল'বা? প্ৰশ্ন আৰম্ভ হ'ল দোকানীৰ।
ভাই! অলপ বৰষুণ, অলপ বোকা মাটি
এবটল নদী, সেই এবাকচ পাহাৰ
সৌফালে বেৰত আঁৰি থোৱা
কিছু প্ৰকৃতিও দি দিয়া,
আৰু এই বৰষুণ ইমান দাম কিয়?
দোকানীয়ে ক'লেঃ এই আদ্ৰতা ইয়াৰ নহয়
অন্য গ্ৰহৰ পৰা অনা হৈছে
বজাৰ মন্দা, দাম বহুত বাঢ়িছে।
পইচা দিবলৈ শাৰীখনৰ আগটো হাতত ল'লো
উচপ খাই উঠিলো! দেখিলো আঁচলৰ গাঁঠিত
পইচাৰ ঠাইত
মোৰ সমগ্ৰ অস্তিত্ব বান্ধ খাই পৰি আছিল।

৯ আগষ্ট, ২০২৩

এই সময়

মূলঃ মনীষ আজাদ
অনুঃ বিতোপন গগৈ

এয়া কিতাপবোৰ কণ্ঠস্থ কৰাৰ সময়
কাৰণ কিতাপবোৰ জ্বলোৱাৰ আদেশ
যিকোনো সময়তে আহি যাব পাৰে,
স্বৈৰতান্ত্ৰিকে জানে
ভৱিষ্যৎ জ্বলাবলৈ
কিতাপ জ্বলোৱাটো প্ৰয়োজনীয়।

এয়া গীতবোৰ মনত ৰখাৰ
আৰু সমবেত হৈ গোৱাৰ সময়
কাৰণ গীতেই সেই আহ্বান
যাৰ দ্বাৰা আমি ভৱিষ্যতক আহ্বান কৰোঁ,
স্বৈৰতান্ত্ৰিকে এইটো জানে
সেয়ে সিহঁতে গীতবোৰ আমাৰ স্মৃতিৰ পৰা
লুপ্ত কৰিব বিচাৰে।

এয়া প্ৰেম কৰাৰ সময়
প্ৰেম কৰাটো সদায়ে
পৰম্পৰাৰ বিৰুদ্ধে বিদ্ৰোহ হৈ আহিছে,
সেয়ে প্ৰতিজন স্বৈৰতান্ত্ৰিকে
প্ৰেমলৈ ভয় কৰে।

এয়া বাতৰি সমূহৰ সমুখ ভাগ নহয়
পাছফালটো ছোৱাৰ সময়,
কিয়নো স্বৈৰতান্ত্ৰিকে এতিয়া
বাতৰিত নিষেধাজ্ঞা নলগায়
বিপৰীতে তাত ধালি দিয়ে গৰল।

এয়া প্ৰশ্নবোৰ ৰক্ষা কৰা, গঢ়া আৰু
সেইবোৰ সকলোৰে মাজত
বিয়পাই দিয়াৰ সময়,
কিয়নো স্বৈৰতান্ত্ৰিকে জানে
যে এই প্ৰশ্নবোৰে
সিহঁতৰ উত্তৰৰ মায়াজাল
কৰি দিব পাৰে ফালি চিৰাচিৰ।

এয়া যুদ্ধ কৰি কৰি যুদ্ধ শিকাৰ সময়
কিয়নো স্বৈৰতান্ত্ৰিকে জানে যে
সিহঁত তেতিয়ালৈকেহে সুৰক্ষিত হৈ থাকিব
যেতিয়ালৈকে যুদ্ধৰ ওপৰত
সিহঁতৰ একচেতীয়া অধিকাৰ থাকিব!

২ আগষ্ট, ২০২৩

ব্যক্তিগতকৰণ

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

ভগৱান সৰ্বব্যাপী
হয় নে নহয়
এই কথা জনাটো সম্ভৱ নহয়।

কিন্তু কোম্পানীবোৰে
চাৰিওফালে আগুৰি আছে,
সিহঁত সৰ্বব্যাপী।

আপুনি কোম্পানীক আওকাণ কৰি
কোনোফালে 
এখোজো লৰচৰ কৰিব নোৱাৰে,
নোৱাৰে এফালেও দৃষ্টি দিব।

ভগৱান যদি আছেও
তেন্তে
তেওঁ নিজৰ গাদীৰ
ব্যক্তিগতকৰণ
সম্পূৰ্ণ কৰি দিলে!

১ আগষ্ট, ২০২৩

উলংগ নাৰী

মূলঃ দেবব্ৰত জেনা
অনুঃ বিতোপন গগৈ

মোৰ নগ্নতাত নজনাকৈয়ে
উলংগ হৈ গ'ল বহু নাৰী
সেইসকল নাৰী 
যি ভাবে গৰুক মা বুলি
যিসকলে কৰে গো পূজা

গো ৰক্ষাৰ বাবে
তেওঁলোকে ৰাজপথ উত্তাল কৰে
গো ৰক্ষক হৈ তেওঁলোকে
নিজকে হিন্দু শ্বেৰনী বুলি কয়

মোৰ নগ্নতাই কিন্তু
তেওঁলোকৰ বুকু কঁপাব পৰা নাই
সেয়ে এতিয়াও তেওঁলোক
মোৰ বাবে ৰাজপথত নমা নাই
নাই কণ্ঠত এটা প্ৰতিবাদৰ ভাষা

তেওঁলোকে
গৰুৰ মাজত ভগৱান দেখা পায়
মাকক দেখা পায়

কিন্তু
মোৰ মাজত তেওঁলোকে মাক বিচাৰি নাপালে
নাপালে বিচাৰি এজনী ভনী।

২৬ জুলাই, ২০২৩

নগ্ন কবিতা-অন্ধ কবি

মূলঃ আঁচল পুলস্তেয়
অনুঃ বিতোপন গগৈ

এই কথা কোৱা কঠিন যে
প্ৰথমে কবিতা নগ্ন হয়
নে কবি অন্ধ হয়?
একেই ভয়ংকৰ প্ৰশ্ন
এইটোও যে
প্ৰথমে জনতা অন্ধ হয়
নে তন্ত্ৰ নগ্ন হয়?

এই প্ৰশ্নত
মাথা মৰাৰ আগত
এইটো জনাও প্ৰয়োজনীয় যে
এয়া কোনো নতুন প্ৰশ্ন নহয়।

কিয়নো ব্যাসেও দেখিছিল
নগ্ন হ'বলৈ ধৰা কবিতাক
আৰু দুচকু জপাই দিছিল
অন্ধ হোৱাৰ পৰা বাচিবলৈ,
কৃষ্ণৰ যাদু দেখুৱাই দিছিল
নগ্ন হ'বলৈ ধৰা কবিতাৰ
শৰীৰ ঢাকি ধৰিবলৈ।

যিটো মই কৰিব নোৱাৰিলো
গুজৰাট আৰু মণিপুৰৰ
কবিতাবোৰৰ বাবে,
কিয়নো মই স্বীকাৰ কৰি লৈছিলো
কবি আৰু তন্ত্ৰৰ অন্ধতাক।

যদি এই সাহস
আকাশত সিচঁৰতি হৈ গ'লহেঁতেন
আৰু নগ্ন কবিতাবোৰ
লজ্জাহীন হৈ
কালী হৈ গ'লহেঁতেন!

কাৰণ  
বাৰে বাৰে সুধি আছে ইতিহাসে
মাত্ৰ এটাই প্ৰশ্ন—
নাৰীৰ ভাগত নপৰে কিয়
ৰজাৰ সোণালী দিন অথবা অমৃতকাল?

হে কবি
হে সাহিত্যিকসকল
হে সভাসদ!
কিমান অন্ধতাৰ প্ৰয়োজন
পাবলৈ একোটা বঁটা?

২৪ জুলাই, ২০২৩

নগ্ন নাৰী

মূলঃ মনীষ আজাদ
অনুঃ বিতোপন গগৈ

কাইলৈ যেতিয়া হিন্দুৰাষ্ট্ৰৰ ফছিলৰ অনুসন্ধান হ'ব
ভৱিষ্যতৰ বুৰঞ্জীবিদসকল আচৰিত হৈ যাব
এই কথা জানি
যে নাৰীৰ নগ্ন শৰীৰেৰে নিৰ্মাণ হৈছিল হিন্দুৰাষ্ট্ৰ

ফছিলত মন্দিৰ আদিৰ অৱশেষতো পোৱা যাবই
আৰু পোৱা যাব বৃহৎ পৰিমাণে নগ্ন নাৰীৰ অৱশেষ
নিশ্চিত ভাৱেই ক্ষত-বিক্ষত অৱস্থাত

বুৰঞ্জীবিদসকল আচৰিত হৈ যাব দেখি
যে তেতিয়াও সেই ক্ষত-বিক্ষত শৰীৰৰ চকুবোৰ 
অক্ষত হৈ আছে
অসহায় দৃষ্টি তেতিয়াও সেই চকুবোৰত ওলমি আছে
চকুলোৰ টোপাল তেতিয়াও সেই চকুৰ কোণত জিলিকি আছে

বুৰঞ্জীবিদসকল তেতিয়াও আচৰিত হৈ যাব
যেতিয়া সেই অসহায় দৃষ্টিশূন্য চকুবোৰ
একোখন পৰ্দালৈ পৰিবৰ্তন হৈ যাব
আৰু পৰ্দাত চলিবলৈ লাগিব এখন চিনেমা—
দুটা স্তন, এখন যোনি আৰু কিলবিলাই ফুৰা অসংখ্য হাত

বুৰঞ্জীবিদসকলৰ কাণ তাল মাৰি যাব
যেতিয়া তেওঁলোকে শুনিব
এক অসহায় আৰ্তনাদক শুহি পেলোৱা
শ শ উন্মাদ আট্টহাস্য

কিন্তু মুখবোৰ তেওঁলোকে নেদেখিব
হিন্দুৰাষ্ট্ৰত চেহেৰাৰনো কি প্ৰয়োজন?

নগ্ন নাৰীৰ কাষতে পুতি থোৱা হ'ব নগ্ন সত্য
কিন্তু নাথাকিব একো প্ৰমাণ
সকলোবোৰ মাথো ক্ষত-বিক্ষত

বুৰঞ্জীবিদসকল এইটো দেখিও আচৰিত হ'ব
যে এই ক্ষত-বিক্ষত সত্যৰ পৰা বিৰিঙি অহা তেজ
তেতিয়াও গৰম হৈয়ে থাকিব

বুৰঞ্জীবিদসকলে যেতিয়া
নগ্ন নাৰী আৰু নগ্ন সত্যৰ মাজত
সম্বন্ধ বিচাৰিব
তেতিয়া তেওঁলোক আকৌ আচৰিত হ'ব
এইটো জানি যে
ইমান শক্তিশালী হিন্দুৰাষ্ট্ৰৰ
ইমান লজ্জাজনক মৃত্যু হ'ল কিয়!

২০ জুলাই, ২০২৩

সকীয়নি

মূলঃ শেফালী শৰ্মা
অনুঃ বিতোপন গগৈ

কিয় বিচাৰা
মোৰ ডিঙিত মংগলসূত্ৰ,
কপালৰ ফোঁট
আৰু শিৰৰ সেন্দুৰেৰে
কিয় নিৰ্ধাৰণ কৰা
নিজৰ আচৰণ?

যদি মোৰ আভূষণে
নিয়ন্ত্ৰিত কৰে তোমাৰ চিন্তা ,
আৰু তোমাৰ শৰীৰ নিয়ন্ত্ৰিত কৰে 
মোৰ পোচাকে
তেন্তে সকীয়াই দিছো—
তুলি নল'বা কোলাত তুমি
কোনো নৱজাত কন্যা।

১৮ জুলাই, ২০২৩

প্ৰতিবাদ

মূলঃ অজয় দুৰ্জ্ঞেয়
অনুঃ বিতোপন গগৈ

অ' মোৰ বন্ধু!
তুমি মোক উপদেশ দিছা যে
মই কম আক্ৰমণাত্মক হ'ব লাগে
সকলো পাহৰি যাব লাগে
সকলোকে ভাল পাব লাগে
আৰু অতীতৰ হাতোৰাৰ পৰা ওলাই আহিব লাগে।

বাৰু! মই তোমাক মাত্ৰ এইটোৱে সুধিব বিচাৰো
তোমাৰ বাবে কেতিয়াবা প্ৰগতি নিষিদ্ধ হৈছে নেকি?
তোমাৰ নিয়তি জন্ম হোৱাৰ আগতেই নিশ্চিত হৈছে নেকি?
তোমাৰ বাবে কেতিয়াবা আটাইতকৈ বেয়া গালিৰ নিৰ্মাণ হৈছে নেকি?
তুমি কেতিয়াবা হ'লেও কোনো নলা-নৰ্দমাত নামি পাইছানে?

কেতিয়াবা তোমাৰ মূৰৰ পৰা ঘাম বৈ নিতম্ব পাইছেগৈ নে?
তোমাক ভুলতে স্পৰ্শ কৰি কোনোবাই গা ধুইছেনে?
কেতিয়াবা তোমাৰ মূৰে কাৰোবাৰ মল কঢ়িয়াইছেনে?
অনিচ্ছা সত্ত্বেও টিকা ফটা ৰ'দত পথাৰত কাম কৰি পাইছানে?

কেতিয়াবা আনৰ এৰেহাৰে পেট ভৰাইছা?
মৰাৰ আগতে এবাৰ হ'লেও মৰিছা?
তোমাৰ মা-ভনী ৰাজহুৱা সম্পত্তি ঘোষিত হৈছেনে ?
তোমাৰ এটা হ'লেও প্ৰজন্ম এনেকৈ শোষিত হৈছেনে?

কেতিয়াবা তোমাৰ কোনোবা পূৰ্বপুৰুষে মুত খাই পাইছেনে?
তোমাৰ কোনোবা পূৰ্বপুৰুষে নিজৰেই থু চেলেকি পাইছেনে?
এনেকুৱা কিবা সোৱাদ তোমাৰ জিভাত লাগিছেনে?
এনে এটাও ঘৃণনীয় স্মৃতি তোমাৰ মনত আছেনে?

এতিয়া তুমি ক'বা মই পুনৰ আক্ৰমণাত্ম হৈ উঠিছো
তেন্তে ক্ষমা কৰিবা বন্ধু! মোৰ কণ্ঠ উচ্চ নহয়
মাত্ৰ তুমি নিজে এক মৌনতাত অভ্যস্ত হৈ পৰিছা
তোমাৰ কাণে প্ৰতিবাদী কণ্ঠ পাহৰি গৈছে
কিন্তু এতিয়া সিহঁতক শক্তিশালী কৰা, সাজু কৰা
কাৰণ তোমাৰ মতেই শোষিতসকল আজি আক্ৰমণাত্ম হৈ উঠিছে!

৬ জুলাই, ২০২৩

গুড়ৰ জুতি ল'বলৈ পাবা

মূলঃ বাবা নাগাৰ্জুন
অনুঃ বিতোপন গগৈ

বোবা হৈ থাকিবা
গুড়ৰ জুতি ল'বলৈ পাবা

বতৰে হাঁহিলে
হৃদয় ভৰিব
গছ লৰিলে
পইছা সৰিব
মূৰ নাইকিয়া হ'লে
টুপিটো থাকিব

বোবা হৈ থাকিবা
গুড়ৰ জুতি ল'বলৈ পাবা।

৩০ জুন, ২০২৩

Friday, November 24, 2023

সিহঁত ভোকত আছে

 মূলঃ ঔমপ্ৰকাশ বাল্মিকী
অনুবাদঃ বিতোপন গগৈ

সিহঁত ভোকত আছে
কিন্তু মানুহৰ মাংস নাখায়

সিহঁত পিয়াহত আছে
কিন্তু তেজ নাখায়

নাঙঠ হৈ আছে
কিন্তু আনক নাঙঠ নকৰে

সিহঁতৰ মূৰৰ ওপৰত
ছাল এখনো নাই
কিন্তু আনৰ বাবে
সিহঁতে ঘৰ বনায়।

৩০ জুন, ২০২৩

নদীৰ বিলাপ

মূলঃ আলোক আজাদ
অনুঃ বিতোপন গগৈ
 
নদীবোৰে যেতিয়া কান্দে
সাধাৰণতেই তেতিয়া
সিহঁত চহৰ পৰ্যন্ত পাই যায়হি
নিজৰ অৰণ্য
নিজৰ জীৱ-জন্তুবোৰ বিচাৰি।

সিহঁতেও জানে 
যে চহৰবোৰ
অৰণ্যৰ মৃতদেহৰ ওপৰতে
গঢ় লৈ উঠিছে।

২৩ জুন, ২০২৩

শুনা দ্রৌপদী

মূলঃ পুষ্যমিত্র উপাধ্যায়
অনুবাদঃ বিতোপন গগৈ

শুনা দ্রৌপদী অস্ত্র উঠাই লোৱা
গোবিন্দ এতিয়া আৰু নাহে

মেহেন্দী বাদ দিয়া তৰোৱাল চম্ভালা
নিজেই নিজৰ মূৰ বচোৱা
জুৱাখেল পাতি শকুনি লৈছে বহি
বিক্রী হৈ যাব সকলোৰে জ্ঞান-বুদ্ধি
শুনা দ্রৌপদী অস্ত্র উঠাই লোৱা
গোবিন্দ এতিয়া আৰু নাহে

কেতিয়ালৈ তুমি আশা কৰি থাকিবা
বিক্রী যোৱা খবৰকাকতৰ পৰা
কি নিৰাপত্তা বিচাৰিছা তুমি
দুঃশাসনৰ ৰাজসভাৰ পৰা
যি নিজে লজ্জাহীন হৈ আছে বহি
সিহঁতে কি ৰক্ষা কৰিব লাজ
শুনা দ্রৌপদী অস্ত্র উঠাই লোৱা
গোবিন্দ এতিয়া আৰু নাহে

কালিলৈকে ৰজা মাত্র অন্ধ আছিল
আজি কলা-বোবাও হৈ গ'ল
জনতাৰ ওঠ চিলাই দিলে
কাণটো লগালে পহৰা
তুমিয়ে কোৱা তোমাৰ এই চকুলোৱে
কাক কিমান কি বুজাব
শুনা দ্রৌপদী অস্ত্র উঠাই লোৱা
গোবিন্দ এতিয়া আৰু নাহে!

১৮ জুন, ২০২৩

তামাচাবাজ ৰজা

মূলঃ সম্পত সৰল
অনুঃ বিতোপন গগৈ

শাসনত বহি থকা ৰজা বৰ তামাচাবাজ
প্ৰজাৰ মনোবিজ্ঞান তেওঁৰ নখদৰ্পণত।

ৰজাই জানে
জনতা ধনী দুখীয়া জ্ঞানী অজ্ঞানী যিয়েই নহওক
তামাচা কিন্তু মচগুল হৈ চায়।

তামাচাবাজীৰে প্ৰজা এবাৰ সন্মোহিত হ'লেই
ৰজা আৰু প্ৰজাৰ মাজৰ টিউনিং মজবুত হৈ যায়।

ৰজাই যদি মূৰ মাৰিবলৈও কয়
প্ৰজাই হাত তালি মাৰিবলৈ লাগি যায়।

ৰজাও কিন্তু আচৰিত তামাচাবাজ
সুশাসনৰ বাবে তেওঁ তামাচা শৈলীকে
নিজৰ কৰি লয়।

প্ৰজাই পৰিষ্কাৰ পানীৰ বাবে চিঞৰিলে
ৰজাই বোঁৱতী নদীত উৰাজাহাজ চলাই দেখুৱালে।

বস্তিত জুই লাগিলে
ৰজাই জুইৰ চকৰিৰ মাজেৰে জপিয়াই
চাৰ্কাচ দেখুৱাবলৈ লাগিলে।

প্ৰজাই মূল্যবৃদ্ধিৰ ওপৰত ধ্যান দিবলৈ ক'লে
ৰজা গুহাত সোমাই ধ্যানত বহি ল'লে।

প্ৰজাই স্কুল হস্পিতেল দাবী কৰিলে
ৰজাই প্ৰতিবেশী দেশৰ আক্ৰমণৰ ভয় দেখুৱাই
খালী বটলত ৰকেট সাজু কৰি উৰাবলৈ লাগি গ'ল।

প্ৰজাই কামৰ কথা সুধিলে
ৰজাই মনৰ কথা ক'বলৈ লাগি যায়।

ৰজাই কিন্তু জানে এই তামাচাবাজীৰ সুবিধা আৰু অসুবিধা দুয়োটাই আছে। সুবিধা এইটো যে তামাচাৰ জালত প্ৰজাই মূল সমস্যা পাহৰি যায়। আৰু অসুবিধা এইটোৱেই যে তামাচা সদায় নতুন দেখুৱাবলগীয়া হয়!

১০ জুন, ২০২৩

পৰিসংখ্যা

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

জ্বলি থকা অসংখ্য চিতাৰ জুইৰে
যেতিয়া আমি হৃদয় জ্বলাব লাগিছিল
তেতিয়া চৰকাৰী সাংবাদিকে
যাদু কৰি মৃতদেহবোৰক
একোটা সংখ্যা বনাই দিলে।

আমাৰ চকুলো হৈ পৰিল গণিত

তেওঁলোকৰ কফিন কাপোৰতকৈও
অধিক বগা কাগজত
তেওঁলোকৰ নামৰ ঠাইত
একোটা সংখ্যা লিখা হ'ল
য'ত সেই সকলোকে অদৃশ্য কৰি দিয়া হ'ল

সেই পৰিসংখ্যাতো
সেই ৰেলগাড়ীৰ দৰেই ভিৰ আছিল
সেই পৰিসংখ্যাতো
ঠিয় হৈ থাকিবলৈ ঠাই নাছিল

আমি সঁচাকৈয়ে জোগাৰৰ দেশ।

৪ জুন, ২০২৩

নতুন মধ্যযুগ

মূলঃ বিহাগ বৈভৱ
অনুঃ বিতোপন গগৈ

অতীতত মাত্ৰ এটা ফুচফুচনি আছিল
বৰ্তমানে ৰহস্য উদঘাটন কৰিছে—
সকলোবোৰ নতুন কৰি পেলোৱাৰ বাসনাত লুকাই আছিল
পুৰণিৰ প্ৰতি ঐতিহাসিক ঘৃণা

নতুনে যেতিয়া বলাৎকাৰী আৰু হত্যাকাৰীবোৰক মালা পিন্ধাছিল
পুৰণিয়ে তেতিয়া হাতত ধৰিছিল
দুহেজাৰ চৈধ্যই যেতিয়া স্বাধীনতাৰ শুভকামনা দিছিল
উনৈছ শ সাতচল্লিছৰ তেতিয়া হাঁহি উঠিছিল

সেয়ে নতুন কৰি অমৰ হোৱাৰ বাসনা
আৰু পুৰণিৰ প্ৰতি ঘৃণা
পৰস্পৰ ৰ প্ৰতিযোগিতা হৈছিল

সিহঁতক লাগিছিল নতুন অতীত, নতুন ইতিহাস
সমাজশাস্ত্ৰৰ নতুন ভূগোলত বাট হেৰুৱাইছিল জনতাই
সেয়ে সিহঁতক নতুন জনতা প্ৰয়োজন হৈছিল

সংসদৰ পৰা সংবিধানলৈ
যিখিনি নতুন কৰিব পাৰি, সিহঁতে কৰিছিল
কিন্তু এতিয়াও কিছু আছিল
যিবিলাক নতুন কৰাত অসুবিধা হৈছিল

যেনে, আম্বেদকাৰ,গান্ধী আৰু নেহৰুক 
নতুন কৰাত এটাই অসুবিধা আছিল
সিহঁতে মৃতলোকক জীয়াই তুলিব নাজানিছিল
কিন্তু চেষ্টা পুৰাদমেই কৰিছিল

এই চেষ্টাৰেই সম্ভৱ কৰিলে
সিহঁতে তিনিটা খোজেৰে পাৰ হ'ল কেইবা শতিকা
আৰু একৈছ শতিকাক 
পৰিবৰ্তন কৰি দিলে নতুন মধ্যযুগলৈ 

এতিয়া সিহঁতৰ লগত নতুন অতীত আছে, নতুন ভক্তিকাল
নতুন সংসদ, নতুন জনতা, আছে নতুন ন্যায়শাস্ত্ৰ
 
অতীতৰ ফুচফুচনিৰ ৰহস্য উদঘাটন হৈ গ'ল—
ইতিহাসক সলনি কৰি দিলেই সলনি হয় সমাজশাস্ত্ৰ।

২৯ মে', ২০২৩

যদি এগৰাকী মল্লযুঁজাৰু চিতভোলোঙা খাই পৰে

মূলঃ বিহাগ বৈভৱ
অনুঃ বিতোপন গগৈ

যদি এগৰাকী মল্লযুঁজাৰু চিতভোলোঙা খাই পৰে
তেন্তে তেওঁৰ যুদ্ধক্ষেত্ৰখন দুখী হৈ পৰে

এজন মল্লযুঁজাৰুৰ পৰাজয়ত
যুদ্ধক্ষেত্ৰখনৰ পৰাজয় জড়িত হৈ থাকে

যেনেকৈ
নিজৰেই দেশৰ সৈতে যুঁজা ছোৱালীবোৰৰ পৰাজয়ত
দেশৰ পৰাজয় জড়িত হৈ থাকে

কিন্তু
পুৰুষে গঢ়া
এই পৃথিৱীৰ বিৰুদ্ধে যুঁজা ছোৱালীবোৰ
কেতিয়াও পৰাজিত নহয়
হয় ছোৱালীবোৰ জিকে
নহয় দেশ হাৰে।

২৮ মে', ২০২৩

চাৰি মাহ পাৰ হৈ গ'ল

 মূলঃ হো চি মিন
অনুঃ বিতোপন গগৈ

'কাৰাগাৰৰ এটা দিন হাজাৰ বছৰ দীঘল যেন লাগে'
নিসন্দেহে! কিমান সঠিক আছিল আমাৰ পূৰ্বজ
চাৰিটা মাহৰ অমানৱীয় জীৱনেই
দহ বছৰ বয়স বঢ়াই মোক বুঢ়া কৰি দিলে

নিসন্দেহে!
যোৱা চাৰিটা মাহ মই নামমাত্ৰ আহাৰ খাই পাৰ কৰিছো
যোৱা চাৰিটা মাহৰ এটা দিনো মই গভীৰ টোপনি যাব পৰা নাই
যোৱা চাৰিটা মাহ সলোৱা নাই মই কাপোৰ
যোৱা চাৰিটা মাহ ধোৱা নাই মই গা

সেইবাবে
এটা দাঁত সৰি গ'ল
পকি গ'ল বেছিখিনি চুলিয়ে
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে খজুৱতি
লেৰেলি শুকাই যোৱা পাচলিৰ দৰে
মই ভোকাতুৰ প্ৰেত

সৌভাগ্যবশতঃ
জেদী আৰু স্থিতপ্ৰজ্ঞ মই
এক ইঞ্চিও পিছুৱাই যোৱা নাই
শাৰীৰিক ভাবে ভাগি গৈছো
মোৰ মন কিন্তু কেতিয়াও 
পিছ হোঁহকি নাহে।

১৯ মে', ২০২৩

মা

মূলঃ ৰবি ৰজৌলী
অনুঃ বিতোপন গগৈ

মোৰ মাৰ মুখ
গৰ্কীৰ মাৰ সৈতে
'হাজাৰ চৌৰাশী'ৰ মাৰ সৈতে
ভগত সিঙৰ মাৰ সৈতে
চন্দুৰ মাৰ সৈতে
সকলোৰে মাৰ চেহেৰাৰ সৈতে মিলে,
মোৰ মাক মই
এই অসংখ্য মালৈ ৰূপান্তৰ হোৱা দেখিছো।

ময়ো বিচাৰিছিলো
তেওঁলোকৰ ল'ৰাৰ দৰে হওঁ মই,
মোৰ মনত অনুশোচনা থাকি যাব
যে
মই তেওঁলোকৰ
ল'ৰাৰ দৰে হ'ব নোৱাৰিলোঁ
কিন্তু
এতিয়া মই এই অসংখ্য মাৰ
হাতৰ লাঠী হ'বলৈ চেষ্টা কৰিম।

১৪ মে', ২০২৩

আশা

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

আমাৰ ভালপোৱাৰ সিদ্ধান্ত 
সংসদে ল'ব।

সংসদে কৰিব সিদ্ধান্ত
সেই দিনটোৰ
যিদিনা তুমি কলেজৰ পৰা বাহিৰলৈ ওলাই
এজন পুৰণি কবিৰ কবিতাৰে
তুমি কৈছিলা
মই কেনেকুৱা।

আৰু সংসদৰ সিদ্ধান্তৰে
বাছি লোৱা হ'ব
সেই পুৰণি গীত
য'ত বন্দী হৈ আছো
তুমি আৰু মই।

আৰু 
সংসদে সিদ্ধান্ত কৰিব
যে
তোমাক দেখি
মোৰ দুগাল কিমান ৰঙা হ'ব পাৰিব।
 
সংসদৰ সিদ্ধান্ততেই
মোৰ দুচকু ভৰিব
দেখিম সপোন
আৰু
থ'ম হাতত হাত।

১২ মে', ২০২৩

মাণ্টোৰ জন্মদিন বুলি দুটা গল্পৰ অনুবাদঃ

#শুধৰণি
মূলঃ ছাদাট হাছান মাণ্টো
অনুঃ বিতোপন গগৈ

: কোন তই?
: তই কোন?
: হৰ হৰ মহাদেৱ... হৰহৰ মহাদেৱ।
: হৰহৰ মহাদেৱ।
: প্ৰমাণ কি?
: প্ৰমাণ? মোৰ নাম ধৰ্মচন্দ্ৰ!
: এইটো কোনো প্ৰমাণ নহয়!
: চাৰি বেদৰ যিকোনো কথা মোক সোধা।
: আমি বেদ-ছেদ নাজানো... মুঠতে প্ৰমাণ দে!
: কি প্ৰমাণ?
: পায়জামা খোল!

ৰচী খুলি পাইজামা তললৈ পৰি যোৱাৰ লগে লগে চাৰিও ফালে এটা হুলস্থুল লাগি গ'ল—
: মাৰি পেলা... মাৰি পেলা!
: ৰ'বা ৰ'বা... মই তোমালোকৰে ভাই... ভগৱানৰ শপত তোমালোকৰে ভাই!
: তেনেহ'লে এয়া কি?
: মই যি ঠাইৰ পৰা আহিছো সেয়া আমাৰ শত্ৰুৰ ঠাই আছিল। সেয়ে উপায়হীন হৈ মই এনে কৰিব লগাত পৰিল। মাত্ৰ নিজৰ প্ৰাণ বচাবলৈ মই এনে কৰিব লগা হ'ল...মাত্ৰ এই এটাই ভুল হৈ গ'ল।
: উৰাই দে এই ভুলটোক!

ভুলটো উৰাই দিয়া হ'ল।
ধৰ্মচন্দ্ৰও লগতে উৰি গ'ল।

#ছৰি (Sorry)
মূলঃ ছাদাট হাছান মাণ্টো
অনুঃ বিতোপন গগৈ

ছুৰিখন পেটত সোমাই ফালি ক্ৰমে নাভিৰ তললৈকে নামি আহিল।

লগতে পায়জামাৰ ৰচিদালও কাট খায় গ'ল।

চুৰি মৰা জনৰ মুখৰ পৰা অনুশোচনাৰ কলিমা এটা ওলাই আহিল—
: "ইচ... ইচ... ইচ...
মিছটেক হৈ গ'ল।"

১১ মে', ২০২৩

বুদ্ধ

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

বুদ্ধই ক'লে—
'সকলো দুখী'।

ইমানখিনি জনাটোৱেই যথেষ্ট
সংসাৰখন বুজিবৰ বাবে
প্ৰেম কৰিবৰ বাবে
বুদ্ধ হ'বৰ বাবে।

৫ মে' ২০২৩

সংঘাতত সুখ আছে

মূলঃ কাৰ্ল হেইনৰিখ মাৰ্ক্স
অনুঃ বিতোপন গগৈ

হাহাকাৰেৰে ভৰা এই জীৱন
মোৰ বাবে নহয়
নাই, মোৰ ধুমুহা মনে এইটো কেতিয়াও মানি নলয়।
মোকতো লাগে এক মহান সুউচ্চ লক্ষ্য
আৰু তাৰ বাবে গোটেই জীৱন সংঘাতৰ নিছিগা ধাৰ।

অ' কলা, তুমি খুলি পেলোৱা
মানৱতাৰ ঐতিহ্য, তোমাৰ অমূল্য সম্পদৰ দুৱাৰ
মোৰ বাবে খুলি দিয়া!
নিজৰ প্ৰজ্ঞা আৰু আৱেগৰ আলিংগনেৰে
সমগ্ৰ বিশ্বকে মই বান্ধি ল'ম!

আঁহা,
আমি ৰুক্ষ আৰু কঠিন যাত্ৰা আৰম্ভ কৰোঁ
আঁহা,
ফোপোলা, উদ্দেশ্যহীন, লক্ষ্যহীন জীৱন
আমি মানি নলওঁ।
আমি ধাৰহীন কলম ঘহাই 
উৎপীড়ন সহি অসহায় জীৱন এটা জীয়াই নাথাকো।

আমি আকাংক্ষা, আক্ৰোশ, আৱেগ
আৰু অভিমানেৰে জীয়াই থাকিম।

আমি প্ৰকৃত মানুহৰ দৰে জীয়াই থাকিম।

৫ মে' ২০২৩

আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে ইৰাণী শ্ৰমিক চাবিৰ হাকাৰ ১৪টা কবিতাৰ অসমীয়া অনুবাদ

মূলঃ চাবিৰ হাকা
অনুবাদঃ বিতোপন গগৈ

১ নুনি
আপুনি কেতিয়াবা পকা লোপথুপীয়া নুনি দেখিছেনে
যি ঠাইত সৰি পৰে, সিমানখিনি মাটি
তাৰ ৰঙা ৰসেৰে চেকা ধৰে
সৰি পৰাতকৈ যন্ত্ৰণাদায়ক আৰু একো নাই
মই কিমান মজদুৰক দেখিছো
অট্টালিকাৰ পৰা সৰি পৰা
সৰি পৰি নুনি হৈ যোৱা।

২ ভগৱান
ভগৱানও এজন মজদুৰ
নিশ্চয় তেওঁ ৱেল্ডাৰৰো ৱেল্ডাৰ
সন্ধ্যাৰ পোহৰত
তেওঁৰ চকু অঙঠাৰ দৰে ৰঙা হয়
নিশা তেওঁৰ চোলাত
ফুটাই ফুটা হয়।

৩ বন্দুক
সিহঁতে যদি বন্দুকৰ আৱিষ্কাৰ নকৰিলেহেঁতেন
তেন্তে কিমান যে মানুহ, দূৰৰ পৰাই হওক
মৰাৰ পৰা বাচি গ'লহেঁতেন
বহুত কামেই সহজ হৈ গ'লহেঁতেন
সিহঁতক মজদুৰৰ শক্তিৰ অনুভৱ কৰোওৱাটোও
বহুত সহজ হৈ পৰিলহেঁতেন।

৪ মৃত্যুৰ ভয়
গোটেই জীৱন মই এই কথা বিশ্বাস কৰি চলিলো
যে মিছা কোৱাটো ভুল
কাৰোবাক কষ্ট দিয়াটো ভুল

গোটেই জীৱন মই এই কথা স্বীকাৰ কৰিলো
যে মৃত্যুও জীৱনৰে এক অংশ

ইয়াৰ পাছতো মোৰ মৃত্যুলৈ ভয় লাগে
ভয় লাগে আনখন পৃথিৱীতো মজদুৰ হৈ ৰোৱাৰ।

৫ কেৰিয়াৰৰ নিৰ্বাচন
মই কেতিয়াও এজন সাধাৰণ বেংক কৰ্মচাৰী হ'ব নোৱাৰিলো
খোৱা-বোৱা সামগ্ৰীৰ চেলছমেনও নহয়
কোনো পাৰ্টিৰ নেতাও নহয়
নহয় টেক্সী ড্ৰাইভাৰ
প্ৰচাৰত লাগি থকা মাৰ্কেটিংৱালাও নহয়

মই মাত্ৰ এইটোৱেই বিচাৰিছিলো
যে চহৰৰ আটাইতকৈ ওখ ঠাইখনত ঠিয় হৈ
তলৰ ঠাহখাই থকা অট্টালিকাবোৰৰ মাজত
সেই তিৰোতাজনীৰ ঘৰটো চাব বিচাৰো
যাক মই ভাল পাওঁ
সেয়ে মই নিৰ্মাণ কাৰ্যৰ মজদুৰ হ'লো।

৬ মোৰ দেউতা
যদি মই মোৰ দেউতাৰ বিষয়ে কিবা কোৱাৰ সাহস কৰো
তেন্তে মোৰ কথা বিশ্বাস কৰক
তেওঁৰ জীৱনে তেওঁক খুব কম সুখ দিলে

সেই মানুহজন নিজৰ পৰিয়ালৰ বাবে সমৰ্পিত আছিল
পৰিয়ালৰ অভাৱবোৰ পূৰণ কৰিবলৈ
তেওঁ নিজৰ জীৱনটো কঠোৰ আৰু ৰুক্ষ কৰি ল'লে

আৰু এতিয়া
নিজৰ কবিতাবোৰ ছপা কৰি
মোৰ মাত্ৰ এটা কথাতে সংকোচ হয়
যে মোৰ দেউতাই পঢ়িব নোৱাৰে।

৭ আস্থা
মোৰ দেউতা মজদুৰ আছিল
আস্থাৰে মন ভৰি থকা মানুহ
যেতিয়া তেওঁ নামাজ পঢ়ে
(আল্লাহে) তেওঁৰ হাত দুখন দেখি লজ্জিত হয়।

৮ মৃত্যু
মোৰ মায়ে কৈছে
তেওঁ মৃত্যুক দেখিছে
তাৰ ডাঙৰ ডাঙৰ মোছ আছে
সি ওখ-ডাঙৰ, যেন এটা পগলা মানুহ

সেই নিশাৰ পৰা
মাৰ সৰলতাক
মই সন্দেহৰ দৃষ্টিৰ চাবলৈ ল'লো।

৯ ৰাজনীতি
ডাঙৰ ডাঙৰ পৰিবৰ্তনবোৰো
কিমান সহজে কৰি দিয়া হয়
হাতে-কামে কৰি থকা মজদুৰক
ৰাজনৈতিক কৰ্মীলৈ সলনি কৰি দিয়াটোও
কিমান সহজ, নহয় নে!
ক্ৰেনবোৰে এই পৰিবৰ্তনক উঠায়
আৰু ফাঁচিকাঠ পৰ্যন্ত লৈ যায়।

১০ বন্ধুত্ব
মই ঈশ্বৰৰ বন্ধু নহয়
ইয়াৰ মাত্ৰ এটাই কাৰণ 
যাৰ শিপা বহু দূৰ অতীতলৈ শিপাই আছেঃ
যেতিয়া আমাৰ ছজনীয়া পৰিয়ালটো
এটা সৰু কোঠাত আছিলো
ঈশ্বৰৰ কিন্তু বহুত ডাঙৰ ঘৰ আছিল
য'ত তেওঁ অকলে থাকিছিল।

১১ সীমান্ত
যেনেকৈ বগা কাপোৰেৰে ঢাকি দিয়ে মৃতদেহ
বৰফেও বহু বস্তু ঢাকি লয়
ঢাকি লয় অট্টালিকাৰ কংকালবোৰ
গছবোৰ, কবৰবোৰ বগা কৰি দিয়ে।

আৰু মাত্ৰ বৰফেই আছে
যি সীমান্তবোৰকো বগা কৰি পেলায়।

১২ ঘৰ
মই গোটেই পৃথিৱীৰ বাবে ক'ব পাৰো এই শব্দ
পৃথিৱীৰ প্ৰতিখন দেশৰ বাবে ক'ব পাৰো
মই আকাশকো ক'ব পাৰো
এই ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুকো
কিন্তু তেহৰাণৰ এই খিৰিকি নথকা
ভাৰা কোঠাটোক ক'ব নোৱাৰো
এইটোক ঘৰ বুলি ক'ব নোৱাৰো।

১৩ চৰকাৰ
এক দীঘলীয়া সময় ধৰি
পুলিচে মোক বিচাৰি আছে
মই কাকো হত্যা কৰা নাই
মই চৰকাৰৰ বিৰুদ্ধেও একো লিখা নাই

মাত্ৰ তুমি জানা, মোৰ প্ৰিয়তমা
জনতাৰ বাবে কিমান যন্ত্ৰণাদায়ক হ'ব
চৰকাৰে মাত্ৰ এইটো কাৰণতে মোলৈ ভয় কৰে
যে মই এজন মজদুৰ
যদি বিপ্লৱী বা বিদ্ৰোহী হ'লোহেঁতেন
তেতিয়া তেওঁলোকে কি কৰিলেহেঁতেন?

তথাপিও ল'ৰাটোৰ বাবে এই পৃথিৱী
বহুত কিবা সলনি হোৱা নাই
যি স্কুলৰ সকলো কিতাপৰ বেটুপাতত
নিজৰ ফটো ছপা হোৱাটো চাব বিচাৰে।

১৪ একমাত্ৰ ভয়টো
যেতিয়া মই মৰিম
নিজৰ সকলোবোৰ প্ৰিয় কিতাপ লগত লৈ যাম
নিজৰ কবৰ ভৰাই পেলাম
সেইসকলৰ ছবিৰে 
যাক মই ভাল পাওঁ
মোৰ নতুন ঘৰত কোনো ঠাই নাথাকিব
ভৱিষ্যতৰ ভয় বাবে।

মই শুই থাকিম, চিগাৰেট হুপিম
আৰু কান্দিম সেই তিৰোতাবোৰলৈ মনত পেলায়
যাক মই সাৱতি ল'ব বিচাৰিছিলো।

এই সকলো প্ৰসন্নতাৰ মাজতো
এটা ভয় বাচি থাকে—
এদিন কাহিলী পুৱাতে
কোনোবাই কান্ধত ধৰি জোকাৰি মোক জগাব
আৰু ক'ব—
'উঠা হে চাহাব, কামলৈ যাব লাগে'!

১ মে' ২০২৩

#চাবিৰ_হাকাঃ ইৰাণৰ নিৰ্মাণ শ্ৰমিক চাবিৰ হাকাৰ কবিতাবোৰ বজ্ৰপাতৰ আঘাটৰ দৰে। তেওঁৰ জন্মৰ ১৯৮৬ চনত ইৰাণৰ কেৰমানশ্বাহ চহৰত হৈছিল। বৰ্তমান তেওঁ তেহৰাণত বাস কৰে আৰু অট্টালিকাৰ নিৰ্মাণকাৰ্যত মজদুৰী কৰে। চাবিৰ হাকাৰ দুখন কবিতা সংগ্ৰহ প্ৰকাশ হৈছে আৰু তাৰ বাবে তেওঁ পুৰস্কৃতও হৈছে। কিন্তু কবিতাৰে পেট নভৰে। সেয়ে জীৱন নিৰ্বাহৰ বাবে তেওঁ ইটা-বালি কঢ়িয়াব লাগে। এটা সাক্ষাৎকাৰত তেওঁ কৈছিল— "মই ভাগৰুৱা। বহুত ভাগৰুৱা। মই জন্মৰ আগৰ পৰাই ভাগৰুৱা। মোৰ মায়ে মোক গৰ্ভত লৈয়ে মজদুৰী কৰিছিল। মই তেতিয়াৰ পৰাই মজদুৰ। মই মোৰ মাৰ ভাগৰ অনুভৱ কৰিব পাৰিছিলো। তেওঁৰ সেই ভাগৰ এতিয়াও মোৰ দেহত আছে।"
(কবিতা কেইটা গীত চতুৰ্বেদীয়ে কৰা হিন্দী অনুবাদৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে।)

কবিতা

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

এদিন গোটেইবোৰ সাহিত্য
চুৰি হৈ যাওক।

প্ৰতিজনৰ ভাগত
এটা গদ্য-এটা কবিতা পৰক।

এদিন পৃথিৱী সাৰ পাওক
নিজৰ নিজৰ
অধিকাৰৰ কবিতাবোৰৰ সৈতে।

এদিন গোটেই পৃথিৱী 
কবি হৈ যাওক।

৩০ এপ্ৰিল, ২০২৩

প্ৰেমৰ কবিতা

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

তোমাৰ বাবে লিখা
প্ৰেমৰ কবিতাবোৰ
স্কুলত পঢ়াবলগীয়াকৈ
গম্ভীৰতো নহয়

কিন্তু সিমান নিষ্পাপ
নিশ্চয়ে হয়
যিমান হ'লে
কবিতাবোৰ পোৱা যাব
গোপন প্ৰেমপত্ৰবিলাকত
যিবিলাক কোনোবাই
মনে মনে থৈ যাব
কাৰোবাৰ কিতাপৰ মাজত।

২৫ মাৰ্চ, ২০২৩

কিতাপবোৰ


মূলঃ গুলজাৰ  অনুঃ বিতোপন গৈ

কিতাপবোৰে বন্ধ আলমাৰিৰ আইনাৰে জুমি থাকে
বৰ আশাৰে চাই থাকে
এতিয়া মাহ মাহ ধৰি দেখা দেখি নহয়
যিবোৰ সন্ধ্যা সিহঁতৰ সৈতে পাৰ কৰিছিলো
এতিয়া প্ৰায়ে কম্পিউটাৰৰ পৰ্দাত পাৰ হৈ যায়
বৰ ব্যাকুল হৈ থাকে কিতাপবোৰ
সিহঁতৰ এতিয়া টোপনিত খোজ কঢ়া বেমাৰ হৈছে
বৰ আশাৰে চাই থাকে
যি উৎসাহৰ বাণী সিহঁতে শুনাইছিল
যাৰ কোষ কেতিয়াও নমৰিছিল বুলি
সেই কথা কাণত নপৰে এতিয়া ঘৰত
যি সম্বন্ধৰ কথা সিহঁতে কৈছিল
সেয়া এতিয়া ছিগা সূতাৰ চিলাই

কেইবাটা পৃষ্ঠা লুটিয়াও
তাৰ পাছতহে এটা নিশাহ ওলায়
বহু শব্দৰ অৰ্থ সৰি পৰিল
সকলোবোৰ শব্দ পাতসৰা শুকান ডাল যেন লাগে
য'ত এতিয়া কোনো অৰ্থৰ কোঁহ নেমেলে
বহু চুক্তি হৈ গ'ল বুজাবুজিৰ

যি মাটিৰ পিয়লাবোৰৰ দৰে সিঁচৰিত হৈ পৰি আছে
গিলাচবোৰে সিহঁতক পৰিত্যক্ত কৰি পেলালে
জিভাৰ আগত যি সোৱাদ লাগিছিল পৃষ্ঠা লুটিওৱাৰ
এতিয়া আঙুলি ক্লিক কৰোঁতে
মাত্ৰ এক পলক লাগে
স্ক্ৰীণত বহু পৃষ্ঠা খুলি গৈ থাকে একেলগে

কিতাপৰ সৈতে যি আত্মিকতা আছিল
এতিয়া নাই
কেতিয়াবা বুকুত সাবতি শুই গৈছিলো
কেতিয়াবা কোলাত লৈছিলো
কেতিয়াবা দুআঁঠুৰ মাজত লৈ
প্ৰাৰ্থনা কৰাৰ দৰে পঢ়িছিলো
মূৰত লৈছিলো

সকলোবোৰ জ্ঞান পায় থাকিম পাছলৈও
কিন্তু সেই যে
কিতাপৰ মাজত পোৱা শুকান ফুল আৰু
সুগন্ধী কাগজৰ টুকুৰা
সেই যে কিতাপ খোজোতে
কিতাপ পৰোতে
উঠাই হাতত তুলি দিয়াৰ সুযোগ লৈ 
গঢ়ি উঠা সম্বন্ধবোৰ
সেইবোৰৰ কি হ'ব
সেইবোৰ কিজানি এতিয়া আৰু নাথাকিব!

২৩ এপ্ৰিল, ২০২৩

আজি বিশ্বগ্ৰন্থ দিৱস বুলি গুলজাৰৰ "किताबें" অনুবাদ কৰাৰ চেষ্টা কৰিলো। গুৱাহাটী গ্ৰন্থমেলাৰ সময়তে মোৰ প্ৰকাশিত অনুবাদ কিতাপখন আনিবলৈ আঁক-বাকলৈ গৈছিলো। কথাবতৰা পাতি আহিবলৈ ওলাই আহোঁতে গেটৰ মুখত লগ কৰি তাতে কৰ্মৰত দেৱজিৎয়ে কবিতাটো অনুবাদ কৰিবলৈ দি পঠিয়াইছিল। তেতিয়াই চেষ্টা কৰিছিলো যদিও মনে বিচৰা ধৰণে কৰিব পৰা নাছিলো বাবে আধা কৰাকৈয়ে এৰিছিলো। মাজে মাজে চেষ্টা কৰিছিলো যদিও হৈ উঠা নাছিল। আজি আকৌ চেষ্টা কৰি কোনোমতে সম্পৰ্ণ কৰিলো। ভাল অনুবাদ হোৱা নাই, তথাপি আজিৰ দিনটোত কবিতাটো দেৱজিতৰ বাবে।

Thursday, November 23, 2023

গোন্ধ

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

তুমি ডাৱৰবোৰক শুনাইছিলা
আমাৰ কাহিনী 
 
আৰু সিহঁতে সেই কাহিনীৰে
চহৰখনৰ মাটি সেমেকালে

এতিয়া
প্ৰতিজাক বৰষুণৰ পাছতে
এই চহৰ
অতীত হৈ যোৱা দিনবোৰৰ দৰে মলমলায়।

২৮ মাৰ্চ, ২০২৩

ৰুদ্ধশ্বাস

মূলঃ বাচ্ছা লাল "উন্মেষ"
অনুঃ বিতোপন গগৈ

আমাক মাটি লাগে
গোটেই আকাশখন তোমালোকে লৈ লোৱা

আমাক সংবিধান লাগে
গীতা কোৰাণ তোমালোকে লৈ লোৱা

আমাক ভাত লাগে
আধ্যাত্মিক জ্ঞান তোমালোকে থৈ দিয়া

আমাক সংস্থাপন লাগে
ব্ৰত আৰু ধ্যান তোমালোকে কৰি থাকা

আমাক বিচাৰধাৰা লাগে
এই নিৰ্জীৱ মূৰ্তি তোমালোকে লৈ লোৱা

আমাক কলম লাগে
এই গুলি বন্দুক তোমালোকে থৈ দিয়া

আমাক সন্মান লাগে
এই নিষ্ঠুৰ ভগৱানক তোমালোকে লৈ লোৱা

আমাক মানুহ লাগে
এই জাতিৰ জ্ঞান তোমালোকে থৈ দিয়া

আমাক এইবোৰৰ পৰা স্বাধীনতা লাগে
নিজৰ মহান সংস্কৃতি তোমালোকেই থৈ দিয়া।

২৫ মাৰ্চ, ২০২৩

মই আচৰিত হওঁ

মূলঃ মহাদেৱী বাৰ্মা
অনুবাদঃ বিতোপন গগৈ

মই আচৰিত হওঁ এইটো ভাবি
কোনো নাৰীয়ে কিয় আঙুলি টোওৱা নাই
তুলসী দাসৰ প্ৰতি, যি কৈছে
"ঢোল, অসভ্য, শূদ্ৰ, পশু, নাৰী
এই সকলো বজোৱাৰ উপযোগী"।

মই আচৰিত হওঁ
কোনো নাৰীয়ে
কিয় জ্বলোৱা নাই "মনুস্মৃতি"
যিয়ে তেওঁলোকক পিন্ধাইছে
দাসত্বৰ শিকলি

মই আচৰিত হওঁ
কোনো নাৰীয়ে কিয় ধিক্কাৰ দিয়া নাই
সেই "ৰাম"ক
যি পৰীক্ষাৰ পাছতো
গৰ্ভৱতী পত্নী সীতাক
গটিয়াই ওলিয়াই দিছিল
নিজৰ ঘৰৰ পৰা

কোনো নাৰীয়ে নিন্দা কৰা নাই
সেই সকলক, যি
"নাৰীক বস্তু জ্ঞান কৰি"
লগাই দিছিল জুৱাত পণ
হৈ আছিল মহাভাৰতত
"নপুংসক" যোদ্ধাৰ সমুখত
নিখুঁত ভাৱে নাৰী জাতিৰ বস্ত্ৰহৰণ

মই আচৰিত হওঁ এইটো ভাবি
কোনো নাৰীয়ে
কিয় নকৰিলে আজিও
কাকতালীয় ভাৱেই দিন দুপৰতে কৰা
অম্বা-অম্বালিকাৰ অপহৰণৰ বিৰোধ

আৰু মই অচৰিত হওঁ
ইমানবোৰ হোৱাৰ পাছতো
কিয় নিজৰ শ্ৰদ্ধেয় বুলি
মোৰ মা-ভনীয়ে পূজা কৰে
সিহঁতক দেৱতা-ভগৱান মানি

মই আচৰিত হওঁ
তেওঁলোকৰ নিৰৱতা দেখি
এয়া তেওঁলোকৰ সহনশীলতা বোলো নে
অন্ধ ভক্তি নে
মানসিক দাসত্বৰ পৰকাষ্ঠা?

৮ মাৰ্চ, ২০২৩

(আজিৰ পৰা ৩৬ বছৰ আগতে মৃত্যু হোৱা কবিয়ে তাৰ কিমান আগত কবিতাটো লিখিছিল নাজানো; কিন্তু সেই সময়ত এই কবিতা লিখা ইমান সহজ নাছিল। চাৰি/পাঁচ দশকৰ পাছত আজি হয়তো কবিতাটোৰ কোনোটো শব্দই কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেইটো আওকাণ কৰি কবিতাটো পঢ়ি চাওক।)

ফটোঃ ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক নাৰী দিৱসক মান্যতা দিয়া বছৰৰ নাৰী দিৱস উদযাপনৰ ফটো

বিষয়ঃ ৰং

মূলঃ আদিত্য ৰহবৰ
অনুঃ বিতোপন গগৈ

এই ধৰাত
অসংখ্য ৰং

ৰঙতেই প্ৰেম আছে
আছে ঘৃণাও

আটাইতকৈ গাঢ় ৰঙটোৱেই
ভালপোৱাৰ
যাক আৰু গাঢ় কৰি তুলিব লাগে

সেই ৰঙবোৰৰ বিৰুদ্ধে
যি এই ধৰাত ঘৃণা বিয়পাই থাকে।

৭ মাৰ্চ, ২০২৩

যদি বিৰোধ কৰে কৰিবলৈ দিয়া, জীৱন বুলি কিয় ভাবিছা

মূলঃ ৰাহত ইন্দোৰী
অনুঃ বিতোপন গগৈ

যদি বিৰোধ কৰে কৰিবলৈ দিয়া, জীৱন বুলি কিয় ভাবিছা
এই সকলোবোৰ মাত্ৰ ধোৱা, আকাশ বুলি কিয় ভাবিছা

জুই যেতিয়া লাগিব সকলোকে সামৰি ল'ব
ইয়াত মাত্ৰ মোৰেই ঘৰ আছে বুলি কিয় ভাবিছা

মই জানো শত্ৰুও কম নহয় 
কিন্তু আমাৰ দৰে হাতৰ মুঠিতে জীৱন বুলি কিয় ভাবিছা

আমাৰ মুখৰ পৰা যি ওলাই সেয়াই সত্য
আমাৰ মুখত তোমাৰ জিভা আছে বুলি কিয় ভাবিছা

যি আজি শাসনৰ গাদীত আছে কাইলৈ নাথাকিব
এওঁলোক ভাৰাতীয়াহে ঘৰৰ মালিক বুলি কিয় ভাবিছা

সকলোৰে তেজ মিহলি হৈ আছে এই মাটিত
কাৰোবাৰ বাপেকৰ হিন্দুস্তান বুলি কিয় ভাবিছা।

২ মাৰ্চ, ২০২৩

(উচ্ছেদ প্ৰসংগত "लगेगी आग" শাৰী দুটা বহুতে শ্বেয়াৰ কৰি থকা দেখি বহু দিনতেই আধা অনুবাদ কৰি থৈ দিয়া কবিতাটো আজি সম্পূৰ্ণ কৰিলো।)

উচ্ছেদ

মূলঃ দেবেন্দৰ কুমাৰ
অনুঃ বিতোপন গগৈ

সিহঁতে বিচাৰে
আমাৰ ওপৰত গুলি চলি যাওক
আৰু কোনেও একো নকওক
নিৰৱে নিমাতে ঘৰলৈ গুচি যাওক
সকলো গুচিও যায়

তাৰ পাছত সিহঁতে ঘৰবোৰ ভাঙিবলৈ আহি যায়
সিহঁতে বিচাৰে মানুহবোৰ বিনা প্ৰতিবাদে
ঘৰহীন হওক
আৰু সিহঁতে ঘৰবোৰ ভাঙিবলৈ আৰম্ভ কৰি দিয়ে

সিহঁতে বিচাৰে মানুহবোৰ পাহাৰ, অৰণ্য
আনকি খেতি পথাৰতো নাথাকক
মানুহবোৰ নিদ্ৰাহীন হৈ থাকি যায়

সিহঁতে বুলডজাৰেৰে
সকলোবোৰ ধুলিস্যাৎ কৰিব বিচাৰে
আৰু মানুহবোৰে এতিয়া যুঁজিব বিচাৰে

সেই শান্তিপ্ৰিয় মানুহবোৰ
যাক মানুহৰ উন্নয়নৰ ঠিকা দিয়া হৈছে
সিহঁতে উচ্ছেদিত সকলক বেদখলকাৰী
বিদেশী দেশদ্ৰোহীৰ টেগ লগাই দিয়ে

আৰু দেশভক্ত কৰ্পৰেটে
উচ্ছেদিত ভূমিত সুউচ্চ দালান সাজি
নিজৰ দায়িত্ব পালন কৰে!

১ মাৰ্চ, ২০২৩

ভাষা

মূলঃ কিতাবগঞ্জ
অনু বিতোপন গগৈ

সেইটো ভাষাই বাচি থাকিব
যিটো ভাষা
মজদুৰে কয়
পাচলি বেপাৰীয়ে চিঞৰে
যিটো ভাষাৰে।

খেতিয়কে যিটো ভাষাৰে
পথাৰত গীত যোৰে
সেইটো ভাষাই জীয়াই থাকিব।

কিয়নো
দুখীয়াৰ ভাষাও
তেওঁলোকৰ দৰেই পৰিশ্ৰমী
অভিজাত সাহিত্যৰ ৰস অবিহনেও
জীয়াই থাকিব জানে যি।

ৰাজভাষাত 
অজস্ৰ সাহিত্যৰ সৃষ্টি হ'ব পাৰে
কিন্তু সি সহস্ৰজনৰ মাতৃভাষা হ'ব নোৱাৰে।

২১ ফেব্ৰুৱাৰী, ২০২৩

#InternationalMotherLanguageDay

কবিতা

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

কবিতা মৌন হ'ব পাৰে
কবিতা নিঃশব্দ হ'ব পাৰে

কিন্তু ৰাজনীতি অবিহনে
কবিতা হ'ব নোৱাৰে

সৰল প্ৰেমৰ কবিতাতো
ডাৱৰৰ কথা কোৱা
শিশু কবিতাতো
এক ৰাজনীতি থাকে—
পৃথিৱীখনক হিংস্ৰ হোৱাৰ পৰা
ৰক্ষা কৰাৰ ৰাজনীতি

প্ৰতিটো কবিতাই 
একোটা শ্লোগান
প্ৰতিজন কবিয়েই
ৰাজ গাদীত বহিব নিবিচৰা
একোজন ৰাজনেতা।

২৮ ফেব্ৰুৱাৰী, ২০২৩

ভালপোৱা

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

ভালপোৱা যুদ্ধতকৈও ভয়াবহ
কাৰণ
ভালপাবলৈ আনক পঠিয়াব নোৱাৰি
যুদ্ধৰ দৰে।

সেয়ে গোটেই পৃথিৱীয়ে
ভয় কৰে
ভালপোৱাক।

এইটো কাৰণতে
যুদ্ধৰ বাবে সকলো উন্মাদ
যুদ্ধৰ বাবে গোটেই পৃথিৱী
মুকলি পথাৰ।

আৰু
ভালপোৱাৰ বাবে
ওঠত ওঠ থ'বৰ বাবে
জপাই ল'ব লাগে
কোঠাৰ দুৱাৰ।

১৪ ফেব্ৰুৱাৰী, ২০২৩

#ValentinesDay

তোমালৈ মনত পৰি থাকিল গোটেই ৰাতি

(আজি কবিৰ জন্মদিন)
মূলঃ ফেইজ আহমদ ফেইজ
অনুঃ বিতোপন গগৈ

তোমালৈ মনত পৰি থাকিল গোটেই ৰাতি 
জোনাকে দুখ চতিয়াই থাকিল গোটেই ৰাতি

সময় জ্বলি থাকিল সময় নুমাই থাকিল
দুখৰ চাকিটো জিলমিলাই জ্বলি থাকিল গোটেই ৰাতি

পোচাকে বহু সুগন্ধী সলাই থাকিল 
কোনোবা ছবিয়ে গীত জুৰি থাকিল গোটেই ৰাতি

তাৰপাছত বতাহে ফুলনিৰ ছাঁত
বহু কাহিনী শুনাই থাকিল গোটেই ৰাতি

যি নাহিল দুৱাৰৰ শিকলিয়ে
তেওঁক মাতি থাকিল গোটেই ৰাতি

এটা আশাই হৃদয়খন নিচুকাই থাকিল
এটা হেঁপাহে অস্থিৰ কৰি ৰাখিল গোটেই ৰাতি

তোমালৈ মনত পৰি থাকিল গোটেই ৰাতি 


১৩ ফেব্ৰুৱাৰী, ২০২৩


নদী

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

মোৰ মনৰ একেবাৰে মাজেৰে
এখন নদী বৈ গৈছে।

এইপাৰে সকলো আছে তুমি নাই
সিপাৰে তুমি আছা বাকীবোৰ নাই।

মোৰ মনৰ সেই নদীখন 
কিছুদিনৰ পৰা উফন্দি আছে
বানপানী হৈছে
আৰু ডুবি যাব এটা পাৰ।

মই বিচাৰো
তুমি য'ত আছা
সেইটো পাৰ থাকি যাওক
আৰু মোক মনৰ 
বাকী প্ৰতিটো কোণ উটি যাওক।

১১ ফেব্ৰুৱাৰী, ২০২৩

ফটোঃ Starry Night Over the Rhône, 1888,
       Vincent van Gogh

প্ৰচাৰৰ প্ৰয়োজন

(আজি ব্ৰেখটৰ জন্মদিন)
মূলঃ বাৰ্টল্ট ব্ৰেখট
অনুঃ বিতোপন গগৈ
এইটো সম্ভৱ যে আমাৰ দেশত সকলোবোৰ তেনে নহয়,
যেনে হোৱাটো প্ৰয়োজনীয় আছিল
কিন্তু ইয়াত কোনো সন্দেহ নাই যে প্ৰচাৰ ঠিকে ঠিকে চলি আছে
আনকি ভোকেও মানি ল'ব লাগিব যে
খাদ্যমন্ত্ৰীয়ে বৰ সুন্দৰ ভাষণ দিয়ে।

চৰকাৰে যেতিয়া মাত্ৰ এদিনতে
হাজাৰজন নাগৰিকক হত্যা কৰিলে
নাই তেতিয়া কোনো তদন্ত, নাই কোনো আদালতৰ ৰায়
প্ৰচাৰ মন্ত্ৰীয়ে মহান নেতাৰ ধৈৰ্যৰ প্ৰশংসা কৰিলে
যে হত্যাৰ পূৰ্বে তেওঁ কিমান দীঘলীয়া সময় অপেক্ষা কৰিলে
আৰু সেই বদমাছে সম্পত্তি আৰু সন্মানৰ মজা লৈ থাকিলে
কি চমৎকাৰ ভাষণ আছিল
মাত্ৰ মৃতক সকলৰ আত্মীয়ই নহয়
স্বয়ং কচায়েই কান্দি উঠিছিল।

৩ 
আৰু এদিন যেতিয়া সাম্ৰাজ্যৰ আটাইতকৈ ডাঙৰ উৰাজাহাজখনত জুই লাগিল, কাৰণ তাত সহজে জ্বলি উঠা গেছ ভৰোৱা হৈছিল
সুৰক্ষিত গেছবোৰ যুদ্ধৰ বাবে বচাই ৰখা হৈছিল,
মৃতকৰ কফিনৰ সমুখত বায়ু পৰিবহণ মন্ত্ৰীয়ে কথা দিলে
যে তেওঁ সাহস নেহেৰুৱায়
চাৰিওফালে হাতচাপৰি বাজি উঠিল
আনকি কফিনৰ ভিতৰৰ পৰাও চাপৰিৰ গুমগুমনি শুনিবলৈ পোৱা গৈছিল।

৪ 
আৰু কিমান চমৎকাৰ
মহান নেতাৰ জাবৰ কিতাপৰ প্ৰচাৰ
য'তেই পৰি থাকক
প্ৰতিজন ব্যক্তিয়ে পঢ়িব লগা হ'ল মহান নেতাৰ কিতাপ
জাবৰ সংগ্ৰহৰ বাবে প্ৰতাপী গ'য়েৰিঙে
নিজকে সকলোতকৈ ডাঙৰ সংগ্ৰাহক ঘোষণা কৰিলে
আৰু জাবৰবোৰ থ'বলৈ ৰাজধানীৰ মাজমজিয়াত
এটা প্ৰাসাদ সাজি ওলিয়ালে
যিটো এখন চহৰৰ সমান বৃহৎ।

এজন সুদক্ষ প্ৰচাৰকে 
জাবৰৰ দ'ম এটাকো ধুনীয়া পৰ্বত এটালৈ পৰিবৰ্তন কৰি দিব পাৰে
যদি খাবলৈ ঘী নাপায়
তেন্তে তেওঁ প্ৰমাণ কৰি দিব পাৰে
যে খীণ হৈ থকাটো স্বাস্থ্যৰ বাবে ভাল
যেতিয়া তেওঁ আহলবহল পথ নিৰ্মাণৰ ফিতাহি মাৰে
হাজাৰ হাজাৰ লোক আনন্দিত হয়
যেন তেওঁলোকক মটৰগাড়ীহে উপহাৰ দিলে
বুভুক্ষাত মৃত্যু হোৱা আৰু যুদ্ধত জীৱন দিয়া সকলৰ মৰিশালিত তেওঁ
গছপুলি ৰোৱে। কিন্তু সেই সময় অহাৰ বহু আগতেই তেওঁ শান্তিৰ কথা কয়, যেতিয়া কামানগাড়ীবোৰ যুদ্ধাভিমুখী হয়।

৬ 
কৌশলী প্ৰচাৰৰ দ্বাৰাহে এয়া সম্ভৱ হৈছিল
হাজাৰ হাজাৰ লোকে বিশ্বাস কৰি লৈছিল
যে সেনা শান্তিৰ প্ৰাসাদ নিৰ্মাণৰ বাবেহে
আৰু প্ৰতিখন নতুন টেংক এটা শান্তিৰ কপৌ
আৰু সেনাৰ প্ৰতিটো বেটেলিয়ন 
শান্তি ভালপোৱাৰ প্ৰমাণ।

যি নহওক সুন্দৰ ভাষণটোৰ পৰা যদিও বহুত কিবা পোৱা হ'ল, কিন্তু সকলো পোৱা নগ'ল
কিছু লোকে এনেকৈও খেদ প্ৰকাশ কৰিলেঃ
মাংসৰ কথা শুনিলেই পেট নভৰে
আৰু কোট-পেণ্টৰ কথা শুনিলেই শৰীৰ উমাল হৈ নুঠে
যেতিয়া আঁচনি মন্ত্ৰীয়ে মেঘমল্লাৰ ৰাগেৰে গীত জোৰে
তেতিয়া বৰষুণ নাহিলেই হয়
নহ'লে শ্ৰোতাৰ উৱলি যোৱা পোচাক তিতি ফিচিকি যাবগৈ

প্ৰচাৰৰ উদ্দেশ্যৰ সন্দৰ্ভত
আৰু এটা কথা প্ৰযোজ্যঃ 
প্ৰচাৰ যিমানে বাঢ়ি গৈ থাকে,
বাকী সকলোবোৰ সিমানে কমি গৈ থাকে।

১০ ফেব্ৰুৱাৰী, ২০২৩

(কবিতাটো হিন্দী লেখক অনুবাদক উজ্জ্বল ভট্টাচাৰ্যই কৰা হিন্দী অনুবাদৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে।)

যিটো দিনে-ৰাতিয়ে মই লগত লৈ ফুৰো


মূলঃ দুষ্যন্ত কুমাৰ 
অনুঃ বিতোপন গগৈ

সেই গজলটো তোমাক শুনাও
যিটো দিনে-ৰাতিয়ে মই লগত লৈ ফুৰো

তোমাৰ দুচকুত এখন অৰণ্য দেখা পাওঁ
য'ত মই বাট হেৰুৱাওঁ

তুমি এখন ৰেলৰ দৰে পাৰ হৈ যোৱা
মই এখন দলঙৰ দৰে কঁপি উঠো

সকলোৰেই অসন্তুষ্টি
যদি মই পোহৰলৈ আহো

আৰু বেছিয়েই ওজন দাঙো মই
এখন হাত ছিগি গ'ল যেতিয়াৰ পৰা

মই তোমাক পাহৰাৰ চেষ্টা কৰি
আজি কিমান ওচৰতে পাওঁ

কোনে এই দূৰত্ব পূৰ কৰিব
মই দেৱদূত মিছা নকওঁ।

৯ ফেব্ৰুৱাৰী, ২০২৩

(বিখ্যাত গজলটোৰ ব্যৰ্থ অনুবাদ। গজলটো কিছু সালসলনিৰে Massan ছিনেমাত ব্যৱহাৰ কৰিছে, যিটো হৈছে तू किसी रेल सी বোলা বিখ্যাত গানটো।)


প্ৰেম

মূলঃ কিতাবগঞ্জ 
অনুঃ বিতোপন গগৈ

এদিন পৃথিৱীত
বন্দুকতকৈ বেছি
প্ৰেমপত্ৰ হ'ব

ৰাজনীতিবিদতকৈ বেছি
কবি হ'ব

তেতিয়া
সকলো যুদ্ধ ঘোষণা
চুম্বনৰ শব্দত
শ্বাসৰুদ্ধ হৈ মৰিব।

ফটোঃ The kiss on the Berlin wall


প্ৰেমপত্ৰ

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

তোমালৈ প্ৰেম পত্ৰ লিখাৰ আগত
মই ইতিহাস পঢ়িলো

যাতে আমাৰ ভালপোৱাত
কোনো সৰ্বহাৰাৰ
চকুুলো
হেৰাই নাযায়

যাতে মই তোমালৈ লিখা
প্ৰেম পত্ৰৰ প্ৰতিটো শব্দই
স্বেচ্ছাচাৰীৰ টোপনি কাঢ়ি নিয়ে।

১ ফেব্ৰুৱাৰী, ২০২৩

ভালপোৱা

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

মানৱ ইতিহাসৰ
আটাইতকৈ শক্তিশালী শব্দটো
উন্মাদ হৈ পৰা মানুহৰ জুমত
কোনোৱে চিঞৰি কোৱা নাই।

সকলোতকৈ শক্তিশালী শব্দটো
মানুহে
বন্ধ কোঠাত
কাৰোবাক কাষত লৈ
বুকুত সাবটি
খুব লাহেকৈ
কাণৰ কাষত কয়।

২৯ জানুৱাৰী, ২০২৩

এই চহৰ

মূলঃ কিতাবগঞ্জ
অনুঃবিতোপন গগৈ

এই চহৰত
সিহঁতে প্ৰকাশ্যে
হাত দিয়ে নাৰীৰ গাত
হত্যা কৰে মানুহ।

এই চহৰত
তোমাক বুকু ভৰি চাবলৈ
মই বিচাৰিব লাগে
নিৰ্জন কোনোবা চুক।

এই চহৰত
পথৰ কাষত পৰি থাকে
বেৱাৰিচ মৃতদেহ
কাৰোৰে দৃষ্টি নপৰে
প্ৰেমৰ ওপৰত
সকলোৰে তীক্ষ্ণ চকু।

কি এই চহৰ
ক'ত এই চহৰ
কিয় এই চহৰ?

২২ জানুৱাৰী, ২০২৩

মোৰ কণমানি কেইজনী

(ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ কবিতা)
মূলঃ কিতাবগঞ্জ  অনুঃ বিতোপন গগৈ

মোৰ কণমানি কেইজনী
তোমালোকে ডাঙৰ হৈ
সকলোবিলাক কৰিবা
যিয়ে তোমালোকৰ কৰিবলৈ মন যায়।

আৰু যদি সময় পোৱা
তেনেহ'লে
প্ৰেমও কৰিবা
যাৰ সৈতে বিচাৰা।

মহাকাশৰ পৰা
প্ৰেমিকৰ ঘৰলৈকে
তোমালোক নিৰ্ভয়ে যাবা
ভয়ৰ চকুত চকু থ'বলৈ শিকিবা
আৰু শিকিবা হাতত হাত থ'বলৈ।

মোৰ কণমানি কেইজনী
মই মোৰ প্ৰেমিকাৰ পৰা
শিকিছিলো কেতিয়াবা যে
পুৰুষতন্ত্ৰৰ শিপা উভালিবলৈ
ইমানখিনেয়ে যথেষ্ট!

২৪ জানুৱাৰী, ২০২৩

বিহিত ব্যৱস্থা

মূলঃ ছাদাত হাছান মাণ্টো (আজি মাণ্টোৰ মৃত্যু দিন)
অনুবাদঃ বিতোপন গগৈ

চুবুৰীটো আক্ৰমণ কৰাৰ সময়ত কিছু বুৰ্বকৰ মৃত্যু হ'ল। বুধিয়কবোৰে প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিলে।
এজন মানুহ তেওঁৰ পত্নী সৈতে নিজৰ ঘৰৰ ভূগৰ্ভস্থ মহলাত লুকাল।

পতি-পত্নীয়ে দুদিন দুৰাতি ভয়ত একপ্ৰকাৰ শ্বাসৰুদ্ধ হৈ কটালে হত্যাকাৰীবোৰ আহিব বুলি। কিন্তু কোনো নাহিল।

আৰু দুটা দিন পাৰ হৈ গ'ল। লাহে লাহে মৃত্যুু ভয় কমি আহিবলৈ ধৰিলে। ভোক পিয়াহৰ বেদনা তাতকৈ বেছি হৈ আহিল।

আৰু চাৰিটা দিন পাৰ হৈ গ'ল। ভোক-পিয়াহে পতি-পত্নীক জীৱন-মৃত্যুৰ প্ৰতি ভ্ৰুক্ষেপ নাইকিয়া কৰি তুলিলে। শেষত দুয়ো লুকাই থকা ঠাইৰ পৰা ওলাই আহিল।

মানুহজনে দুৰ্বল মাতেৰে বাহিৰৰ মানুহৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিলে— "আমি নিজে ধৰা দিছো। আমাক মাৰি পেলাওক।"

পতি-পত্নীয়ে যিসকল লোকৰ সমুখত ধৰা দিছিল, তেওঁলোকে ভাবিছিল— "আমাৰ ধৰ্মত জীৱ হত্যা মহাপাপ।"

তেওঁলোক আটাইকেইজন জৈন আছিল। সেয়ে তেওঁলোকে নিজৰ মাজতে আলোচনা কৰি পতি-পত্নী হালক কাষৰীয়া চুবুৰীৰ ৰাইজৰ হাতত বিহিত ব্যৱস্থাৰ বাবে গতাই দিছিল।

১৮ জানুৱাৰী, ২০২৩

তুমি

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

দুৰ্দান্ত আন্ধাৰে ঘোপ মৰা
মোৰ কোঠাৰ খিৰিকী
খুলি দিলে
তোমাৰ কবিতাই 

তোমাক পঢ়ি পঢ়ি
এতিয়া
মোৰ চৌপাশে
গজি উঠিছে
এখন নতুন পৃথিৱী।

২০ জানুৱাৰী, ২০২৩

এই চহৰ

—বিতোপন গগৈ

এই চহৰলৈ আকৌ আহিলো
তোমাক এবাৰ চাই যাওঁ বুলি
মোৰ দুচকুৰ টোপনি কঢ়া
এই চহৰলৈ দুনাই নাহো বুলিও
বাৰে বাৰে আহো 
মাথো তোমাক চাবলৈ

এই চহৰত মানুহ কম
যন্ত্ৰ বেছি
এই চহৰৰ হৃদয় নাই
আছে মাত্ৰ মগজু

এই চহৰত মানুহে খোজ নাকাঢ়ে
মানুহ উৰে
আৰু উৰাত অসুবিধা দিয়ে বাবেই
এই চহৰৰ গছবোৰ কাটি পেলোৱা হয়

এই চহৰত শ শ আকাশ চোৱা অট্টালিকা
এই চহৰতে কাৰোবাৰ বাবে পদপথতো নাথাকে ঠাই  
এই চহৰৰ পদপথত আলু বেঙেনা কবি লৈ
পাহাৰৰ বাই কেইজনী বহে
এই চহৰে সিহঁতক উচ্ছেদ কৰে
আলু বেঙেনা কবি নৰ্দমাত পৰি থাকে

উচ্ছেদিত শিশুৰ চকুলোত
নিতিতে এই চহৰৰ চকু
সোণালী পানীয়ইহে উমাল কৰে
এই চহৰৰ বুকু

এই চহৰত পদপথৰ মাছবোৰ 
ফেনাইলত উপঙে
আৰু মানুহবোৰে
দুৰ্জয় দত্তৰ অট'গ্ৰাফৰ বাবে হামৰাও কাঢ়ে

এই চহৰে যিমান দিয়ে
লয় তাতকৈ বেছি
এই চহৰে ভাত দিয়ে
অনুভূতিবোৰ মাৰি নিয়ে

এই চহৰতে তোমাক হেৰুৱাওঁ
এই চহৰতে তোমাক বাৰে বাৰে পাওঁ

৭ জানুৱাৰী, ২০২৩

সাবিত্ৰীবাঈ

(আজি সাবিত্ৰীবাঈ ফুলেৰ জন্মদিন)
মূলঃ কিতাবগঞ্জ  অনুঃ বিতোপন গগৈ

ঈশ্বৰে প্ৰথম শূদ্ৰবোৰলৈ ভয় কৰিলে
তাৰপাছত ভয় কৰিলে অস্পৃশ্যবোৰলৈ
শেষত তিৰোতাবোৰে তেওঁক চুৱা কৰি থৈ গ'ল

শূদ্ৰবোৰৰ তেজ লেতেৰা
আৰু তিৰোতাবোৰ তেজৰ সৈতে লেতেৰা

কিন্তু
বিজ্ঞানে নিজৰ দুৱাৰ খুলি দিলে
মন্দিৰৰ ঘণ্টাৰ আগত
স্কুলৰ ঘণ্টা বাজি উঠিল

এনেকৈয়ে
মোৰ চুৱা হোৱা ঈশ্বৰে
মোৰ পৰা মুক্তি পালে।

৩ জানুৱাৰী, ২০২৩