Friday, November 24, 2023

মাণ্টোৰ জন্মদিন বুলি দুটা গল্পৰ অনুবাদঃ

#শুধৰণি
মূলঃ ছাদাট হাছান মাণ্টো
অনুঃ বিতোপন গগৈ

: কোন তই?
: তই কোন?
: হৰ হৰ মহাদেৱ... হৰহৰ মহাদেৱ।
: হৰহৰ মহাদেৱ।
: প্ৰমাণ কি?
: প্ৰমাণ? মোৰ নাম ধৰ্মচন্দ্ৰ!
: এইটো কোনো প্ৰমাণ নহয়!
: চাৰি বেদৰ যিকোনো কথা মোক সোধা।
: আমি বেদ-ছেদ নাজানো... মুঠতে প্ৰমাণ দে!
: কি প্ৰমাণ?
: পায়জামা খোল!

ৰচী খুলি পাইজামা তললৈ পৰি যোৱাৰ লগে লগে চাৰিও ফালে এটা হুলস্থুল লাগি গ'ল—
: মাৰি পেলা... মাৰি পেলা!
: ৰ'বা ৰ'বা... মই তোমালোকৰে ভাই... ভগৱানৰ শপত তোমালোকৰে ভাই!
: তেনেহ'লে এয়া কি?
: মই যি ঠাইৰ পৰা আহিছো সেয়া আমাৰ শত্ৰুৰ ঠাই আছিল। সেয়ে উপায়হীন হৈ মই এনে কৰিব লগাত পৰিল। মাত্ৰ নিজৰ প্ৰাণ বচাবলৈ মই এনে কৰিব লগা হ'ল...মাত্ৰ এই এটাই ভুল হৈ গ'ল।
: উৰাই দে এই ভুলটোক!

ভুলটো উৰাই দিয়া হ'ল।
ধৰ্মচন্দ্ৰও লগতে উৰি গ'ল।

#ছৰি (Sorry)
মূলঃ ছাদাট হাছান মাণ্টো
অনুঃ বিতোপন গগৈ

ছুৰিখন পেটত সোমাই ফালি ক্ৰমে নাভিৰ তললৈকে নামি আহিল।

লগতে পায়জামাৰ ৰচিদালও কাট খায় গ'ল।

চুৰি মৰা জনৰ মুখৰ পৰা অনুশোচনাৰ কলিমা এটা ওলাই আহিল—
: "ইচ... ইচ... ইচ...
মিছটেক হৈ গ'ল।"

১১ মে', ২০২৩

No comments:

Post a Comment