Saturday, November 25, 2023

নগ্ন নাৰী

মূলঃ মনীষ আজাদ
অনুঃ বিতোপন গগৈ

কাইলৈ যেতিয়া হিন্দুৰাষ্ট্ৰৰ ফছিলৰ অনুসন্ধান হ'ব
ভৱিষ্যতৰ বুৰঞ্জীবিদসকল আচৰিত হৈ যাব
এই কথা জানি
যে নাৰীৰ নগ্ন শৰীৰেৰে নিৰ্মাণ হৈছিল হিন্দুৰাষ্ট্ৰ

ফছিলত মন্দিৰ আদিৰ অৱশেষতো পোৱা যাবই
আৰু পোৱা যাব বৃহৎ পৰিমাণে নগ্ন নাৰীৰ অৱশেষ
নিশ্চিত ভাৱেই ক্ষত-বিক্ষত অৱস্থাত

বুৰঞ্জীবিদসকল আচৰিত হৈ যাব দেখি
যে তেতিয়াও সেই ক্ষত-বিক্ষত শৰীৰৰ চকুবোৰ 
অক্ষত হৈ আছে
অসহায় দৃষ্টি তেতিয়াও সেই চকুবোৰত ওলমি আছে
চকুলোৰ টোপাল তেতিয়াও সেই চকুৰ কোণত জিলিকি আছে

বুৰঞ্জীবিদসকল তেতিয়াও আচৰিত হৈ যাব
যেতিয়া সেই অসহায় দৃষ্টিশূন্য চকুবোৰ
একোখন পৰ্দালৈ পৰিবৰ্তন হৈ যাব
আৰু পৰ্দাত চলিবলৈ লাগিব এখন চিনেমা—
দুটা স্তন, এখন যোনি আৰু কিলবিলাই ফুৰা অসংখ্য হাত

বুৰঞ্জীবিদসকলৰ কাণ তাল মাৰি যাব
যেতিয়া তেওঁলোকে শুনিব
এক অসহায় আৰ্তনাদক শুহি পেলোৱা
শ শ উন্মাদ আট্টহাস্য

কিন্তু মুখবোৰ তেওঁলোকে নেদেখিব
হিন্দুৰাষ্ট্ৰত চেহেৰাৰনো কি প্ৰয়োজন?

নগ্ন নাৰীৰ কাষতে পুতি থোৱা হ'ব নগ্ন সত্য
কিন্তু নাথাকিব একো প্ৰমাণ
সকলোবোৰ মাথো ক্ষত-বিক্ষত

বুৰঞ্জীবিদসকল এইটো দেখিও আচৰিত হ'ব
যে এই ক্ষত-বিক্ষত সত্যৰ পৰা বিৰিঙি অহা তেজ
তেতিয়াও গৰম হৈয়ে থাকিব

বুৰঞ্জীবিদসকলে যেতিয়া
নগ্ন নাৰী আৰু নগ্ন সত্যৰ মাজত
সম্বন্ধ বিচাৰিব
তেতিয়া তেওঁলোক আকৌ আচৰিত হ'ব
এইটো জানি যে
ইমান শক্তিশালী হিন্দুৰাষ্ট্ৰৰ
ইমান লজ্জাজনক মৃত্যু হ'ল কিয়!

২০ জুলাই, ২০২৩

No comments:

Post a Comment