মূলঃ বিহাগ বৈভৱ
অনুঃ বিতোপন গগৈ
অতীতত মাত্ৰ এটা ফুচফুচনি আছিল
বৰ্তমানে ৰহস্য উদঘাটন কৰিছে—
সকলোবোৰ নতুন কৰি পেলোৱাৰ বাসনাত লুকাই আছিল
পুৰণিৰ প্ৰতি ঐতিহাসিক ঘৃণা
নতুনে যেতিয়া বলাৎকাৰী আৰু হত্যাকাৰীবোৰক মালা পিন্ধাছিল
পুৰণিয়ে তেতিয়া হাতত ধৰিছিল
দুহেজাৰ চৈধ্যই যেতিয়া স্বাধীনতাৰ শুভকামনা দিছিল
উনৈছ শ সাতচল্লিছৰ তেতিয়া হাঁহি উঠিছিল
সেয়ে নতুন কৰি অমৰ হোৱাৰ বাসনা
আৰু পুৰণিৰ প্ৰতি ঘৃণা
পৰস্পৰ ৰ প্ৰতিযোগিতা হৈছিল
সিহঁতক লাগিছিল নতুন অতীত, নতুন ইতিহাস
সমাজশাস্ত্ৰৰ নতুন ভূগোলত বাট হেৰুৱাইছিল জনতাই
সেয়ে সিহঁতক নতুন জনতা প্ৰয়োজন হৈছিল
সংসদৰ পৰা সংবিধানলৈ
যিখিনি নতুন কৰিব পাৰি, সিহঁতে কৰিছিল
কিন্তু এতিয়াও কিছু আছিল
যিবিলাক নতুন কৰাত অসুবিধা হৈছিল
যেনে, আম্বেদকাৰ,গান্ধী আৰু নেহৰুক
নতুন কৰাত এটাই অসুবিধা আছিল
সিহঁতে মৃতলোকক জীয়াই তুলিব নাজানিছিল
কিন্তু চেষ্টা পুৰাদমেই কৰিছিল
এই চেষ্টাৰেই সম্ভৱ কৰিলে
সিহঁতে তিনিটা খোজেৰে পাৰ হ'ল কেইবা শতিকা
আৰু একৈছ শতিকাক
পৰিবৰ্তন কৰি দিলে নতুন মধ্যযুগলৈ
এতিয়া সিহঁতৰ লগত নতুন অতীত আছে, নতুন ভক্তিকাল
নতুন সংসদ, নতুন জনতা, আছে নতুন ন্যায়শাস্ত্ৰ
অতীতৰ ফুচফুচনিৰ ৰহস্য উদঘাটন হৈ গ'ল—
ইতিহাসক সলনি কৰি দিলেই সলনি হয় সমাজশাস্ত্ৰ।
২৯ মে', ২০২৩
No comments:
Post a Comment