Sunday, November 26, 2023

হে মহান ব্যক্তিসকল

মূলঃ সাহিৰ লুধিয়ানৱী
অনুঃ বিতোপন গগৈ

হে মহান ব্যক্তিসকল
তেজ নিজৰ হওক বা আন কাৰোবাৰ
হয়তো মানুহৰেই তেজ
যুদ্ধ পূবতেই লাগক বা পশ্চিমত
ডোঙাতো বান্ধে শান্তিৰ পৃথিৱীখনৰেই তেজ

বোমা ঘৰতেই পৰক বা সীমান্তত
ঘৰৰ আত্মাবোৰেই আঘাত পায়
পথাৰবোৰ নিজৰেই জ্বলক বা আনৰ 
অনাহাৰত জীৱনেই চটফটায়
টেংকবোৰ আগুৱাই যাওক বা পিছুৱায়
গৰ্ভতো পৃথিৱীৰেই বিদাৰে 
জয়ৰ উল্লাসেই হওক বা পৰাজয়ৰ শোক
মৃতদেহবোৰৰ ওপৰততো জীৱনেই কান্দে

যুদ্ধতো নিজেই এক সমস্যা
যুদ্ধই কি সমস্যাৰ সমাধান দিব
জুই আৰু তেজৰ পৰা আজি বাচিলেও
ভোক আৰু দৈন্যই কাইলৈ ​​আগুৰি ধৰিব

সেইবাবেই হে মহান ব্যক্তিসকল
যুদ্ধখন পিছুৱাই দিলেই ভাল
তোমাৰ আমাৰ সকলোৰে চোতালত
চাকিগচি জ্বলি থাকিলেই ভাল।

১৪ অক্টোবৰ, ২০২৩

No comments:

Post a Comment