চিন্তা
মূলঃ জেচিন্তা কেৰকেট্টা
অনুঃ বিতোপন গগৈ
মা,
তুমি এবোজা খৰিৰ বাবে
কিয় গোটেই দিনটো হাবিখন ঘুৰ্মুটীয়াই ফুৰা
পাহাৰ বগোৱা
সন্ধ্যা বহু দেৰিকৈ ঘৰলৈ ওভতা?
মায়ে কয়ঃ
হাবিখন ঘুৰ্মটীয়াই
পাহাৰ বগাই
দিনটো ঘুৰি ফুৰো
মাত্ৰ শুকান খৰিৰ বাবে।
কেনেবাকৈ কাটি নেপেলাও যাতে
এজোপা জীয়া গছ!
নদী, পাহাৰ আৰু বজাৰ
মূলঃ জেচিন্তা কেৰকেট্টা
অনুঃ বিতোপন গগৈ
গাঁৱত সেইদিনা আছিল বন্ধৰ বাৰ
কণমানিটোৰ হাতত ধৰি
মই ওলাই পালোগৈ বজাৰ।
শুকান গছবোৰৰ মাজত
এটা নলা দেখোৱাই
মই কণমানিটোক ক'লো
চোৱা, এদিন এইখনেই আছিল
আমাৰ গাঁৱৰ নদীখন।
আগলৈ গৈ দেখোৱালো এটা বৃহৎ গাঁত
মই ক'লো, ইয়াতেই সোমাই গ'ল
গোটেইটো পাহাৰ।
হঠাৎ সি ভয় খাই খামুচি ধৰিলে মোৰ গাত
সমুখত বহু দূৰলৈ বিয়পি আছিল এখন শ্মশান।
মই ক'লো, দেখিছা এইখন?
ইয়াতেই এসময়ত আছিল
তোমাৰ পূৰ্বপুৰুষৰ খেতিপথাৰ
কণমানিটো দৌৰিলঃ আমি পাই গ'লোহি বজাৰ!
কি কি ল'বা? প্ৰশ্ন আৰম্ভ হ'ল দোকানীৰ।
ভাই! অলপ বৰষুণ, অলপ বোকা মাটি
এবটল নদী, সেই এবাকচ পাহাৰ
সৌফালে বেৰত আঁৰি থোৱা
কিছু প্ৰকৃতিও দি দিয়া,
আৰু এই বৰষুণ ইমান দাম কিয়?
দোকানীয়ে ক'লেঃ এই আদ্ৰতা ইয়াৰ নহয়
অন্য গ্ৰহৰ পৰা অনা হৈছে
বজাৰ মন্দা, দাম বহুত বাঢ়িছে।
পইচা দিবলৈ শাৰীখনৰ আগটো হাতত ল'লো
উচপ খাই উঠিলো! দেখিলো আঁচলৰ গাঁঠিত
পইচাৰ ঠাইত
মোৰ সমগ্ৰ অস্তিত্ব বান্ধ খাই পৰি আছিল।
৯ আগষ্ট, ২০২৩
No comments:
Post a Comment