মূলঃ দীপক শৰ্মা
অনুঃ বিতোপন গগৈ
কাৰোবাৰ বাবে যদি বেয়া
কাৰোবাৰ বাবে শক্তি আৰু ক্ষমতা মই।
হয়, মই সেইজনেই ৰাৱণ
যি আজিও শুনো ভনীজনীৰ কথা।
নিজৰ ভুৱা আত্মসন্মানক লৈ
সত্যযুগৰ পৰাই মানুহবোৰে গৌৰৱ কৰি আহিছে।
নাৰীৰ সন্মান খৰ্ব কৰা সকলেই
আজি মোৰ পুতলা জ্বলাইছে।
মোৰ পুতলা জ্বলাই দিলে কি হ’ব,
সকলোতে মাথো জুই আৰু ধোঁৱাহে দেখিবা।
নিজৰ ভিতৰলৈ জুমি চোৱা
দেখিবা এই অহংকাৰী ৰাৱণ
তোমাতকৈ বহু গুণে ভাল।
মই মৰি যোৱা নাছিলো
আৰু পৰাজিত হোৱাও নাছিলো
মোৰ বিশ্বাস আৰু নিজৰেই আস্থাই
মোক হত্যা কৰিছিল।
হয়, ভুল কৰিছিলো মই
এগৰাকী নাৰীৰ সন্মানৰ বাবে
আন এগৰাকী নাৰীক অপহৰণ কৰিছিলো।
কিন্তু ৰামে সেই সীতাক গীতাৰ দৰে
স্পষ্ট আৰু বিশুদ্ধ কৈয়ে ঘূৰাই পাইছিল।
তেন্তে সত্যযুগৰ পৰা কলিযুগলৈ
আজিও সীতাই কিয় বাৰে বাৰে
অগ্নি পৰীক্ষাৰ সমুখীন হ'ব লাগে?
কিয় কেতিয়াবা নিজৰে মানুহৰ সমুখত
আৰু কেতিয়াবা অচিনাকিজনৰ মাজতো
নিজৰ পবিত্ৰতা প্ৰমাণ দিব লাগে?
হয়, মই সেইজনেই ৰাৱণ
যি অযোধ্যাৰ ৰজা ৰামে পৰাজিত কৰিছিল।
আৰু যাৰ বাবে তেওঁ মোক পৰাস্ত কৰিছিল,
নিজেও সেই সীতাক নিজৰ লগত ৰাখিব পৰা নাছিল।
ঠিক আছে ময়েই অহংকাৰী, পাপী
মই অপশক্তিৰ প্ৰতীক।
হয়, ময়েই সেই উদ্ধত আৰু জেদী দশানন।
এই কলিযুগৰ মহাসময়ত
তোমালোকেই ৰাম হোৱা
মই ৰাৱণেই ঠিক আছো।
২৪ অক্টোবৰ, ২০২৩
No comments:
Post a Comment