মূলঃ ছাদাত হাছান মাণ্টো (আজি মাণ্টোৰ মৃত্যু দিন)
অনুবাদঃ বিতোপন গগৈ
চুবুৰীটো আক্ৰমণ কৰাৰ সময়ত কিছু বুৰ্বকৰ মৃত্যু হ'ল। বুধিয়কবোৰে প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিলে।
এজন মানুহ তেওঁৰ পত্নী সৈতে নিজৰ ঘৰৰ ভূগৰ্ভস্থ মহলাত লুকাল।
পতি-পত্নীয়ে দুদিন দুৰাতি ভয়ত একপ্ৰকাৰ শ্বাসৰুদ্ধ হৈ কটালে হত্যাকাৰীবোৰ আহিব বুলি। কিন্তু কোনো নাহিল।
আৰু দুটা দিন পাৰ হৈ গ'ল। লাহে লাহে মৃত্যুু ভয় কমি আহিবলৈ ধৰিলে। ভোক পিয়াহৰ বেদনা তাতকৈ বেছি হৈ আহিল।
আৰু চাৰিটা দিন পাৰ হৈ গ'ল। ভোক-পিয়াহে পতি-পত্নীক জীৱন-মৃত্যুৰ প্ৰতি ভ্ৰুক্ষেপ নাইকিয়া কৰি তুলিলে। শেষত দুয়ো লুকাই থকা ঠাইৰ পৰা ওলাই আহিল।
মানুহজনে দুৰ্বল মাতেৰে বাহিৰৰ মানুহৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিলে— "আমি নিজে ধৰা দিছো। আমাক মাৰি পেলাওক।"
পতি-পত্নীয়ে যিসকল লোকৰ সমুখত ধৰা দিছিল, তেওঁলোকে ভাবিছিল— "আমাৰ ধৰ্মত জীৱ হত্যা মহাপাপ।"
তেওঁলোক আটাইকেইজন জৈন আছিল। সেয়ে তেওঁলোকে নিজৰ মাজতে আলোচনা কৰি পতি-পত্নী হালক কাষৰীয়া চুবুৰীৰ ৰাইজৰ হাতত বিহিত ব্যৱস্থাৰ বাবে গতাই দিছিল।
১৮ জানুৱাৰী, ২০২৩
No comments:
Post a Comment