Thursday, November 23, 2023

এই চহৰ

—বিতোপন গগৈ

এই চহৰলৈ আকৌ আহিলো
তোমাক এবাৰ চাই যাওঁ বুলি
মোৰ দুচকুৰ টোপনি কঢ়া
এই চহৰলৈ দুনাই নাহো বুলিও
বাৰে বাৰে আহো 
মাথো তোমাক চাবলৈ

এই চহৰত মানুহ কম
যন্ত্ৰ বেছি
এই চহৰৰ হৃদয় নাই
আছে মাত্ৰ মগজু

এই চহৰত মানুহে খোজ নাকাঢ়ে
মানুহ উৰে
আৰু উৰাত অসুবিধা দিয়ে বাবেই
এই চহৰৰ গছবোৰ কাটি পেলোৱা হয়

এই চহৰত শ শ আকাশ চোৱা অট্টালিকা
এই চহৰতে কাৰোবাৰ বাবে পদপথতো নাথাকে ঠাই  
এই চহৰৰ পদপথত আলু বেঙেনা কবি লৈ
পাহাৰৰ বাই কেইজনী বহে
এই চহৰে সিহঁতক উচ্ছেদ কৰে
আলু বেঙেনা কবি নৰ্দমাত পৰি থাকে

উচ্ছেদিত শিশুৰ চকুলোত
নিতিতে এই চহৰৰ চকু
সোণালী পানীয়ইহে উমাল কৰে
এই চহৰৰ বুকু

এই চহৰত পদপথৰ মাছবোৰ 
ফেনাইলত উপঙে
আৰু মানুহবোৰে
দুৰ্জয় দত্তৰ অট'গ্ৰাফৰ বাবে হামৰাও কাঢ়ে

এই চহৰে যিমান দিয়ে
লয় তাতকৈ বেছি
এই চহৰে ভাত দিয়ে
অনুভূতিবোৰ মাৰি নিয়ে

এই চহৰতে তোমাক হেৰুৱাওঁ
এই চহৰতে তোমাক বাৰে বাৰে পাওঁ

৭ জানুৱাৰী, ২০২৩

No comments:

Post a Comment