মূলঃ মনীষ আজাদ
অনুঃ বিতোপন গগৈ
এয়া কিতাপবোৰ কণ্ঠস্থ কৰাৰ সময়
কাৰণ কিতাপবোৰ জ্বলোৱাৰ আদেশ
যিকোনো সময়তে আহি যাব পাৰে,
স্বৈৰতান্ত্ৰিকে জানে
ভৱিষ্যৎ জ্বলাবলৈ
কিতাপ জ্বলোৱাটো প্ৰয়োজনীয়।
এয়া গীতবোৰ মনত ৰখাৰ
আৰু সমবেত হৈ গোৱাৰ সময়
কাৰণ গীতেই সেই আহ্বান
যাৰ দ্বাৰা আমি ভৱিষ্যতক আহ্বান কৰোঁ,
স্বৈৰতান্ত্ৰিকে এইটো জানে
সেয়ে সিহঁতে গীতবোৰ আমাৰ স্মৃতিৰ পৰা
লুপ্ত কৰিব বিচাৰে।
এয়া প্ৰেম কৰাৰ সময়
প্ৰেম কৰাটো সদায়ে
পৰম্পৰাৰ বিৰুদ্ধে বিদ্ৰোহ হৈ আহিছে,
সেয়ে প্ৰতিজন স্বৈৰতান্ত্ৰিকে
প্ৰেমলৈ ভয় কৰে।
এয়া বাতৰি সমূহৰ সমুখ ভাগ নহয়
পাছফালটো ছোৱাৰ সময়,
কিয়নো স্বৈৰতান্ত্ৰিকে এতিয়া
বাতৰিত নিষেধাজ্ঞা নলগায়
বিপৰীতে তাত ধালি দিয়ে গৰল।
এয়া প্ৰশ্নবোৰ ৰক্ষা কৰা, গঢ়া আৰু
সেইবোৰ সকলোৰে মাজত
বিয়পাই দিয়াৰ সময়,
কিয়নো স্বৈৰতান্ত্ৰিকে জানে
যে এই প্ৰশ্নবোৰে
সিহঁতৰ উত্তৰৰ মায়াজাল
কৰি দিব পাৰে ফালি চিৰাচিৰ।
এয়া যুদ্ধ কৰি কৰি যুদ্ধ শিকাৰ সময়
কিয়নো স্বৈৰতান্ত্ৰিকে জানে যে
সিহঁত তেতিয়ালৈকেহে সুৰক্ষিত হৈ থাকিব
যেতিয়ালৈকে যুদ্ধৰ ওপৰত
সিহঁতৰ একচেতীয়া অধিকাৰ থাকিব!
২ আগষ্ট, ২০২৩
No comments:
Post a Comment