Saturday, November 25, 2023

গুলজাৰৰ জন্মদিনত তিনিটা কবিতাৰ অনুবাদঃ

অকলশৰে
মূলঃ গুলজাৰ
অনুঃ বিতোপন গগৈ

চোৱা বাটটো কিমান পোন, মসৃণ, পৰিষ্কাৰ
নাই কোনো গছৰ ছাঁ, নাই দেৱালৰ বাধা
নাই কোনো দৃষ্টিৰ আঘাত, নাই মানুহৰ মাত
দূৰ দূৰণিলৈ কোনো নাই, কোনো নাই, কোনো নাই

কেইটামান খোজৰ লগ কেতিয়াবা পোৱা হয় ক'ৰবাত
কিছু দূৰ সহযাত্ৰী হয় কেইটামান খোজৰ
তাৰপাছত হতাশ হৈ ভাগি পৰে এই বুলি কৈ
তোমাৰ নিসংগতা লৈ তুমি গৈ থাকা, নিসংগতা অকলশৰে
লগ দিবলৈ ইয়াত কোনো নাই, কোনো নাই

বাটটো কিমান পোন, মসৃণ, পৰিষ্কাৰ চোৱা।

যেতিয়া বৰষুণ দিয়ে পানীৰো গজি উঠে ভৰি
মূলঃ গুলজাৰ
অনুঃ বিতোপন গগৈ

যেতিয়া বৰষুণ দিয়ে পানীৰো গজি উঠে ভৰি
ঘৰ-দুৱাৰ খুন্দিয়াই পাৰ হৈ যায় পথ
আৰু উলাহতে জপিয়াই খলকনি তোলে
খেল জিকি অহা ল'ৰাবোৰৰ দৰে

চুবুৰীৰ ল'ৰাবোৰে যেতিয়া খেল জিকি আহে
কেনভাছৰ জোতা পিন্ধি ফুটবলটোৰ দৰে জপিয়াই
ঘৰ-দুৱাৰ খুন্দিয়াই পাৰ হৈ যায়
সেই পানীৰ দৰে খলকনি তুলি।

স্কেচ
মূলঃ গুলজাৰ
অনুঃ বিতোপন গগৈ

মনত আছেনে এদিন যে
মোৰ টেবুলত বহি বহি
চিগাৰেটৰ পেকেটত তুমি
এটা স্কেচ আঁকিছিলা

চোঁৱাহি
সেই গছজোপাত ফুলিছে ফুল!

১৮ আগষ্ট, ২০২৩

No comments:

Post a Comment