Tuesday, January 26, 2021

বাকী থাকি গ'ল আলুগুটি

মূলঃ বাবা নাগাৰ্জুন
অনুবাদঃ বিতোপন গগৈ

ভাৰত মাতাৰ পাঁচজন পুত্ৰ, শত্ৰু আছিল নৃশংস
গুলি খাই এজন মৰিল, বাকী থাকিল চাৰিজন মাত্ৰ

ভাৰতমাতাৰ চাৰিজন পুত্ৰ, সুচতুৰ আৰু অভিজ্ঞ
দেশ ভাঙিলে পালে এজনে, বাকী থাকিল তিনিজন মাত্ৰ

ভাৰতমাতাৰ তিনিজন পুত্ৰ, লাগিল সিহঁতৰ দ্বন্দ্ব
এজন গ'ল আঁতৰি, এতিয়া থাকিল দুজন মাত্ৰ

ভাৰতমাতাৰ দুজন পুত্ৰ, এৰিলে পুৰণি সম্পৰ্ক
গাদীত এজন বহিল, বাকী থাকি গ'ল এজন মাত্ৰ

ভাৰতমাতাৰ এজন পুত্ৰ, কান্ধত তেওঁৰ পতাকাৰ লাঠি
শান্তিৰক্ষকে জেলত ভৰালে, বাকী থাকি গ'ল আলুগুটি!

২৭ ডিচেম্বৰ, ২০২০

খেতিয়ক

মূলঃ গৌহৰ ৰাজা
অনুবাদঃ বিতোপন গগৈ

তহঁতে খেতিয়কক ৰাজপথলৈ লৈ আনিলি
এতিয়া তেওঁলোক প্ৰচণ্ড বান
আৰু এই বানক খেৰ-কুটাৰে ৰখাব নোৱাৰিবি। 

এই যে তেওঁলোক ৰাজপথত আছে
নিজৰ খেতিমাটি দৰা এৰি থৈ আহিছে
ভৰিৰ শিকলি চিঙি আহিছে
ধানৰ সুগন্ধৰ শপত খাইছে
আৰু মাটিক কথা দি আহিছে
যে জয়ী হ'লেহে ঘূৰি যাব। 

তহঁতৰ আগতো অত্যাচাৰী বহুত আহিছিল
তহঁতৰ আগতো ধূৰ্ত বহুত আহিছিল
তহঁতৰ আগতো বেপাৰী বহুত আহিছিল
তহঁতৰ আগতো লুণ্ঠনকাৰী বহুত আহিছিল
যাৰ চেষ্টা আছিল
সমুদায় খেতিৰ ফচল বিনামূল্যে
নিজৰ মালিকৰ ওচৰত বন্ধকত ৰখোৱা
সিহঁতৰ ভাগ্যত পৰাজয়েই পৰাজয় আছিল
আৰু তহঁতৰ কপালতো মাত্ৰ পৰাজয়েই লিখা আছে। 

তহঁত যে গাদীত বহিলি, খোদা হৈ গ'লি
তহঁতে ভাবিছ যে তহঁত আজি ভগৱান
তহঁতক কোনে দিলে অধিকাৰ
তেজেৰে সকলোৰে ভাগ্য লিখ আৰু লিখি থাক। 

যদি পৃথিৱীত ভগৱান আছে, কোনোবা ক'ৰবাত
তেন্তে সেইজন খেতিয়ক
তেওঁৱেই দেৱতা, তেওঁৱেই খোদা
আৰু সেই দেৱতা
নিজৰ খেতিৰ মন্দিৰৰ দুৱাৰদলি এৰি থৈ
আজি ৰাজপথত
মৰিবলৈ সাজু হৈ হাতত পতাকালৈ
সমগ্ৰ মানৱজাতিৰ স্বত্তাধিকাৰী
আজি ৰাজপথত। 

শাসকহঁত জানি ল, স্বেচ্ছাচাৰীহঁত শুনি ল
তেওঁলোকে নিজৰ ভাগ্য ৰাজপথত লিখিব এতিয়া
ক'লা আইনৰ যি কফিন কাপোৰ আনিছ
ফালি-চিৰি সেয়া সিচঁৰিত চৌদিশে
এই টুকুৰাবোৰক সাতোৰঙেৰে ৰঙীন কৰি
অনাগত ভৱিষ্যতৰ ইতিহাসো
ৰাজপথতেই এতিয়া লিখা হ'ব। 

তহঁতে খেতিয়কক ৰাজপথলৈ লৈ আনিলি
এতিয়া তেওঁলোক প্ৰচণ্ড বান
আৰু এই বানক খেৰ-কুটাৰে ৰখাব নোৱাৰিবি।

Friday, January 22, 2021

ৰাজপথত খেতিয়ক

মূলঃ জেচিন্তা কেৰকেট্টা
অনুঃ বিতোপন গগৈ

কিয় অন্নদাতাই ৰাজপথত শেষ নিশ্বাস এৰিব
গাঁৱৰ পৰা আহি তেওঁলোকে
তোমাৰ চহৰ আগুৰিব

তোমাৰ দেহত লাখটকীয়া চ্যুট
তেওঁলোকৰ বাবে নাই পিয়াহৰ পানী এঘোট

কাৰ জেপ ভৰাবলৈ 
খেতিয়কৰ তুমি পেট কাটিছা
সকলোৱে জানে গোপনে গোপনে
কাৰ কাৰ ভৰি চেলেকিছা
কিয় তোমাৰ লগত আজি তেওঁলোকে নুযুঁজিব

মূৰ্তি বগৰাই বগৰাই
বাগৰি পৰিল যি নিজৰ ভিতৰত
খেতিয়ক সমাজে পুনৰ তেওঁক
জনতাৰ কাঠঘৰাত থিয় কৰাব।

২১ জানুৱাৰী, ২০২১