Tuesday, October 25, 2022

বৰষুণ

মূলঃ কিতাবগঞ্জ
অনুঃ বিতোপন গগৈ

"তুমি যদি গুচি যোৱা
কেনেকৈ থাকিম তোমাৰ অবিহনে?"

প্ৰশ্নটো ইমান সৰলতাৰে
সুধিলে যে—

সেই নিৰ্বাক মেঘ স্তব্ধ হৈ গ'ল
সেই পথতে বৰষুণ হৈ সৰি পৰিল
সেই চহৰতে থাকি গ'ল।

(যেতিয়া মেঘে চহৰখনৰ খবৰ সুধি
পাৰ হৈ যাবলৈ ধৰিছিল)

নৈ

বিতোপন গগৈ

সিদিনা বেলিটো অস্তাচলত লুকাই পৰিছিল
আৰু নৈখনৰ বুকুত লিখি গৈছিল
হেঙুলীয়া কবিতা এটা

নৈখনে বুকুত কঢ়িয়াই লৈ ফুৰিছিল এটা অভিশাপ
কোনো দেৱীয়ে উদ্ধাৰ কৰি পৰা নাই নৈখনক

বুকুখনে সকলো সামৰি-সুতৰি
ক্ৰমাৎ শিল হ'বলৈ আৰম্ভ কৰিছিল

দেৱ-দেৱীবোৰ অভিশাপৰ বাহক হৈছিল
বেলিৰ কবিতাটো বুকুত সামৰি

নৈখনে দুখৰ গান এটা ৰু ৰুৱাইছিল
আৰু মই গানটো নুবুজি
হাঁহি হাঁহি শুনি আছিলো

(ফটো এখনৰ এশৰীয়া কেপচন এটা দিবলৈ গৈ কিবাকিবি লিখি পেলাইছিলো)
১২ অক্টোবৰ, ২০১৯

গান্ধী

মূলঃ কিতাবগঞ্জ   
অনুঃ বিতোপন গগৈ

গান্ধীক শেষ কৰিবলৈ
তোমাক অসীম সময় লাগিব।

তেওঁৰ মহত্ব কমাবলৈ
বছৰ বছৰ চেষ্টা কৰি আছা তুমি।

কিন্তু প্ৰতিবাৰেই তেওঁ উভতি আহি আছে
এই প্ৰতিৰোধৰ বিৰুদ্ধে যুঁজি যাবলৈ।

তেওঁ লুথাৰ কিং হৈ যুঁজিলে
কৃষ্ণাংগসকলৰ অধিকাৰৰ বাবে।

তেওঁ নেলচন হৈ
গণিলে আফ্ৰিকাৰ কাৰাগাৰৰ দেৱাল।

যেতিয়া ইন্দিৰাই প্ৰত্যাহ্বান জনাইছিল
গণতন্ত্ৰৰ বুনিয়াদক
তেওঁ জনগণ হৈছিল ইয়াক বচাবলৈ।

হাতত পতাকা লৈ 
তেওঁ আজিও ঠিয় দি আছে
কোনোবা বিশ্ববিদ্যালয়ৰ চৌহদত
স্বৈৰতন্ত্ৰক বাধা দিবলৈ।

এতিয়াও গান্ধীক শেষ কৰিবলৈ
তোমাক অসীম সময় লাগিব।

২ অক্টোবৰ, ২০২২

কবিতা

মূলঃ মাৰৱান মখখুল   অনুবাদঃ বিতোপন গগৈ

মই এটা কবিতা লিখিব বিচাৰো
য'ত ৰাজনীতি নাথাকিব

তাৰ বাবে মই শুনিব লাগিব
চৰাইবোৰৰ গান

আৰু চৰাইবোৰৰ গান শুনিবলৈ
আটাইতকৈ জৰুৰী
যুঁজাৰু বিমানবোৰৰ
কৰ্কশ শব্দ
নোহোৱা হোৱাটো!

(মাৰৱান মখখুল পেলেষ্টাইনী কবি)
৩০চেপ্তেম্বৰ, ২০২২

ভগত

মূলঃ কিতাবগঞ্জ
অনুবাদঃ বিতোপন গগৈ

ব্ৰিটিছৰ চিপজৰীৰে নহ'লেও
কোনোবা গণতন্ত্ৰত তই
চৰকাৰী গুলিত মৰিলিহেঁতেন

ভগত
বৰ বিপদজনক তোৰ ভালপোৱা
কোনো যুগৰে চৰকাৰেই
তোক জীয়াই থাকিবলৈ
এৰি দিব নোৱাৰে!

২৮ চেপ্তেম্বৰ, ২০২২